Gastritis বা অম্ল বা টেঙা
ইয়াৰ কাৰণ :--
সাধাৰণতে অম্লৰোগ বা পাকস্থলীত বেছি মাত্ৰাত অম্ল নিঃসৰণৰ কাৰণে অম্লৰোগ বা Gastritis হয়।
বহুতে কিন্তু Gastritis বা gastric ulcers একে ধৰণৰ ৰোগ বোলি ধাৰণা কৰে। কিন্তু তেনে ধাৰণা ভুল। যদিওবা দুয়োতা ৰোগৰ কাৰণ এক তথাপি দুয়োতা বেলেগে বেলেগে ৰোগ। অৱশ্যে এই কথা ঠিক যে দীৰ্ঘ সময়ৰ বাবে Gastritis ত ভুগিলে পাছলৈ সি gastric ulcers ৰোগলৈ পৰিৱৰ্তিত হব পাৰে।
এতিয়া প্ৰশ্ন হল, ইয়াৰ প্ৰকৃত কাৰণ কি? Anatomy study ৰ পৰা আমি পাওঁ যে পাকস্থলীৰ বিভিন্ন গন্থীৰ পৰা নানা ধৰণৰ ৰস নিঃসৰণ হৈ থাকে। তাৰ মাজৰ এটি ৰস হল hydrochloride acid, জিৰ নেকি আমাৰ খোৱা দ্ৰব্য সমূহ হজম হোৱাত সহায় কৰে।
কিন্তু যদি পাকস্থলীৰ এই ৰস নিঃসৰণ কাৰি গন্থীসমূহ উত্তেজিত হয় তেন্তে সেইসমূহে অনিয়মিত বা বেছি পৰিমানে ৰস নিঃসৰণ কৰিবলৈ ধৰে। আৰু এনে পৰিণতিত বেছি অম্লৰ কাৰণে অম্লৰোগ বা Acidity হবলৈ বাধ্য হয়।
এই Acidity ৰ পৰৱৰ্তী পৰ্যায়ত বা পৰিণতিত পাকস্থলীৰ জ্বলন বা Gastritis আৰম্ভ হয়। উত্তেজক দ্ৰব্য যেনে মদ বা alcohol জাতীয়ই প্ৰধান কাৰণ।
দীৰ্ঘদিন ধৰি এই ৰোগত আক্ৰান্ত হৈ থাকিলে অৱশেষত সিয়েই gastric ulcers বা পাকস্থলীৰ ক্ষত ৰোগলৈ ৰূপান্তৰ হয়।
এতিয়া প্ৰশ্ন হল, এই পাকস্থলীৰ গন্থী সমূহৰ অতিৰিক্ত উত্তেজনা কিয় হয় ? বা কেনেকৈ হয়।
ইয়াৰ কাৰণ সমূহ হল -
১. মদ্যপান, বা অতিমাত্ৰা চাহ, কফি, কক আদি খোৱা।
২. অতিৰিক্ত অম্ল যুক্ত খাদ্য গ্ৰহণ।
৩. দীৰ্ঘ দিনধৰি নিয়মিত গ্ৰহণী ৰোগত ভোগা।
৪. অনিয়মিত বা অত্যধিক aspirin জাতীয় ঔষধ সেৱন কৰা।
যি কাৰণতেই এই ৰোগ নহওক কিয়, লগে লগে ভাল চিকিৎসাৰ প্রয়োজন।
পুৰণি Gastritis ৰোগত ( chronic Gastritis ) প্লীহা, লিভাৰ বা যকৃত, kidney আদিতো ৰোগৰ সৃষ্টি হব পাৰে।
ইয়াৰ লক্ষণ সমূহ :--
সাধাৰণতে এই ৰোগক দুটা প্ৰধান ভাগত বিভক্ত কৰা হয়।
১. New Gastritis বা Acute Gastritis.
২. Chronic Gastritis.
1. নতুন ৰোগৰ লক্ষণ :--
বমিৰ ভাব বা বমি হয়। পেটৰ বিষ আৰু জ্বলন, অনবৰতে ঠাণ্ডা পানী খাবলৈ ইচ্ছা গৈ থকা, পানী বেছি সময় পেটত নথকা, পেটত হেঁচা দিলে বিষ অনুভৱ, সকলো সময়তে পেট ভাৰী ভাৰী বোধ, মুখত বেয়া স্বাদ, জিভাত বগা বা হালধীয়া প্ৰলেপ, অৱসন্ন ভাব প্ৰভৃতি এই ৰোগৰ মূল লক্ষণ।
2. পুৰণি ৰোগৰ লক্ষণ :--
ওপৰত উল্লেক্ষিত সকলো বোৰ লক্ষণ ইয়াত থাকে। সেয়েহে এই ৰোগ ধীৰে ধীৰে দ্বিতীয় পৰ্যায়লৈ গতি কৰে বা অগ্ৰসৰ হয়। ৰোগৰ প্ৰথম অৱস্থাত সামান্য চিকিৎসা কৰি বন্ধ কৰিলেও এনে হোৱা দেখা পোৱা যায়। প্ৰায়ে এনে ৰোগত বহুদিনৰ পৰা পেটত সামান্য বিষ হৈ থাকি হঠাতে বেছি বিষ আৰম্ভ হব পাৰে।
ভোক নলগা, পেট উখহা, অত্যন্ত পিয়াহ লগা, হাত ভৰিত জ্বলন প্ৰভৃতি নানান ধৰণৰ লক্ষণ ইয়াৰ লগত জড়িত থাকিব পাৰে। বমি বমি ভাব আৰু বমি ইয়াৰ প্ৰধান লক্ষণ।
এই ৰোগ জটিল। সেয়েহে অবিলম্বে চিকিৎসা কৰাৰ প্ৰয়োজন।
এটা কথা সদায় মনত ৰখা উচিত যে, যদি পুৰণি Gastritis ৰোগ হয়, আৰু তাৰ উপযুক্ত চিকিৎসা কৰা নহয়, তেন্তে অবিলম্বে সি gastric ulcers হব পাৰে।
চিকিৎসা বা Treatment :--
অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰায়, নিৰ্ধাৰিত সময়লৈকে ঔষধ পাতি ব্যৱহাৰ কৰাটো বাঞ্ছনীয়।
আনুসংগিক ব্যৱস্থা :--
যিবোৰে খাদ্য খালে বা গ্ৰহণ কৰিলে পেটত অম্ল বা টেঙা পানীৰ সৃষ্টি হব পাৰে তেনে খাদ্য বৰ্জন কৰা অত্যন্ত দৰকাৰ। অতিৰিক্ত মছলা যুক্ত খাদ্য, মাংস মদ, কফি, তেলত ভজা আদি খোৱা বৰ্জনীয়।
কিছুমান এনে খাদ্য আছে, যিবোৰ খালে পেটৰ অম্ল ভাগ কমি যায়। যেনে- গাখীৰ, শুকান মুড়ি, আধা সিজা কণী। এই বোৰ খোৱা উচিত। ডাব নাৰিকলৰ পানী বেছ উপকাৰী।
গাখীৰ এই ৰোগৰ কাৰনে এবিধ উৎকৃষ্ট ঔষধত দৰে। পেটৰ জ্বলন হলেই ঠাণ্ডা গাখীৰ খাব লাগে। অৱশ্যে বৰ বেছিকৈ নহয়। প্ৰতিবাৰে অলপ অলপকৈ খোৱা উচিত।
তেলত ভজা বা ফ্ৰাই কৰা বস্তু নাখাই, অলপ সিজোৱা বস্তু নিমখ আৰু মাখন লগাই খোৱাটো উপকাৰী। ইয়াত পেটৰ জ্বলন নহয়। আৰু ৰোগ ক্ৰমে নিৰাময় হবলৈ ধৰে।
ভাত আৰু মাছৰ জোল আদি এনে ৰোগীৰ বাবে উপকাৰী। লুচী, পৰঠা, পুৰি আদি বৰ্জনীয়। পাতলীয়া ফলৰ ৰস উপকাৰী।
১. মাজে মাজে, অলপ অলপকৈ খোৱা উচিত। একেবাৰে পেটভৰাই খোৱা অনুচিত।
২. অনিয়ম, অনাহাৰ, অত্যাচাৰ, ৰাতিজাগা, আৰু মাদক দ্ৰব্য আদি বৰ্জনীয়।
৩. খোৱাৰ পিছত কিছু সময় বিশ্বামৰ প্রয়োজন, তাৰ পিছত অলপ পানী খোৱা ভাল।
৪. কিছু দিনলৈকে টান পৰিশ্ৰমৰ পৰা আঁতৰি থকা ভাল।
Comments
Post a Comment