Kala azar/ কালাজ্বৰ

ইয়াৰ কাৰণ :-

১৯৩৩ চনত এজন ব্ৰিটিছ সৈনিকৰ এই জ্বৰ প্ৰথম বাৰৰ বাবে হৈছিল। সেই ৰোগী জনৰ spleen pulp পৰীক্ষা কৰি ডাঃ লেইচমেন আৰু ডাঃ ডনভান এ প্ৰথম কালাজ্বৰৰ বীজাণু আৱিষ্কাৰ কৰে। আৰু তাৰ নাম ৰখা হল Leishman donorvon bodies বা চমুকৈ L.D.Bodies. ই এবিধ protozoa ৰ শ্রেণীভুক্ত।
                     কালাজ্বৰৰ বীজাণু নিৰ্দিষ্ট কিছু ঠাইত দেখা পোৱা যায়। অনেক সময়ত ই মহামাৰী বা epidemic ভাবে দেখা দিয়ে। শিশু সকলক এই ৰোগত বেছি আক্ৰান্ত হোৱা দেখা যায় আৰু ইয়াৰ মাজত মৃত্যুৰ সংখ্যাও অতি বেছি।
        ভাৰতত, প্ৰধানকৈ উত্তৰ পূৰ্বাঞ্চলত এই ৰোগৰ প্ৰাধান্য বেছি। ইয়াৰোপৰি বেংগল, বিহাৰ, চেন্নাই আদি অঞ্চলতো ইয়াৰ  পাদূৰ্ভাৱ পৰিলক্ষিত হয়।
              মেলেৰিয়া ৰোগৰ  carrier যেনেকৈ এনুফিলিশ মহ, ঠিক তেনেকৈ ইয়াৰ পৰিবাহক হল stand fly নামৰ এক বিশেষ জাতীয় মাখি। এই ৰোগত আক্ৰান্ত ৰোগীৰ তেজ পৰীক্ষা কৰিলে ৰোগৰ বীজাণু সমূহক কাঁচি জোন সদৃশ দেখা পোৱা যায়, কিন্তু মাখিৰ শৰীৰত থকা কালত ইয়াক নেজ বিশিষ্ট আকাৰত দেখা পোৱা যায়।
              কালাজ্বৰৰ উপৰিও এই বীজাণুৰ পৰা খহু বা cutaneous leishmaniasis বা orintal sore আকাৰে দেখা যায়।
              তেজ পৰীক্ষা কৰিলে Aldehyde ও  Chopra test positive হয়।
               প্লীহা বৃদ্ধি হলে spleen punctured দ্বাৰা প্লীহাৰ পৰা fluids বাহিৰ কৰি পৰীক্ষা কৰিলে ৰোগৰ বীজাণু পোৱা যায়।

লক্ষণ :-

এই ৰোগৰও প্ৰধান লক্ষণ হৈছে জ্বৰ, অত্যাধিক প্লীহা বৃদ্ধি আৰু যকৃতৰ বৃদ্ধি। প্লীহা খুউব বাহি গলেও কিন্তু সি কোমল হৈ থাকে।
            কেতিয়াবা কেতিয়াবা এই ৰোগত বেছি দিন ভুগি থাকিলে হাওঁফাওঁ ও আক্ৰান্ত হয়।পানী লগা কাঁহ আদি দেখা যায়।
             সংক্ৰমণ আৰু লক্ষণ প্ৰকাশৰ সময়ৰ ব্যৱধান হল ২/৩ সপ্তাহৰ পৰা ৩/৪ মাহ পর্যন্ত। আৰম্ভণি কেতিয়াবা খুব দ্রুত গতিত হয় আৰু কেতিয়াবা অতি ধীৰে ধীৰে।
             কেতিয়াবা কেতিয়াবা Typhoid বা মেলেৰিয়াৰ দৰে লক্ষণ ও দেখা পোৱা যায়।
              প্ৰথমে শৰীৰ অৱশ ও জ্বৰ হয়।কেই দিন মানতেই জ্বৰ অতিমাত্ৰাত বাহি যায়। পিছত লাহে লাহে কমি আহে।প্ৰায়ে স্বাভাৱিক তাপ মান ঘুৰি আহে। প্ৰতি ২৪ ঘন্টাত দুবাৰকৈ জ্বৰ উঠিব পাৰে, double rise.
              উপৰ পেটত হাত দি টিপিলে প্লীহা বৃদ্ধিৰ উমান পোৱা যায় কিন্তু কোনো বিষ আদিৰ অনুভৱ নহয়। Typhoid ৰ লেখীয়াকৈ ৰোগীৰ জিহ্বা বা জিভাৰ লেলাৱতী অৱস্থাত নাথাকে। কিছু দিনলৈ ই তাপ মাৰি থাকে যদিও জ্বৰ পুনৰ ঘূৰি আহে, দেহৰ তাপমান দিনে দুবাৰ বাঢ়ে আৰু দুবাৰ কমে। দ্বিতীয় বাৰত অনেক সময়ত Typhoid বুলি ধাৰণা হব পাৰে। ইয়াৰোপৰি  আন্ত্ৰিক সমস্যা পেটৰ বিশেষ গোলমাল ইয়াত দেখা পোৱা নাযায়। পানী পিয়াহ নকমে বৰঞ্চ বাহিহে যোৱা দেখা যায়। প্লীহাৰ অত্যধিক বৃদ্ধি কালা জ্বৰৰ বিশেষ লক্ষণ। toxaemia নাথাকে।
            কালা জ্বৰত ভুগি থাকিলে ক্ৰমশ শৰীৰৰ ওজন কমি গৈ থাকে। গাৰ ছাল কলা পৰে আৰু চুলি সৰা আৰম্ভ হয়। বুকু ধৰফৰ কৰে আৰু উশাহ নিখাহ লওঁতে কষ্ট অনুভৱ হয়। পিয়াহ অত্যন্ত বেছি অথচ হজম শক্তি হ্ৰাস পালে কলা জ্বৰৰ বিশেষ লক্ষণ বুলি বুজিব লাগিব।
               ৰোগী ইমানেই দুৰ্বল তথা অস্থিচৰ্মহাৰ হয় যে ডিঙিৰ carotids artery  ৰ স্পন্দন দেখা পোৱা যায়।
               প্ৰায়ে প্লীহা তলৰ ফালে বেছি নাবাহি উপৰৰ ফালে বাহে । X-ray বা বুকুৰ percussion  কৰিলেও প্লীহা বৃদ্ধি ধৰিব পৰা যায়। প্ৰতি মাহে ১ৰ পৰা ২ ইঞ্চি প্লীহা বৃদ্ধি হব পাৰে। কিন্তু কোনো বিষ আদিৰ অনুভৱ নহয়। Liver enlarge হলে অলপ অলপ বিষ অনুভৱ হব পাৰে।

জ্বৰৰ প্ৰকৃতি :-

প্ৰতি ২৪ ঘন্টাত দুবাৰকৈ জ্বৰ বৃদ্ধি হোৱাই কলা জ্বৰৰ প্ৰধান লক্ষণ। ইয়াৰ প্ৰধান বৈশিষ্ট্য হল জ্বৰ থাকিলে toxaemia নেথাকে।
           বেছি দিন ধৰি জ্বৰত ভুগিলে ৰক্ত শূন্য তাত ভুগিব পাৰে। dropsy ৰ লক্ষনে ও দেখা দিব পাৰে।
          নাক আৰু দাঁতৰ আলুৰ পৰা প্ৰায়ে তেজ ওলোৱা দেখা যায়। দাঁতৰ আলু ক্ষয় যায় আৰু দাঁত লৰিবলৈ ধৰে।
                হাওঁফাঁও আক্ৰমণ  হলেই ৰোগীৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। প্লীহা অত্যাধিক বৃদ্ধি পোৱাৰ কাৰণে nerves অত pressure পৰে। শেষৰ ফালে হাওঁফাঁওত তেজ বা পানী জমা হবলৈ ধৰে। bronchopneumonia ৰ লক্ষণ প্ৰকাশ পালে অৱস্থা ভয়ানক হয়। যক্ষ্মা বা Tuberculosis লৈও ৰূপান্তৰ হব পাৰে। গাৰ ছাল শুকান হয়, চুলি সৰি যায় আৰু ঘাঁ আদি হয়। প্ৰথম অৱস্থাত জণ্ডিচ নহয় কিন্তু যদি হয় তেন্তে ৰোগীৰ বচাৰ আশা বহুতেই কম দেখা যায়।

Results of Blood test :-

লোহিত ৰক্ত কণিকা তিনি মিলিঅন বা তাতোকৈ কম হৈ যোৱা সম্ভৱ। leucocyte ও প্রায়ে কমি যায়। তেজৰ coagulation time বাঢ়ি যায়।
          Aldehyde ও Chopra test positive হয়। তেজ ভালকৈ পৰীক্ষা কৰিলে L. D. Bodies পোৱা যায়।

চিকিৎসা / treatment

সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ পিছত দক্ষ আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তাৎক্ষণিক চিকিৎসা গ্ৰহণ কৰিব।

আনুসংগিক ব্যৱস্থা :-

১. বৰ বেছি পিয়াহ থাকিলেও বেছি পানী খাবলৈ দিব নালাগে। কাৰণ ইয়াৰ ফলত পেট ফুলিব পাৰে।
২. জ্বৰ থাকিলে পাতলীয়া বা লঘু আহাৰ দিব লাগে।
৩. গোটা কাজী নেমু সমূদাই পানীত সিজাই অলপ অলপ কৈ খোৱাই থাকিলেও প্লীহা আৰু যকৃত বৃদ্ধিত উপকাৰ পোৱা যায়। chronic malaria তো ইয়াৰ পৰা উপকাৰ পাব পাৰি।
৪. কলা জ্বৰৰ বীজাণু বাহক stand fly যাতে জন্ম হব নোৱাৰে তাৰ বাবে খাল দোং আদিত ওষধ insecticide spraying  কৰা বৰ আৱশ্যক।

---------------------------##----------------

আগলৈ ক্ৰমশ--

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms