Scarlet fever

ইয়াৰ কাৰণ :---

   এক বিশেষ প্ৰজাতিৰ haemolytic streptococcus ৰ পৰা এই ৰোগৰ উৎপত্তি হয়। শাম, বসন্ত আদিৰ দৰেই এই ৰোগ ও অতি সোনকালেই বিয়পি পৰে।
    যাৰ দেহত প্ৰতিৰোধ শক্তি বা immunity power কম সেই সকলক এই ৰোগে হেলাৰঙে বশ কৰি লয়। শিশু সকলৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অতি বেছি হয়। জ্বৰ সাধাৰণতে ১০২* ৰ পৰা ১০৩* ডিগ্ৰী পৰ্যন্ত হব পাৰে। জ্বৰ অতি মাত্ৰাত বাঢ়ি গলে তাৰ লগত প্রলাপ বকা আদি লক্ষণ সমূহে দেখা দিব পাৰে।
       নাড়ীৰ গতি অতি খৰ হয়, জ্বৰ আৰম্ভ হোৱাৰ ২/৩ দিনৰ পাছত গাত ৰঙা ৰঙা খহুৰ দৰে দেখা পোৱা যায়। কণ কণ শিশুবোৰৰ এই ৰোগ বেছি হয়। প্ৰায়ে ইয়াক শাম বা আই ওলাইছে বোলি ভুল ধাৰণা হয়। কিন্তু শাম বা আই ফোঁহা বোৰ ঘনবিশিষ্ট হয়। এই ৰোগৰ ফোঁহা বোৰ অলপ ডাঙৰ হয়, কিন্তু সিমান ঘন নহয়। মুখমণ্ডলত এই ফোঁহা দেখা পোৱা নাযায়। এই ৰোগৰ ই এটা বিশেষ লক্ষণ।
         শৰীৰ অতি দুৰ্বল আৰু অৱসন্ন হৈ পৰে। ডিঙিৰ মাজত ঘাঁ আৰু বিষ আদিয়ে দেখা দিয়ে। তনছিল গন্থীৰ ওচৰত পাতল হালধীয়া পৰ্দা পৰা দেখা পোৱা যায়। প্ৰথমে হঠাৎ জাৰ লাগি জ্বৰ উঠা আৰম্ভ হয়। প্ৰথমে ১০১* ৰ পৰা ১০২* ডিগ্ৰী লৈ জ্বৰ উঠিব পাৰে। দুই তিনি দিনৰ পাছত Rash বাহিৰ হলে  জ্বৰ কমিবলৈ ধৰে।
    সাধাৰণতে ৭/৮ দিনৰ এই Rash সমূহ আপোনা আপুনি নাইকিয়া হৈ যায়। তেতিয়া ৰোগীৰ শৰীৰৰ পৰা এক ধৰণৰ scale উঠি যায়।

প্ৰকাৰভেদ :---
         Scarlet fever প্ৰায়ে তিনি প্ৰকাৰৰ হোৱা দেখা যায়। ইয়াৰ কোনো কোনো এটা সাধাৰণ কিন্তু কোনো এটা অতি প্ৰবল বা সাংঘাটিক ধৰণৰ।

ক)   scarletina simplex :---
        এই বিধত ভোগা ৰোগীৰ ডিঙিত ঘাঁ নহয়। Rash অতি কম পৰিমাণে দেখা দিয়ে। জ্বৰ ১০০* বা ১০২* ডিগ্ৰী পৰ্যন্ত থকা দেখা যায়। এই বিধ সিমান বিপদজনক নহয়।

খ)    scarletina anginosa :---
         এই বিধ আগৰ বিধতকৈ বেছি মাৰাত্মক বুলি গণ্য কৰা হয়। ইয়াত ৰোগীৰ তনছিল গন্থী ফুলিউঠে আৰু তাত infections আৰম্ভ হয়। ডিঙিত ঘাঁ হয়। এই ৰোগ হলে শৰীৰৰ তাপ অতি মাত্ৰাত বৃদ্ধি পায়। ১০১* ৰ পৰা ১০৪* ডিগ্ৰী পৰ্যন্ত উঠিব পাৰে। এই বিধত শৰীৰত বহুত বেছি পৰিমাণে Rash দেখা দিয়ে।

গ)     Scarletina maligna  :----
         এইবিধ ৰোগ শিশুৰ কাৰণে অতি মাৰাত্মক। ইয়াত শিশুৰ মৃত্যু ভয় অতি বেছি। এই বিধ মুৰত বেছি আক্ৰান্ত হয় আৰু meningitis ৰ দৰে লক্ষণ প্ৰকাশ পোৱা দেখা পোৱা যায়।
        ইয়াত জ্বৰ হয়, ডিঙিৰ সংক্ৰমণ অতি বেছি হয়। জ্বৰ ১০৪/১০৫* ডিগ্ৰী পৰ্যন্ত হব পাৰে। ভীষণ জ্বৰত ভুল বকা, প্রলাপ বকা আদিৰ লগতে অত্যাধিক পিয়াহ লগা, চটফটনি আৰু অস্থিৰতা আদি লক্ষণ সমূহ প্ৰকাশ পায়। এনে হলে অতি চিৰ্ঘে এজন সুদক্ষ চিকিৎসকৰ ওচৰ চপা বাঞ্ছনীয়।

চিকিৎসা  /  Treatment. :-----

     দক্ষ আৰু অভিজ্ঞ চিকিৎসকৰ দ্বাৰা তৎকালীন ভাবে চিকিৎসা আগবঢ়াব। ঔষধ পাতি প্ৰদানৰ ক্ষেত্ৰত অলপো অৱহেলা নকৰিব।

আনুসংগিক ব্যৱস্থা :---

১.   ৰোগীক আছুতীয়া ঘৰত ৰখাৰ ব্যৱস্থা কৰিব। তেনে নকৰিলে ঘৰৰ অন্য শিশু সকল অচিৰেই এই ৰোগৰ আওতালৈ আহিব।
২.   যদি Rash বাহিৰ নহৈ জ্বৰ বেছি থাকে তেন্তে সঘনাই স্পঞ্জ কৰাৰ ব্যৱস্থা কৰিব।
৩)   ৰোগীক বিচনাত শুৱাই সম্পূৰ্ণ বিশ্ৰামত ৰাখিব।
৪)   গাখীৰ, ফলৰ ৰস, গ্লোকজ আদি পথ্য ৰোগীক দিয়া ভাল।
৫)   জ্বৰ এৰি গলে অলপ অলপ কৈ কোমল ভাত আৰু মাছৰ জোল আদি দিব পৰা যায়।

        ---------------##-------------

আগলৈ ক্ৰমশঃ

http://hengdang.blogspot.in

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms