Glandular Fever বা গন্থীজ্বৰ
ইয়াৰ কাৰণ :---
এক ধৰণৰ virus জাতীয় বীজাণু এই ৰোগৰ মূল কাৰণ। ( Epstein- Barr virus ). এই ৰোগত শিশু সকলক বেচিকৈ আক্রান্ত হোৱা দেখা পোৱা যায়। ইয়াক মামছ বুলিও কব নোৱাৰি যিহেতু মামচত কেৱল parotid gland হে আক্রান্ত হয়। এই ৰোগত ভোগা ৰোগীৰ প্ৰায়ে cervical gland আক্ৰান্ত হয়।
ইয়াৰ লক্ষণ :---
ই অতি সাংঘাতিক ৰোগ। অতিপাত জ্বৰ হয়। এই জ্বৰ ১০২* ৰ পৰা ১০৩/১০৪* পর্যন্ত উঠিব পাৰে। ডিঙি ৰঙা পৰে, ডিঙি আদিৰ গন্থীসমূহ ফুলি উঠা আৰু অতিমাত্ৰা বিষ হব পাৰে। spleen আৰু liver দুয়োটাই বাঢ়ি যায়। জ্বৰ বেছি দিন নাথাকে।কিন্তু কিছু গ্ৰন্থিৰ বৃদ্ধি ২/৩ সপ্তাহ পৰ্যন্ত থাকিব পাৰে। আৰু ফুলি থকা গন্থীসমূহত বিষ থকাতো স্বাভাৱিক।
কোনো কোনো শিশুৰ ৰোগ এৰি গলেও পুনৰবাৰ ৰোগাক্ৰান্ত হোৱা দেখা পোৱা যায়। সেয়েহে যি সকল শিশুৰ এবাৰ এই ৰোগ হয় সেই সকলক সাৱধানে ৰখা উচিত।
ৰোগৰ লক্ষণ দেখাৰ লগে লগে যদি উপযুক্ত চিকিৎসা প্ৰদান কৰা নহয় তেন্তে গন্থী সমূহ পকি উঠে আৰু অন্যান্য বিপদজনক লক্ষণ সমূহ প্ৰকাশ পায়।
ইয়াৰ চিকিৎসা / Treatment
ৰোগ নিৰ্ধাৰণ কৰি দক্ষ আৰু অভিজ্ঞ চিকিৎসকৰ দ্বাৰা যাৱতীয় চিকিৎসা আগবঢ়াব।
আনুষংগিক ব্যৱস্থা :---
শৰীৰৰ যিবিলাক গন্থী ফুলি থাকে তাত Belladonna plaster প্ৰয়োগ কৰিব পৰা যায়। অন্য আনুকসংগিক ব্যৱস্থা সমূহ অন্য জ্বৰৰ দৰেই।
---------------##-------------
আগলৈ ক্ৰমশঃ
Comments
Post a Comment