Black water fever
মেলেৰিয়া পেৰাচিতৰ পৰাই এই ৰোগ আৰম্ভ হয়। দীৰ্ঘ দিন ধৰি মেলেৰিয়াত ভুগিলে এই ৰোগ হোৱাৰ আশঙ্কা বাঢ়ি যায়।
এই ৰোগত আক্ৰান্ত ৰোগীৰ মেলেৰিয়াত কৈ বেছি জ্বৰ হোৱা দেখা পোৱা যায়। তাৰ লগে লগে শৰীৰৰ তেজৰ কণিকা সমূহৰ ধংশ হবলৈ ধৰে আৰু তেজৰ কণিকা সমূহৰ ভাঙোন আৰম্ভ হয়। বিষাক্ত সাপে কামুৰিলে যি দৰে দেহৰ ৰক্ত কণিকা সমূহ ভাগি ৰোগীৰ মৃত্যু হয় ঠিক তেনেদৰে এই ৰোগতো ৰোগীৰ মৃত্যু হব পাৰে। অতিপাত জ্বৰ হয় যদিও এই ৰোগৰ প্ৰাথমিক ভাবে ৰক্ত হুইনয়তাহে প্ৰকৃত লক্ষণ।
লক্ষণ সমূহ :---
১. সাংঘাতিক ভাবে কঁপনিৰে সৈতে জ্বৰ উঠা আৰম্ভ হয়।জ্বৰ অতিমাত্ৰাত বাঢ়ি গৈ থাকে। জ্বৰ ১০৫ ৰ পৰা১০৭* ডিগ্ৰী পর্যন্ত উঠিব পাৰে।
২. জ্বৰৰ লগে লগে বমি, মূৰৰ বিষ, প্রলাপ বকা, ভোক একেবাৰে কমি যোৱা, পিত্ত বমি আৰু শেষত কমা অৱস্থা পাব পাৰে। জ্বৰৰ লগে লগে মূৰৰ বিকাৰ চটফটনি আদি থাকে।
৩. জ্বৰ এৰাৰ পাছত জ্বৰ পুনৰ ঘূৰি ঘূৰি উঠিব পাৰে।
৪. প্ৰসাৱ কম হয়। প্ৰসাৱৰ লগত তেজ বা hemoglobin বাহিৰ হয়। জ্বৰ বাঢ়ি হলে অতিপাত ঠাণ্ডা বা জাৰ লাগে,কঁপনি উঠে আৰু গা জ্বলা পুৰা কৰে। প্ৰসাৱৰ ৰং প্ৰায় কলা ৰঙৰ হয়। সেয়েহে ইয়াক black water fever বোলা হয়। কেতিয়াবা আকৌ gallbladder ৰত জ্বলা পুৰা বা যন্ত্ৰণা হোৱা দেখা পোৱা যায়।
৫. শৰীৰৰ সকলো লোহিত ৰক্ত কণা red blood cells ক্ৰমান্বয়ে ভাগি গৈ থাকে। তাৰ ফলত সাংঘাটিক ধৰণে ৰক্ত হুইন্নতাই দেখা দিয়ে। তাৰ ফলস্বৰূপে ৰোগীৰ সম্পূৰ্ণ শৰীৰ বগা ঢেলঢেলিয়া হৈ পৰাটো এটি প্ৰধান উপসৰ্গ।
চিকিৎসা / Treatment :-----
অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সূচিকিৎসাৰ প্ৰয়োজন।
আনুকসংগিক ব্যৱস্থা সমূহ অন্য জ্বৰৰ দৰে প্ৰায় একেই, গতিক বেলেগে আলোচনা কৰা হোৱা নাই।
আগলৈ ক্ৰমশঃ
http://hengdang.blogspot.in
Comments
Post a Comment