Typhoid and paratyphoid fever

এই জ্বৰৰ কাৰণ :--

প্ৰধানকৈ দুই ধৰণৰ বীজাণুৰ পৰা এই ৰোগ সংক্ৰমিত হলেও তাৰ প্ৰকৃতি প্ৰায় একেই। ইয়াৰোপৰি লক্ষণ আৰু চিকিৎসা প্ৰণালীও প্ৰায় একেই। সেয়েহে দুয়োটা ৰোগৰ বিষয়ে একেলগে আলোচনা কৰা হল।
               Bacillus typhosus ৰ পৰা Typhoid আৰু Bacillus paratyphosus ৰ পৰা paratyphoid ৰোগ হয়।ৰদৰ তাপত এই ৰৰোগৰ বীজাণু ধংশ হয় কিন্তু ঠাণ্ডাত ই সক্ৰিয় হৈ থাকে। Temparate zone আৰু sub temparate zone ত এই ৰোগৰ পাৰ্দুভাব বেছি দেখা পোৱা যায়। মাজে মাজে এই ৰোগ epidemic বা মহামাৰী ভাবে বিয়পি পৰা দেখা যায়। সাধাৰণতে ১০ ৰ পৰা ২৫ বছৰ বয়সীয়া সকলক এই ৰোগত বেছিকৈ আক্রান্ত হোৱা দেখা যায়। সেইবোলি তাতোকৈ কম বা বেছি বয়সত যে নহব তাৰ কোনো মানে নাই। হলেও তাৰ মাত্ৰা বৰ কম।
                      মাখি, পানী, খাদ্যদ্ৰৱ্য আৰু মানুহৰ হাতৰ দ্বাৰা এই ৰোগ বিয়পি পৰে। প্ৰধানকৈ ৰোগীৰ মল আদিৰ পৰা এই ৰোগ বেছিকৈ বিয়পে। যি অঞ্চলত এই ৰোগ হয় সেই অঞ্চলত খুৱ কঠোৰ ভাবে স্বাস্থ্যবিধি মানি চলা বৰ দৰকাৰ।
                    এই ৰোগ আৰম্ভ হলেই ৰোগৰ প্ৰতিষেধক Injection বা টীকা প্রত্যেককে দিয়া উচিত। আজি কালি Typhoid আৰু Cholera ৰ প্ৰতিষেধক একে লগে পোৱা যায়। গ্ৰীষ্মকালত এই প্ৰতিষেধক সকলোৱে লোৱা আৱশ্যক।

এই ৰোগত ৰোগীৰ শৰীৰত ঘটা পৰিবৰ্তন সমূহ :--
আন্ত্ৰিক-----
এই বীজাণু বোৰৰ কাম হল ক্ষুদ্ৰান্তত ক্ষত বা ঘাঁৰ সৃষ্টি কৰা। কেতিয়াবা কেতিয়াবা বৃহৎ অন্ত্ৰও বাদ নপৰে। lymph gland ত ৰক্তধিক্য ঘটে আৰু সি বাঢ়িবলৈ ধৰে। এই অৱস্থা পূৰ্ণ হয় ৮/১০ দিনৰ ভিতৰত।
                 সময়মতে চিকিৎসা নহলে সম্পূৰ্ণ অন্ত্ৰত সৰু সৰু ঘাঁ হয়। সম্পূৰ্ণ অন্ত্ৰত জ্বলন পূৰণ হয়, এই কষ্ট ৰোগীৰ বাবে দীৰ্ঘস্থায়ী হয়।
            চতুৰ্থ সপ্তাহত ঘাঁ সমূহ শুকাবলৈ ধৰে, যদিহে ইতিমধ্যে ৰোগীৰ মৃত্যু নহয়। তেতিয়া ক্ৰমান্বয়ে ঘাঁ সমূহ শুকাই আহে আৰু ধীৰে ধীৰে ৰোগ আৰোগ্যৰ ফালে আগবাহে।
    
Mesenteric গন্থীসমূহ :-
                 
             এই গন্থীসমূহে অন্ত্ৰৰ পৰা বিষাক্ত পদাৰ্থ বহন কৰাৰ কাৰণে ফুলি উঠে। কেতিয়াবা দুই এটা গন্থী পকি ফুটি যায়, যাৰ ফলত peritonitisis হব পাৰে।
               
পাকস্থলী ও অন্ননলী :-

                এই দুই ঠাইত অধিক ঘাঁ হয়।

প্লীহা :--

                  প্লীহাত ৰক্তধিক্য হোৱাৰ কাৰণে ফুলি উঠে।

Liver বা যকৃত :--

                     লিভাৰ, কিডনি আৰু হৃদপিণ্ডত বিষাক্ত ঘাঁ দেখা যায়। পিত্তকোষত gallbladder জ্বলন হয়।

কিডনি আৰু মূত্ৰাশই :-

                      প্ৰসাৱৰ লগত বীজাণু সমূহ লাহে লাহে বাহিৰ হৈ থাকে কিন্তু লগত পূঁজ নাথাকে।

Heart/  হৃদপিণ্ড :--

                       কেতিয়াবা হৃদপিণ্ডৰ মাজত Granular degeneration দেখা যায়। বেছি দিন হলে Endocarditis হয়। যি সকলে এই ৰোগত বেছি দিন ধৰি ভোগে তেওঁ লোকৰ Arteriosclerosis হোৱা দেখা পোৱা যায়। মাজে মাজে femoral আদি vain ত thrombosis হোৱা দেখা যায়। দীৰ্ঘ দিন ধৰি এই ৰোগত ভূগিলে এনে হয়।

উশাহ নিশাহ লোৱা যন্ত্ৰ :--

                          ঠিক মতে চিকিৎসা নহলে Larynx ৰ জ্বলন হয়। হাওঁফাওঁ আৰু bronchus আক্ৰান্ত হোৱাৰ কাৰণে broncho pneumonia ৰ লক্ষণ আদি প্ৰকাশ পায়। এনে হলে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে।

ৰোগৰ লক্ষণ সমূহ :--
                        
                                ৰোগৰ বীজাণু সমূহ দেহত প্ৰৱেশ কৰাৰ পৰা ৰোগৰ লক্ষণ সমূহ প্ৰকাশ পোৱা লৈকে প্ৰায় ১০ ৰ পৰা ২১ দিনলৈকে সময় লাগে। এই সময়ত অন্য লক্ষণ প্ৰায় নেথাকে। সাধাৰণতে কুষ্ঠবদ্ধতা আৰু প্ৰসাৱ প্ৰায়ে কমি যায়। তাৰ পিছত ক্ৰমে ৰোগ আৰম্ভ হয়। সাধাৰণতে উপৰোক্ত লক্ষণ সমূহক চিকিৎসক সকলে চাৰি ভাগত ভাগ কৰি লৈছে। প্ৰতি সপ্তাহত বেলেগ বেলেগ লক্ষণ দেখা যায়।
                    প্ৰতি সপ্তাহৰ লক্ষণ সমূহ বেলেগে বেলেগে চাওঁ চোন আহক।

প্ৰথম সপ্তাহ :--
                      লাহে লাহে যেতিয়া ৰোগ আৰম্ভ হয় তেতিয়া ৰোগৰ সমন্ধে প্ৰায় বুজিব নোৱাৰা অৱস্থাত থাকে। সাধাৰণতে ঠাণ্ডা লগা বা পানী লগা জ্বৰ যেন অনুমান হয়।
                       দুৰ্বল অনুভৱ, কঁকালৰ বিষ, জাৰ জাৰ ভাব, বমি বমি ভাব, পেট ফুলা ফুলা লগা, গা আৰু মূৰৰ বিষ এইবোৰ হৈছে প্ৰাথমিক লক্ষণ। জ্বৰ ৯৯* বা ১০১*  ফাৰেনহাইট পর্যন্ত উঠা নমা কৰি থাকে। এই উঠা নমা লক্ষণ সমূহৰ পৰাহে এই ৰোগৰ প্ৰতি সন্দেহ হয়।ৰাতিপুৱা সময়ত জ্বৰ কম হয় যদিও একেবাৰে কমি নাযায়। নামিলেও ৯৮* ৰ তললৈ নাযায়। এই জ্বৰৰ চাৰ্ট বনালে ইয়াক ভালকৈ থিৰাং কৰিব পৰা যায়। ৫/৭ দিনৰ পাছত সব সময়তে পেট ভৰি থকা যেন অনুভৱ হয়। ইয়াৰ পিছত হাগণি আৰু কুষ্ঠৱদ্ধতা দেখা পোৱা যায়। নাড়ী দ্রুত হৈ যায়। কিন্তু জ্বৰৰ লগত তাৰ সমন্ধ নাথাকে।
                            কেতিয়াবা অন্য ভাৱেও ৰোগ আৰম্ভ হব পাৰে। হৰ্ঠাতে জ্বৰ আৰম্ভ হৈ কঁপনি উঠি বুকু পিঠি আদিত বিষ হব পাৰে। গাৰ তাপমান ১০১* পৰা ১০৩* পৰ্যন্ত হয়।
               প্ৰথম সপ্তাহৰ শেষ ভাগত জ্বৰৰ বিশেষ লক্ষণ সমূহ প্ৰকাশ পোৱা দেখা যায়। জিহ্বা বা জিভাত হালধীয়া বৰণৰ ছামনি পৰে আৰু ৰঙা margin থাকে। বিখ্যাত বিজ্ঞানী ড্ৰপৰিচ এ ইয়াক tongue with angry looks বুলি বৰ্ণনা কৰিছিল। মুখ মণ্ডলৰ আকৃতি অনুৰ্জল, মুখ শুকান, ডিঙিৰ ভিতৰ খন প্ৰায় ৰঙা malar flush দেখা পোৱা যায়। মাজে মাজে জ্বৰ কমিবৰ সময়ত ঘাম ওলাবলৈ আৰম্ভ হয়। কেতিয়াবা৬/৭ দিনৰ পাছত মূৰৰ ছালত ৰঙা ৰঙা, সৰু সৰু মাহ বা খহু দেখা যায়। (erythematous ). কেতিয়াবা পেট কঠিন হয়, প্লীহা সামান্য বৃদ্ধি পায়। জ্বৰ, bronchitis আৰু পানী লগা আদি দেখা পোৱা যায়।
               ওষধ বা মেডিচিন প্রয়োগ নকৰিলে প্ৰতিদিনে ৩/৪ বাৰ শৌচ হয়। শৌচ প্ৰায়ে ঢিলা বা পনিয়া হব পাৰে। আধাজুলিয়া হালধীয়া ও বাদামী ৰঙৰ শৌচ হয়। প্ৰসাৱ প্ৰায়ে ৰঙা হয় যদিও কম পৰিমাণে।
                Typhoid ৰ rash সাধাৰণতে ৬ ৰ পৰা ২০ দিনৰ ভিতৰত যি কোনো এটা দিনত দেখা যাব পাৰে। মুখত প্ৰায় rash দেখা পোৱা নাযায়।

দ্বিতীয় সপ্তাহ :---

                 দ্বিতীয় সপ্তাহত লক্ষণ সমূহ ক্ৰমান্বয়ে বাঢ়ি যায়, কিন্তু মূৰৰ বিষ অনুভৱ নহয়। দুৰ্বলতা বাঢ়ি যায়। ওঁঠ ফাতে। জিভা শুকান হয়, জিভাৰ উপৰি ভাগত বগা বগা দাগ দেখা পোৱা যায়।পেট ক্ৰমে ফুলি উঠে।শৌচৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকে। শৌচত তেজ মিশ্ৰণ ও থাকিব পাৰে। প্লীহা বৃদ্ধি পায়।এই সপ্তাহৰ শেষৰ ফালে প্রলাপ বকা আৰম্ভ হয়। কেতিয়াবা মুখৰ ভিতৰত বিৰবিৰাই থাকে আৰু কেতিয়াবা চিঞঁৰি চিঞঁৰি প্রলাপ বকে। এই সপ্তাহত সৰ্বোচ্চ জ্বৰ ১০৩*/ ১০৪* পৰ্যন্ত উঠে। bronchopneumonia হলে ১০৫* পৰ্যন্ত উঠিব পাৰে।

তৃতীয় সপ্তাহ :---

                      এই সপ্তাহৰ প্ৰথম ফালে লক্ষণ সমূহ প্ৰবল হৈয়ে থাকে। শেষৰ ফালে তাপ অলপ কম হৈ পৰে। কেতিয়াবা সাংঘাতিক পৰিণতিৰে লক্ষণ সমূহ প্ৰকাশ পায়। অতিৰিক্ত তেজপ্ৰস্ৰাৱ, অন্ত্ৰৰ জ্বলন আদি। Typhoid ৰ মোহ অৱস্থা এই সপ্তাহৰ বিশেষত্ব। এই অৱস্থাতে ইয়াৰ সাংঘাটিক লক্ষণ সমূহ প্ৰকাশ পায়। ৰোগী সংজ্ঞাহীন হৈ পৰিব পাৰে। আৰু বিশেষ লৰা চৰা কৰিব নোৱাৰে।পেটৰ বিষ আৰম্ভ হয়, প্রলাপ বকি থাকে। ৰোগীৰ হাত ভৰি আৰু জিভাৰ কঁপনি উঠে। ৰোগী প্ৰায়ে বিচনাত চটফটাই থাকে। ক্ৰমে ৰোগী ক্ষীণ হৈ পৰে। প্ৰায়ে bedsores বা সজ্জাক্ষত দেখা দিয়ে। সূচিকিৎসা নাপালে এই সপ্তাহত এই অৱস্থাতে ৰোগীৰ মৃত্যু হব পাৰে বা হয়। যদিহে এই সপ্তাহটো ৰোগী বাছি থাকে তেন্তে সপ্তাহৰ শেষৰ ফালে জ্বৰ কমি আহে আৰু ধীৰে ধীৰে অৰোগ্যৰ ফালে আগবাঢ়ে। তাপ কমি কমি সপ্তাহৰ শেষত ১০০*/১০১*  লৈ নামি যায়।

চতুৰ্থ সপ্তাহ :---

                     ৰোগমুক্তিৰ লক্ষণ সমূহ এটা এটাকৈ প্ৰকাশ পাবলৈ ধৰে। জ্বৰ কমি কমি স্বাভাবিক অৱস্থালৈ নামি আহে। কেতিয়াবা আকৌ স্বাভাৱিকতকৈ শৰীৰৰ তাপমাত্ৰা বেছিকৈ কমি যোৱা দেখা পোৱা যায়। ৯৫*/৯৪* লৈ নামি আহিব পাৰে। কেতিয়াবা অন্যান্য complications এই সময়ত দেখা পোৱা যায়। femoral thrombosis, perforation, relapse আদি উপসৰ্গ সমূহ।
                       পুনৰ আক্ৰমণ বা relapse ভালৰ লক্ষণ নহয়। ইয়াৰ কাৰণে অতীব প্ৰয়োজন হুচিকিৎসা আৰু হুপথ্যৰ তথা শুশ্ৰূষাৰ।

১.  বিভিন্ন ৰোগ তাৰ লক্ষণ চাই ৰোগ নিৰ্ণয় কৰিব পৰা যায়।
২.   জিহ্বা বা জিভা--
       জিভা প্ৰায়ে মলিয়ন কিন্তু জিভাৰ কাষ প্ৰায় ৰঙা পৰি থাকে। জিভাৰ angry looks এটি প্ৰধান ৰোগ নিৰ্ণয়ৰ উপায়।
৩.    তেজ পৰীক্ষা কৰি নিশ্চিত ভাবে ৰোগ নিৰ্ণয় কৰিব পাৰি। তাক কোৱা হয় Widal test.

ৰক্ত পৰীক্ষাৰ ফল :---

           তেজত hemoglobin হ্ৰাস পায়। শ্রেত ৰক্তকণিকাও কমি যায়, poly কমি যায় আৰু lymphocytes বেছি হয়।

Complications/ ভয়াবহ পৰিণতি বোৰ-----
               তৃতীয় সপ্তাহতেই প্ৰায় ভয়াবহ পৰিণতি বোৰে দেখা দিয়ে। কেতিয়াবা আকৌ চতুৰ্থ সপ্তাহটো সেই লক্ষণ সমূহ দেখা পোৱা যায়।
এই লক্ষণ সমূহৰ বিষয়ে আলোচনা কৰোঁ আহক।
ক)   ৰক্তস্ৰাৱ :-  
                       Intestinal hemorrhage, শৌচৰ লগত বেছি পৰিমানে তেজ পৰা দেখা পোৱা যায়। ইয়াৰ ফলস্বৰূপে ৰোগীৰ মৃত্যুও ঘটিব পাৰে। অন্ত্ৰৰ পৰা ৰক্ত ক্ষৰণ হয়।
              তেজ অতিমাত্ৰাত বাহিৰ হলে জ্বৰ কমি যায়। দেহ হেতাপৰি যায়। নাভিৰ গতি খৰ হয়। অৱস অৱস্থা, অস্থিৰতা আৰু পেটৰ বিষ তথা অতিমাত্ৰাত পিয়াহ লাগে। কেতিয়াবা শৌচত লগত যি তেজ বাহিৰ হয় তাৰ ৰঙ ৰঙা নহৈ কলা হব পাৰে।
খ) অন্ত্ৰ ছিদ্ৰ / perforation

              শতকৰা ৩/৪ জন ৰোগীৰ মাজত এনে অৱস্থা পৰিলক্ষিত হয়। এই অৱস্থাত সোনকালেই মৃত্যু ঘটা সম্ভৱ। পেটত ভীষণ বিষ বেদনা উৎপত্তি হয়। কঁপনি আৰু shock দেখা দিয়ে। প্ৰায়ে peritonitisis জ্বৰৰ লক্ষণ প্ৰকাশ পায়।

গ)  কাণেৰে প্ৰায় নুশুনা হয়। অধিৰতা প্ৰকাশ পায়। কেতিয়াবা কেতিয়াবা খুব কমকৈ শুনিবলৈ পাই। দীৰ্ঘদিন ভুগিলে এনে অৱস্থাৰ সৃষ্টি হয়।

ঘ)  Colon বা অন্ত্ৰত প্ৰায়ে  ulcer হয়। অন্ত্ৰ ত ডাঙৰ ডাঙৰ ঘাঁ সৃষ্টি হয়। প্ৰায়ে শৌচ বেছিকৈ হবলৈ ধৰে।শৌচৰ লগত তেজ আৰু পূঁজ বাহিৰ হয়।

ঙ)  ৰক্তনলীৰ গোলমাল :---
                      সাধাৰণতে femoral vain বা অন্যান্য হীৰাৰ তেজ বন্ধ হৈ পৰা দেখা পোৱা যায়।

চ)   পিত্তকোষৰ জ্বলন :---
                       Gallbladder ৰৰ জ্বলন অতি বেয়া লক্ষণ।প্ৰায়ে ইয়াৰ কাৰণে ৰোগীৰ মৃত্যু হয়। ইয়াৰ উপৰিও ইয়াৰ লগত জণ্ডিচৰ লখনো প্ৰকাশ পায়।

ছ)   kidney আৰু প্ৰস্ৰাৱৰ নলী প্ৰায়ে বন্ধ হৈ যায়। প্ৰস্ৰাৱ হলেও অত্যন্ত জ্বলন হয়।

জ)   ছাল----

            প্ৰায়েই ৰোগীৰ bedsores বা শয্যাক্ষত দেখা যায়। septicemia হোৱাও অসম্ভৱ নহয়।প্ৰায়ে সৰু সৰু ঘাঁ দেখা যায়।

ঝ)   nervous system :---
              প্ৰায়ে তৃতীয় সপ্তাহত cerebrospinal fever ৰ দৰেও বা meningitis ৰ দৰে লক্ষণবোৰ প্ৰকাশ পায়।
                ৰোগৰ ৭/১০ দিনৰ পাছত ৰক্ত পৰীক্ষা কৰিলে Typhoid ৰোগৰ বীজাণু পোৱা যায়।

চিকিৎসা/ Treatment :---

                      সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত অভিজ্ঞ চিকিৎসকৰ সৈতে আলোচনা কৰি যাবতীয় চিকিৎসা আগবঢ়াব।

অন্য আনুসংগিক নিয়ম সমূহ :---
১.  ৰোগীক সম্পূৰ্ণ ভাবে বিচনাত শুৱাই ৰাখিব লাগে। শয়ন অৱস্থাতেই খোৱা বোৱা, শৌচ প্ৰস্ৰাৱ আদিৰ ব্যৱস্থা কৰি দিব লাগে। বেছিকৈ লৰা চৰা বা উঠা বহা উচিত নহয়।
২.   ৰদ বতাহ যুক্ত ঘৰত পৃথক ভাবে ৰোগীক ৰখা উচিত।
৩.   ৰোগীৰ মল মূত্ৰ দূৰত গাত খান্দি পুতি পেলাব লাগে।সকলো সময়তে বীজাণু নাশক ওষধ যেনে bleaching powder , Lysol, dettol আদি ব্যৱহাৰ কৰা দৰকাৰ। সতৰ্কতা ৰাখিব লাগে যাতে কোনো পধ্যেই ৰোগ যেন বিয়পিব নোৱাৰে।
৪.   ঘৰৰ অন্য সকলো সদস্যকে  T. A. B. Vaccine দিয়াৰ ব্যৱস্থা কৰিব লাগে।
৫.   প্ৰধানকৈ পৰিষ্কাৰ পৰিচন্নতাৰ ওপৰত দৃষ্টি ৰখাতো অত্যাৱশ্যকীয়।
৬.   ভাল সেৱা শুশ্ৰূষাকাৰী এই ৰোগত বিশেষ প্ৰয়োজন।
৭.     আৱশ্যক অনুসৰি মাজে মাজে ৰোগীৰ গা মচি দিব লাগে। জ্বৰ বেছি উঠি গলে ঠাণ্ডা পানীৰে ৰোগীৰ শৰীৰত বিশেষকৈ মুৰ আৰু পেটত মচি দিব লাগেবা ধুৱাই দিব পাৰে। মূৰত ice beg থব পাৰে।
৮.      Bedsores যাতে হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ৰোগীৰ পিঠিত telcum powder নিয়মিত ভাৱে দিব লাগে। rubber cloth বিচনাৰ ওপৰত দিয়া ভাল। পিঠি আৰু কঁকালৰ হাড় ওলাই থকা জেগাত ভালকৈ মচি  powder লগাই থোৱা ভাল। সাধাৰণতে bedsores হলে Nebasulf powder বা Neosporin জাতীয়  powder, Talcum powder ৰৰ লগত মিহলাই ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।
৯.          ৰোগীৰ ব্যৱহিট বিচনাপত্ৰ প্ৰতি দিনে ৰদত দিব লাগে। পাৰিলে বদলি কৰি দিয়া উচিত।
১০.          কঠিন আৰু বেছিকৈ সিজোৱা খাদ্য ৰোগীৰ কাৰনে হানিকাৰক। প্ৰচুৰ পুষ্টিকৰ খাদ্য,  কোমল বা নৰম খাদ্য ৰোগীক দিয়া উচিত।
                  শ্রেষ্ঠ পথ্য হল, চানা, মাখন, গাখীৰ, মিঠা দৈ বা ভাত মাছ আৰু মাংসৰ জোল। হৰলিক্স জাতীয় আহাৰ ও দিব পৰা যায়।
                  মাজে সময়ে পানীৰ সৈতে মিহলাই hydrprotin বা protinex খাবলৈ দিলে ভাল। এই বিলাক খাদ্য পুস্তিকাৰক আৰু অতি সহজে হজম হয়। অলপ জ্বৰ থাকিলেও মাছ ভাত দিয়া উচিত।
১১.            সপ্তাহৰ আৰম্ভণিতে যদি কুষ্ঠকাঠিন্য থাকে তেন্তে গ্লিচাৰিন সাপজিতৰী প্ৰয়োগ কৰিলে ভাল।
১২.            জটিল উপসৰ্গ দেখা পোৱা মাত্ৰেই Hospital ত ভৰ্তি কৰাই চিকিৎসা কৰোৱাটো বাঞ্ছনীয়।
-------------------------##------------------

              

                          

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms