Remittent Malaria/ ৰেমিটেণ্ট মেলেৰিয়া
কাৰণ :-
এই ৰোগৰ কাৰণ এক জাতীয় malaria parasite.
লক্ষণ :-
এই জাতীয় মেলেটিয়াত জ্বৰ এৰিব নোখোজে। জ্বৰ এৰিলেও নূন্যতম ৯৯*/ ১০০* ভিতৰত থাকে। তাৰপাছত পুনৰ জ্বৰ বাহি গৈ থাকে।এই জ্বৰে ৰোগীক প্রায় এৰি নিদিয়ে বাবেই ইয়াৰ নাম Remittent malaria. জ্বৰ থকাৰ সময়ত ৰোগীয়ে ভীষণ জাৰ বা ঠাণ্ডা অনুভৱ কৰে। জ্বৰ এৰিলে ঘাম ওলাবলৈ ধৰে।
তেজ পৰীক্ষা কৰিলে মেলেৰিয়াৰ বীজাণু পোৱা যায়।যকৃৎ আৰু প্লীহা বৃদ্ধি পায়। গাৰ তাপ ৯৮* বা ৯৯* লৈ নামি আহে। কিন্তু যেতিয়া পুনৰ জ্বৰ আহে ১০৫*/ ১০৬* পৰ্যন্ত উঠিব পাৰে। কুষ্ঠৱদ্ধতা আৰু সাগনী এই ৰোগৰ প্ৰধান লক্ষণ। এই ৰোগৰ সাধাৰণতে ভোগ সময় হৈছে ১৫ বা ১৬ দিন। ৰোগী জন যদি দুৰ্বল হয় তেন্তে মাহ পৰ্যন্ত ভুগিব পাৰে।
ইয়াৰ চিকিৎসা অন্য মেলেৰিয়াৰ চিকিৎসাৰ দৰেই।
----------------------------##----------------------------------
Latent malaria/ লেটেণ্ট মেলেৰিয়া
যিবোৰ দেশত প্ৰাইয়ে মেলেৰিয়া হয়, সেই বিলাক দেশৰ আদিবাসী লোক সকলৰ দেহৰ মাজত মেলেৰীয়াৰ বীজাণু থকা স্বত্তেও প্ৰত্যক্ষ ভাবে মেলেৰিয়া হোৱা দেখা পোৱা নাযায়। কিন্তু তেওঁ লোকৰ দেহত মেলেৰিয়াৰ বীজাণু সজীৱ হৈ থাকে। জ্বৰ নাথাকিলেও কিন্তু তেওঁ লোকৰ দেহটো ৰক্তাল্পতা, যকৃত আৰু প্লীহা বৃদ্ধি কোনো কোনো ক্ষেত্ৰত দেখা পোৱা যায়।
ইয়াৰ কাৰণ সাধাৰণ দৃষ্টিত তেওঁ লোকৰ শৰীৰ সুস্থ হলেও প্ৰকৃততে তেওঁলোকক সুস্থ ব্যক্তি বুলি কব পৰা নাযায়। মেলেৰিয়াৰ বিৰূদ্ধে যুদ্ধ কৰি কৰি তেওঁ লোকৰ শৰীৰত এবিধ বিশেষ প্ৰতিৰোধ শক্তিৰ সৃষ্টি হয়। সেই বাবেই জ্বৰ সাধাৰণতে নহয়।অথচ সদায় যেতিয়া দৈহিক অনিয়ম, ৰাতি জাগি থকা, দূষিত পানী খোৱা বা গা ধোৱা আদি কৰি থাকিলে অকস্মাত জ্বৰ দেখা দিব পাৰে।
বন্যা, দূৰ্ভিক্ষ আদিৰ সময়ত এই জাতীয় মেলেৰিয়াই মহামাৰী ৰুপেৰে দেখা দিয়ে। তাৰ ফলত অকালতে অনেক মানুহ মৃত্যু মুখত পৰে।
ইয়াৰও চিকিৎসা আগৰ দৰেই।
––--------------------##--------------------------------------
Malarial Cachexia
মেলেৰিয়া জ্বৰ বহু দিন বিনা চিকিৎসাত থাকিলে প্ৰায়ে ৰোগীৰ অৱস্থা ভয়াবহ হয়। ৰোগীৰ দেহ হয় প্ৰায় অস্থিচৰ্মহাৰ । পেট ওলাই পৰে আৰু ভীষণ ভাবে ৰক্তহুন্যতাই দেখা দিব পাৰে। মাজে মাজে জ্বৰ হয়, কোনো কাম কাজ কৰিব নোৱাৰে। শেষত শৰীৰ ৰক্তশুন্য হৈ পৰে।হাত ভৰি ফুলি উঠে। ইয়াকে বোলা হয় কাকেক্সচিয়া, তৎকালীন ভাবে ভাল চিকিৎসাৰ খুৱেই প্ৰয়োজন।
---------------------------##-----------------------------------
Malignant . Malaria
এই মেলেৰিয়া জ্বৰে অকস্মাতে আক্ৰমণ কৰে আৰু প্ৰলাপ জ্ঞানলোপ প্ৰভৃতি বেয়া লক্ষণ সমূহে দেখা দিয়ে। জ্বৰ ১০৬* ৰ পৰা ১০৭* পৰ্যন্ত উঠিব পাৰে। লগে লগে ৰক্তহুন্যতা দেখা পোৱা যায়।ৰোগী অতি দুৰ্বল হৈ পৰে। ইমানতে ৰোগীৰ মৃত্যু ও হব পাৰে। জণ্ডিচ দেখা দিব পাৰে। প্লীহা বৃদ্ধি হয় অতি বেছি ভাবে।
এই অৱস্থাত ৰক্ত পৰীক্ষা কৰি লগে লগে যাবতীয় মেডিচিন প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ পাছতো মেলেৰীয়াৰ সাধাৰণ চিকিৎসা অব্যাহত ভাৱে চলাই যাব লাগে।
কেতিয়াবা কেতিয়াবা মেলেৰিয়া ৰোগীৰ জ্বৰ এৰিবৰ সময়ত শৰীৰ অত্যাধিক চেঁচা বা ঠাণ্ডা পৰি যায়।ৰোগীৰ সৰ্ব শৰীৰ বিবৰ্ণ হৈ পৰে।হাৰ্টফেইল ও কৰিব পাৰে। জ্বৰৰ সময়ত পিত্তবমি আদিৰ লক্ষণ থাকিব পাৰে। এই ৰোগৰ চিকিৎসা ও আগৰ বিলাকৰ দৰেই কৰিব পাৰি।
----------------#-----#–----------------
Comments
Post a Comment