স্বাস্থ্য
জ্বৰ বা fever
মানৱ শৰীৰত নানাবিধ বাহিৰা বীজাণুৰ প্ৰবেশৰ ফলতেই জ্বৰৰ উৎপত্তি হয়।চিকিৎসা বিজ্ঞানত মানৱ শৰীৰত শান্তি শৃংখলা ভংগ কাৰী বাহিৰা বীজাণুৰ বিৰুদ্ধে আমাৰ দেহৰ ৰক্ষাকাৰী প্ৰতিৰোধ শক্তিৰ প্ৰতিক্ৰিয়া বুলি কোৱা হয়।জ্বৰক আমাৰ শৰীৰৰ অনিষ্টকাৰী নোবোলি বৰং উপকাৰী বুলিহে গণ্য কৰিব পৰা যায়। কাৰণ জ্বৰে প্ৰমাণ কৰে যে আমাৰ দেহৰ ভিতৰত অনুপ্ৰৱেশকাৰী বীজাণুৰ সংখ্যাধিক্য ঘটিছে তথা শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বা immunity ৰ পৰাজয় হৈছে। অৰ্থাৎ দেহক অনতিপলমে জ্বৰ ৰ কাৰণ বিচাৰি উলিয়াই উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ প্ৰয়োজন।
গতিকে জ্বৰ হলেই তাৰ causecitive organism কি তাক সকলোতকৈ আগে পৰীক্ষা কৰাটো অতি প্ৰয়োজন।
প্ৰকৃততে জ্বৰৰ কোনো specific ঔষধ বা medicine নাই। অৱশ্যে brain ৰ thermogenic center ক প্ৰশমিত কৰি জ্বৰ কমাব পাৰি। কিন্তু আচলতে ইয়াক জ্বৰৰ প্ৰকৃত চিকিৎসা বুলি কব পৰা নাযায়। অথবা acidosis বন্ধ কৰাৰ কাৰণে alkaline mixture প্ৰকৃত জ্বৰৰ চিকিৎসা হব নোৱাৰে। পোন প্রথমে জানিব লাগিব যে কি কাৰণে জ্বৰৰ উৎপত্তি হৈছে।ইয়াৰ কাৰণে না না পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা আছে।
জ্বৰ নিৰ্ণয়ৰ প্ৰধান লক্ষণ সমূহ
1. আঘাত জনীত জ্বৰ
আমাৰ শৰীৰত আঘাত লাগিলে বা কোনো স্থানত ঘাঁ আদি থাকিলে ও জ্বৰ হব পাৰে। এনে পুৰণি আঘাত আদি থাকিলে প্ৰথমে চিকিৎসকক আঘাত স্থল পৰীক্ষা কৰোৱাটো অতি প্ৰয়োজনীয়।
আঘাতৰ কাৰণে জ্বৰ হলে তেজত বগা ৰক্ত কণা বৃদ্ধি পায়। neutrophil 80%, 90% হয়। পূঁজ থাকিলে তাক যদি পৰীক্ষা কৰা হয় তেন্তে ৰোগৰ বীজাণু পোৱা যায়।দূষিত ঘাঁ আদি থাকিলে জ্বৰ হোৱাটো এটা প্ৰধান লক্ষণ।
2. ছালৰ ওপৰত সৰু সৰু ঘামচিৰ দৰে দেখা গলে যদি সি ৰঙচুৱা হয় কিন্তু বসন্ত নহয় তেনেহলে তাক scarlet fever বুজায়।
3. ডিঙিত ঘাঁৰ সৈতে জ্বৰ হৈ উদ্ভিদ দেখা দিলে erythema dermatitis বুজায়।
4. ছালত সৰু সৰু ঘামচিৰ দৰে ঘাঁ আৰু উদ্ভিদ আদিৰ সৈতে জোৰ হলে শাম জ্বৰ বা বসন্ত measles বুজায়।ইয়াৰ লগত পানী লগা আৰু বুকুৰ বিষ থকাটো স্বাভাৱিক।
5. ছালৰ বাহিৰ অংশ ৰঙা পৰি আছে কিন্তু উদ্ভিদ নাই এনে হলে শৰীৰত কোনো বিষাক্ত পতঙ্গ বা প্ৰাণীয়ে কামুৰিছে নেকি পৰীক্ষা কৰা উচিত। কামোৰা জেগা দুখৰ নিলাভ দেখা যাব।
6. ছালৰ বাহিৰ অংশত ৰঙা পৰি জ্বৰৰ সৈতে মস্তিষ্কৰ বিকৃৰ্তি, ডিঙিৰ বিষ, বমি, পিছফালে হাউলি যোৱা, মুৰ সন্মুখলৈ বেকা কৰিব নোৱাৰা, এনে হলে মেনিনজাইটিছ meningitis হোৱা বুলি বুজিব লাগিব।
7. শৰীৰৰ কোনো কোনো অংশ ফুলি ৰক্তিমআভা থাকিলে আৰু সেই ঠাইত যদি কোনো আঘাত লগা থাকে তেন্তে তাক বিসৰ্প ৰোগ বা erysipelas বুজায়।
8. জ্বৰৰ লগত যদি শৰীৰৰ গ্ৰন্থি সমূহ ফুলি থাকে আৰু বিষ হয় তেন্তে এসময়ত তাক প্লেগ হোৱা বুলি গণ্য কৰা হৈছিল। দেহৰ হিৰাসমূহ বহল হৈ ফুলি উঠা আৰু ৰক্ত পৰীক্ষা কৰিলে positive হলে তাক ফাইলেৰীয়া Filariasis বুজায়।
9. তেজত eosinophils বৃদ্ধি পোৱা তথা কোনো বিশেষ বস্তু খালে অসয্য হোৱা বা কষ্ট পোৱা বা খজুৱতি ধৰা আদি হলে allergies বুজায়। ইয়াৰ কাৰণে তেজ পৰীক্ষা কৰা তো বাঞ্চনীয়।
10. কঁকালত অতিপাত বিষ, জ্বৰ, বসন্ত হৈছে বা বসন্ত হোৱা সময়ত ছালত ডাঙৰ ডাঙৰ জুলা বান্ধিছে তাক বৰ আই বা pox বুলি গণ্য কৰিব পাৰি। বৰ্তমান who মতে এই ৰোগ বিধ আমাৰ মাজত সজীৱ হৈ থকা নাই।
11. সঘনে জ্বৰ উঠা নমা আৰু ক্ষন্তেকতে ভীষণ জ্বৰ, গাৰ ছাল ৰঙা পৰা অথচ মেলেৰীয়াৰ বীজাণু যদি নাই তেন্তে তাক ডেংগুজ্বৰ dengue বুলি বুজিব লাগিব।
12. যৌনাঙ্গত ঘাঁ আৰু তাৰ লগত জ্বৰ যদি থাকে তেন্তে গনৰীয়া বা চিফিলিছ বুজায়।তেজ পৰীক্ষাত vdrl positive হলে তাক চিফিলিছ ৰোগৰ লক্ষণ বুলি গণ্য কৰা হয়।
13. মূত্ৰৰ লগত বেছি পৰিমানে hemoglobin থকাৰ কাৰণে যদি মূত্ৰ ৰঙা ৰঙৰ হয় তেন্তে back water feverহোৱা বুলি গণ্য কৰিব পাৰি। অৱশ্যে যদিহে ই মেলেৰিয়া বা কলাজ্বৰ নহয়।
14. মূত্ৰত hemoglobin নাই bile বেছি, তেজত যদি spirochete থাকে তেন্তে weils deases বুজায়।
15. মূত্ৰত গাখীৰ জাতীয় পদাৰ্থ মানে albumin বেছি থাকিলে proteinuria বুজায়।
16. জ্বৰ দৈনিক উঠা নমা বা জ্বৰ ক্ৰমশ বৃদ্ধি পালে বা 6/7 দিলেও জ্বৰ উপশম নহলে তাক Typhoid বা paratyphoid বুজায়। এই ৰোগত ৰোগীৰ জিহ্বা প্ৰায়ে লেলাৱতীযা হৈ থাকিব আৰু margin লাল দেখা যাব।
17. শৰীৰৰ বিশেষকৈ পিঠিত বিষ, গেথেলা মৰা ডাঙৰ ফুড়াৰ সহ জ্বৰৰ লক্ষণ থাকিলে carbuncle বুলি ধাৰণা কৰিব পাৰি।
18. বুকুৰ মাজত গড় গড় শব্দ, চৰ্দি কাঁহ আৰু বুকুৰ বিষ প্ৰভৃতি লক্ষণ থাকিলে bronchitis বা pneumonia হোৱা বুজায়। বুকুৰ শব্দ stethoscope জৰিয়তে পৰীক্ষা কৰি নিধাৰণ কৰিব পাৰি।
19. পুৰণি ঘাঁ আদি থাকিলে আৰু শৰীৰ বেকা হৈ যোৱা লক্ষণ প্ৰকাশ পালে বা দাঁতে দাঁতে চেপি ধৰি কঁপনি উঠিলে tetanus বুজায়।
20. যদি বুকুৰ ঘচ ঘচ শব্দ stethoscope ত শুনা যায়, জ্বৰ আগবেলা সদায় বৃদ্ধি পালে তাক pleurisy হোৱা বুলি গণ্য কৰিব পাৰি।
21. অত্যাধিক তাপ বা ৰদত থকাৰ বাবে যদি অকস্মাত প্ৰবল জ্বৰ হয় তেন্তে heat stock বুজায়।
22. বুকুৰ বিষ তথা জ্বৰ আৰু শৰীৰৰ মাজত বিশেষকৈ হৃদপিণ্ডৰ বিকলতাই দেখা দিলে, ভালকৈ বুকুৰ পৰীক্ষা কৰোৱাটো উচিত।সাধাৰণতে endocarditis হলে এনে হয়।
23. শৰীৰত ঘাঁ হৈ পূঁজ জমা হৈ জ্বৰ হলে তাক septic feverহোৱা বুজায়।
24. মূত্ৰল্পতা, মূত্ৰ গ্ৰন্থিৰ বিষ প্ৰভৃতি লক্ষণ থাকিলে পাঠৰী বা nephritis বুজায়। অৱশ্যে urine test আৰু ultrasonography কৰি খাটাং হব পাৰি।
25. শৰীৰ একেবাৰে অস্থিৰ বা জ্বলা পুৰা কৰা, হাড়ৰ ভিতৰত অতিপাত বিষ লগতে জ্বৰ থাকিলে তাক osteomyelitis বুজায়।
26. লালটি গ্ৰন্থি বেছি পৰিমাণে ফুলি যোৱা আৰু গাল উখহি গৈ খাবলৈ ববলৈ কষ্ট হলে তাক mums বা পিঠা খোৱা ৰোগ বুজায়।
27. সোঁ কান্ধত বিষ, সোঁ বুকুত বিষ আদি লগতে কেইবা সপ্তাহ জুৰি শুকান কাঁহ হৈ থাকিলে ই tuberculosis ৰ লক্ষণ। যদিহে T.B. নহয় তেন্তে hepatitis ও হব পাৰে। কিছু ক্ষেত্ৰত liverabccss তো এনে লক্ষন দেখা পোৱা যায়।
28. সোঁফালে নাভিৰ তলত, তলপেটত অতিপাত বিষ বেদনা লগতে জ্বৰ আৰু কেতিয়াবা বমিৰ ভাব ও থাকিব পাৰে, এই লক্ষণ সমূহ acute appendicitis ৰ লক্ষণ ।
29. সাধাৰণ পানী লগা জ্বৰ আৰু কাঁহ হলে তাক সাধাৰণতে simple fever for cold বুজায়।
30. নাড়ীৰ গতি বৃদ্ধি, হৃদপিণ্ডৰ ঘৰ ঘৰ বা শব্দ বুকুৰ বিষ তথা শৰীৰৰ গাঁঠিয়ে গাঁঠিয়ে বিষ বেদনা হলে বাত জ্বৰৰ লক্ষণ বুলি বুজিব লাগিব। rehumatic fever.
31. শ্বাসনলীত বগা পৰ্দা পৰা, শ্বাসকষ্ট হোৱা, গিলোতে কষ্ট পোৱা আৰু ডিঙিৰ ভিতৰত অসহ্য বিষ আদি diphtheria ৰোগৰ লক্ষণ।
32. নিয়মিত ৰূপে সন্ধ্যা সময়ত জ্বৰ, পুৱা জ্বৰ নথকা, বুকুৰ বিষ আৰু কাঁহ কেতিয়াবা হাওঁফাওঁ জ্বলা পুৰা অনুভব হলে যক্ষ্মা ৰোগ বুলি ধৰিব পাৰি। অৱশ্যে বুকুৰ X-ray আৰু sputum পৰীক্ষা কৰি খাটাং হব পাৰি।
33. চেগা সুৰুগাকৈ জ্বৰ লগতে বেঙুনীয়া ৰঙৰ উদ্ভিদ দেখা পোৱা গলে আৰু নিগনি বা এন্দুৰে কামুৰিছিল তেন্তে তাক rat bite fever বুলি কোৱা হয়।
Comments
Post a Comment