Septic Fever বা Putrid Fever

ইয়াৰ কাৰণ  :---
   এই জ্বৰ সাধাৰণতে তেজৰ মাজত বীজাণু বা Toxins বা পূঁজৰ দ্বাৰা উৎপত্তি হয়। এইবোৰ বীজাণুৰ মাজত প্ৰধান হল, staphylococci, streptococcus, gonococcus, ইত্যাদি।

লক্ষণ সমূহ  :---
    আচলতে এই ৰোগত জ্বৰ মাত্ৰ এটা লক্ষণহে। প্ৰধান কাৰণ হল septic focus. না না কাৰণত তেজ দূষিত হয় যেনে--

১.   কিবা প্ৰকাৰে দেহত প্ৰৱেশ কৰা বীজাণু তেজ বা ৰক্ত প্ৰবাহত মিলি যায়। যাৰ ফলশ্ৰুতিত বগা ৰক্ত কণা আৰু বীজাণুৰ মাজত প্ৰতিৰোধ বা যুদ্ধ বুলি কব পাৰি, এই প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু শৰীৰৰ যি অংশটোত এই কাৰ্যৰ সূচনা হয় সেই অংশত জ্বলন পূৰণ বিষ আদিৰ লগতে ৰঙা পৰি ফুলি উঠা দেখা পোৱা যায়। ক্ৰমে সেই অংশ পকিবলৈ আৰম্ভ কৰে বা gangrene হয়।
    ইয়াৰ লগতে জ্বৰ উঠে, কেতিয়াবা জ্বৰ বেছি হৈ ৰোগীক এক্কেবাৰে দুৰ্বল কৰি পেলায়।

২.   সদ্য প্ৰসুতিৰ প্ৰসৱ ফুলৰ টুকুৰা  ( placenta ) কেতিয়াবা জ্বৰাউয়ৰ ভিতৰতেই গেলিবলৈ আৰম্ভ কৰে। প্ৰায়ে গৰ্ভপাত হোৱাৰ সময়ত গৰ্ভফুলৰ টুকুৰা জ্বৰাইউৰ মাজত সোমাই থাকি আহে। তাকেই incomplete abortion বুলি কোৱা হয়। এই গৰ্ভঅফুলৰ টুকুৰা জ্বৰাইউত লাগি ধৰি তাতেই গেলিবলৈ ধৰে। তাৰ ফলস্বৰূপে জ্বৰ উঠা আৰম্ভ হয়। এনে ধৰণৰ জ্বৰত অত্যন্ত দুৰ্বলতা, জাৰ কঁপনিৰ লগতে আক্ৰান্ত স্থানত বিষ আৰু পুৰণি আৰম্ভ হয়।

৩.   প্ৰায়ে ভীষণ বিষক্ৰিয়াৰ কাৰণে আকস্মিক ভাবে জ্বৰ আৰম্ভ হয়। জ্বৰৰ গতি খুৱ বেছি হয়। অকস্মাত জ্বৰ উঠি ১০২ ১০৫* ডিগ্ৰী লৈকে বাঢ়ি যাব পাৰে। মাজে মাজে কমি পুনৰ জ্বৰ উঠে।

৪.   প্ৰায়ে বীজাণু আৰু Toxins তেজত মিহলি হয়। ইয়াৰোপৰি শৰীৰৰ নানান ঠাইত ফোঁহা আদি দেখা দিব পাৰে। ইয়াকে বোলে pyaemic abscess বোলা হয়।
       ইয়াৰ লগে লগে প্ৰৱল ভাবে জ্বৰ আৰম্ভ হয়। অতিমাত্ৰাত ঘাম, দুৰ্বলতা, শীৰ্ণতা আদি লক্ষণ ও প্ৰকাশ পায়। জ্বৰৰ লগতে প্ৰায়ে বমি, মুৰঘুৰণি, হাত ভৰিৰ বিষ আদি বিভিন্ন complications থাকে।

৫.   কেতিয়াবা কেতিয়াবা আকৌ এই বীজাণু সমূহ হাওঁফাওঁত প্ৰৱেশ কৰে। তাৰ ফলত হাওঁফাওঁত pulmonary embolism দেখা দিয়ে। কেতিয়াবা embolus হৃদপিণ্ডলৈও স্তানান্তৰিত হোৱা দেখা পোৱা যায়। হাওঁফাওঁৰ ভিতৰত সৰু সৰু ঘাঁ হয় আৰু তাৰ ফলত বিষ অনুভৱ হয়। কেতিয়াবা liver তো ভীষ হব পাৰে। এনে লক্ষণ liver abscess বুলি গণ্য কৰিব পৰা যায়।

চিকিৎসা বা Treatment :---

      অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা আগবঢ়াব। উপযুক্ত পদ্ধতি অৱলম্বন কৰি চিকিৎসা কৰিলে লাহে লাহে ফোঁহা আৰু জ্বৰ সোনকালে কমি আহিব। তেজৰ সকলো বিষাক্ত বীজাণু ধংশ হব আৰু লাহে লাহে ৰোগীয়ে আৰোগ্যৰ ফালে গতি কৰিব।

আনুসংগিক ব্যৱস্থা :---
   দেহৰ যদি ফোঁহা বা ফুৰা হয় তেন্তে সেই সমূহত তুকমা বা টুটমা পানীত তিয়াই লগালে ভাল ফল পোৱা যায়। যদি ঘাঁ সমূহ পকি উৱলি যায় তেন্তে তোলা বা কঁপাহত তিয়াই antibiotics ointment  বা lotion লগালে ভাল। boric acid powder গৰম পানীত মিহলাই সেকিলেও উপকাৰ পোৱা যায়।
  জ্বৰৰ কাৰণে ৰোগীক অন্য জ্বৰৰ দৰেই পথ্য দিব লাগে আৰু ৰোগীক শুৱাই ৰাখিব লাগে।

       --------------##-------------

আগলৈ ক্ৰমশঃ
    

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms