সৰল জ্বৰ / simple fever
এই জ্বৰ কোনো নিৰ্দিষ্ট কাৰণত হোৱা জ্বৰ নহয়।নানা কাৰণত আমাৰ শৰীৰত উত্তাপ বৃদ্ধি পায়, বৰষুণত তিতা, বেছি গৰম লগা, পানী লগা, আন্তৰিক দুখ বেদনা বা অত্যাধিক উত্তেজনাৰ কাৰণে দেহৰ তাপ বৃদ্ধি হব পাৰে। ৰাতি ভাল টোপনি নোহোৱা, স্বাস্থ্যৰ অনিয়ম, বেছি মদ খোৱা, অতিৰিক্ত মানসিক চাপ, অতিপাত পৰিশ্ৰম আদিৰ কাৰণেও এনে জ্বৰ হব পাৰে। ইয়াৰ কোনো নিৰ্দিষ্ট কাৰণ কব পৰা নাযায়। এনে জ্বৰ হলেও প্ৰায়ে নিজে নিজেই কমি যোৱা দেখা যায়। এনে জ্বৰ কেতিয়াও দীৰ্ঘস্থায়ী নহয়। তথাপিও উল্লেখিত কাৰণৰ বাবে যদি জ্বৰ হোৱাৰ প্ৰমাণ পোৱা নাযায় তেন্তে চিকিৎসাৰ প্ৰয়োজন হয়। কেতিয়াবা আমাৰ শৰীৰৰ গুপ্ত ঠাই সমূহক ভালকৈ পৰিস্কাৰ নকৰাৰ ফলতে ৰোগৰ বীজাণু জমা হোৱাৰ কাৰণেও জ্বৰ হব পাৰে।
১. শৰীৰৰ উত্তাপ বৃদ্ধি, বমি বমি ভাব, মুৰ বিষ, মূৰ ঘোৰনি আদি প্ৰধান লক্ষণ।
২. প্ৰায়েই কুষ্টকাঠিন্য থাকিব পাৰে।
৩. চকুৰ জ্বলা পুৰা কৰা, মূৰটো ডাঙৰ ডাঙৰ ভাব, গাৰ পুৰণি আদি লক্ষণও থাকিব পাৰে।
৪. এনে জ্বৰ সাধাৰণতে ৯৯* ৰ পৰা ১০১* পয্যন্ত হব পাৰে।
( পাঠক সকলৰ ওচৰত বিনম্ৰ অনুৰোধ, এই প্ৰবন্ধৰ লগত যাৱতীয় ঔষধীয় ব্যৱস্থা দিব নোৱাৰাৰ বাবে দুঃখিত।)
আনুসংগিক ব্যৱস্থা-
১. পূৰ্ণ বিশ্ৰাম।
২. জ্বৰ বেছি হলে মূৰত আৰু পেটত পানীৰে স্পঞ্জ কৰিব লাগে।
৩. কুষ্ঠকাঠিন্য বেছি হলে এনিমা বা চাপজিতৰী ব্যৱহাৰ কৰিব পাৰে।
৪. সুষম খাদ্য যেনে গাখীৰ, চাগো, ফলৰ ৰস আদি পথ্য ৰোগীক দিব লাগে।
WhatsApp no. 7636082999
Comments
Post a Comment