বহু ব্যাপক চৰ্দি বা Influenza

চৰ্দি বা influenza ৰ কাৰণ :-

এবিধ বিশেষ virus ৰ আক্রমণৰ বাবেই চৰ্দি জ্বৰ বা ইনফ্লুয়েঞ্জা ৰোগ হয়। এই virus ৰ মাজতো শ্ৰেণী বিভাগ আছে। আজি পর্যন্ত A,B, আৰু C এই তিনি জাতীয় virus পোৱা গৈছে। ইয়াৰ উপৰিও ইয়াৰ লগত strepto, pneuno, staphylo প্ৰভৃতিৰ সংক্ৰমণ ও হব পাৰে। এই virus সমূহ অতি সংক্ৰামক। অকতস্মাত ঠাণ্ডা লগা বা অনিয়ম প্ৰভৃতি এই ৰোগৰ গৌণ কাৰণ। ইয়াৰোপৰি ই বহু সময়ত epidemic বা মহামাৰী ভাবে দেখা দিব পাৰে।এই ৰোগ বৰ সহজেই এজনৰ গাৰ পৰা অন্য এজনৰ গালৈ বিস্তাৰিত হোৱা দেখা পোৱা যায়।

লক্ষণ সমূহ :-

বীজাণু দেহত প্ৰৱেশ কৰাৰ পাছত দেহত বিজবিজুৱা যেন লাগিব পাৰে। হাত ভৰিত বিষ ধৰা যেন অনুভৱ হয়। incubation ৰ সময় একৰ পৰা তিনি দিন পর্যন্ত।
      অকতস্মাত  অলপ ঠাণ্ডা লাগি জ্বৰ আৰম্ভ হয়। মুৰ কঁকাল চকুত খুব যন্ত্ৰণা হয়, কেতিয়াবা বমি ও হয়। তাৰ লগে লগেই পানী লগা আৰু কাঁহৰ লক্ষণ থাকে। bronchitis ৰো লক্ষণ দেখা দিব পাৰে।শৰীৰৰ ভিতৰত কোমল অংশ সমূহ আক্ৰান্ত হয়। জ্বৰ খুব বেছি হয় ১০২* পৰা ১০৪/৫ পৰ্যন্ত হব পাৰে।

চিকিৎসা
( পাঠক সকললৈ বিনম্ৰ অনুৰোধ, ওষধীঅ ব্যৱস্থা প্ৰদান কৰিব নোৱাৰাৰ বাবে দুঃখিত)

চিকিৎসকৰ পৰামৰ্শ অনুযায়ী যাবতীয় ওষধ ব্যৱহাৰ কৰাৰ পাছতো হয়তো মাজে মাজে ঘাম ওলায়, জ্বৰ এৰিব যেন লাগে কিন্তু জ্বৰ নেৰে, হৃদপিণ্ড খুবেই দুৰ্বল হয়। তিনি চাৰি দিন অথবা সপ্তাহটোৰ ভিতৰত ৰোগীক প্রায় আধা মৰা কৰি দিয়ে। কেতিয়াবা পেটৰ অসুখ কেতিয়াবা উডৰামই, বুকুৰ ধৰ ফৰণি লক্ষনে দেখা দিয়ে। মূৰৰ বিকাৰ হয়, প্রলাপ বকিব পাৰে।প্ৰায়ে টোপনি যোৱাৰ দৰে পৰি থাকে।কেতিয়াবা কেতিয়াবা এই ৰোগ মহামাৰী ৰূপেৰে দেখা দিয়ে আৰু ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে।

আনুষংগিক ব্যৱস্থা-
১. বুকু পিঠি হাত ভৰি আদিত কপুৰ মিহলোৱা সৰিয়হৰ তেলেৰে মালিচ কৰিলে ভাল ফল পোৱা যায়।
২. ৰোগীক বিচনাত শুৱাই সম্পূৰ্ণ আৰামত ৰখাতো বাঞ্ছনীয়।
৩. শুশ্ৰূষাকাৰী খুব সাৱধানে ও পৰিষ্কাৰ ভাবে থকা উচিত। যাতে ৰোগ বিয়পিব নোৱাৰে। ৰোগীক পৰা পক্ষত আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰিব লাগে।
৪. বহুলোকৰ মতে তুলসীৰ পাত, বেলপাত আদি পানীত উতলাই সেই উতলা পানী খিনি ভালকৈ চাকি লৈ অলপ মৌ মিহলাই খুৱালে ভাল উপকাৰ পোৱা যায়।
৫. গাখীৰ, সাগু, বাৰ্লি, ফলৰ ৰস, হৰলিক্স জাতি অ পথ্য প্ৰদান কৰিব লাগে।

WhatsApp- 7636082999

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms