Erysipelas / ইৰিচপেলাছ

ইয়াৰ কাৰণ :---
      ইও এটি অতি ভয়ানক ৰোগ। শৰীৰৰ কোনো স্থানত কাটিলে বা পুৰিলে সেই ঘাঁ গেলিগৈ সেই অংশটো staphylococci বা streptococcus নামৰ বীজাণুৱে প্ৰবেশ কৰি এই ৰোগৰ সৃষ্টি কৰে। মুখত এই ৰোগ বেছি হোৱা দেখা যায়। শৰীৰৰ ছাল ফুলি উঠে আৰু ৰঙা পৰে। তাৰ লগত অত্যন্ত বিষ বেদনা থাকে। প্ৰায়ে এই ৰোগত ঘাঁ পকি গেলি পচি যোৱা অতি খৰ গতিত আৰম্ভ হয়। সেয়েহে এই ৰোগক পচনশীল gangrenous বোলা হয়। যদি অতি সোনকালে চিকিৎসা আৰম্ভ কৰা নাযায় তেন্তে ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে।

ইয়াৰ লক্ষণ :---
       প্ৰথম অৱস্থাত ৰোগ আৰম্ভ হওঁতেই গা মূৰৰ বিষৰ সৈতে ঠাণ্ডা বা জাৰ লাগিব ধৰে। সামান্য ভাবে জ্বৰ আৰম্ভ হয়। আক্ৰান্ত স্থান ফুলি উঠে আৰু ৰঙা পৰিবলৈ আৰম্ভ কৰে।
          ইয়াৰ পিছতেই কঁপনি উঠি জ্বৰ আৰম্ভ হয় আৰু ই ক্ৰমাত বাঢ়ি গৈ শীৰ্ষ অৱস্থা পালে ৰোগীয়ে প্রলাপ বকিবলৈ আৰম্ভ কৰে। আক্ৰান্ত স্থান ফুলি ৰঙা পৰে আৰু প্ৰচণ্ড বিষ আৰম্ভ হয়, হাতেৰে চুই চালে সেই স্থানত গৰম অনুভৱ কৰিব পৰা যায়।
         ইয়াৰ লগে লগে ঘাঁ সমূহত পূঁজ জমা হয়। তাৰ ফলস্বৰূপে heart ৰ Endocarditis হাওঁফাওঁ আদিত নানান কুলক্ষণ দেখা দিয়ে।
          তৎকালীন ভাবে চিকিৎসা নহলে ৰোগ ক্ৰমে বেয়াৰ ফালে ঢাল খাই আৰু শেষত ৰোগীয়ে মৃত্যু বৰণ কৰে।

চিকিৎসা / Treatment :---

         অভিজ্ঞ আৰু দক্ষ চিকিৎসকৰ দ্বাৰা পৰীক্ষা নিৰীক্ষাৰ কৰাই তৎকালীন ভাবে চিকিৎসা আগবঢ়োৱা অতি গুৰুত্বপূৰ্ণ। ইয়াত প্ৰধানকৈ  Broad spectrum জাতীয় Antibiotic  কেৰে চিকিৎসা আৰম্ভ কৰাতো অত্যাৱশ্যকীয়।

আনুসংগিক ব্যৱস্থা :---

     এই ৰোগৰ আনুকসংগিক ব্যৱস্থা সমূহ অন্য জ্বৰৰ দৰে প্ৰায় একে, কিন্তু ৰোগীৰ খোৱা লোৱাৰ ক্ষেত্ৰত অলপ চকু দিয়া আৱশ্যক, পৰা পক্ষত ৰোগীক টেঙা, দৈ, অধিক মছলা যুক্ত আহাৰ নিদিয়াই ভাল।
-----------------##---------------
আগলৈ ক্ৰমশঃ

http://hengdang.blogspot.in  লিখনিৰ সবিশেষ জানিবৰ বাবে এই links চাব পাৰিব।

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms