Typhus Fever
Typhosus Fever/ জ্বৰৰ কাৰণ :---
এই ৰোগ এবিধ বীজাণুৰ পৰা হয়। (Rickettsia app). এই বীজাণুৰ বাহক হল না না জাতৰ উকণি বা louse.
সাধাৰণতে মূৰৰ উকণীৰ পৰাই এই ৰোগ হয়। কেতিয়াবা আকৌ ছাল উকণি বা বগা উকণীৰ পৰাও হোৱা দেখা পোৱা যায়।
এই উকণীয়ে ৰোগাক্ৰান্ত মানুহৰ শৰীৰত তেজ শোষণ কৰাৰ পাছত যেতিয়া অন্য মানুহৰ গালৈ বা মুৰলৈ যায়, তেতিয়া এই ৰোগৰ বীজাণু সংক্ৰমিত হয়। উকণীৰ মলৰ লগত বীজাণু বাহিৰ হৈ মানুহৰ দেহত আশ্ৰয় লয়। পাচত গা মূহৰিলে বা মূৰ আছুৰিলে ই মানুহৰ দেহত প্ৰৱেশ কৰে। অপৰিষ্কাৰ আৱৰ্জনা পূৰ্ণ ঠাইত ইয়াক বেছি পৰিমানে দেখা পোৱা যায়।
লক্ষণ সমূহ :-----
কেতিয়াবা কম পৰিমাণে ৩/৪ জন লোকৰ এই জ্বৰ হোৱা দেখা যায়, যদিও কেতিয়াবা ই মহামাৰী ৰূপে দেখা দিয়ে। এই ৰোগৰ বীজাণুৱে আমাৰ শৰীৰৰ শিৰা উপ শিৰাৰ মাজত ঘাঁৰ সৃষ্টি কৰে। অকস্মাতে ৰোগ আৰম্ভ হয়, হঠাৎ জ্বৰ আৰম্ভ, দুৰ্বলতা আদি দেখা দিয়াৰ উপৰিও ছালৰ ওপৰত এক বিশেষ ধৰণৰ উদ্ভিদ এই ৰোগৰ লক্ষণ। ১০/১৫ দিন জ্বৰত ভোগাৰ পাছত জ্বৰ ক্ৰমে কমি আহে। কেতিয়াবা আকৌ ৮/৯ দিনতো জ্বৰ এৰা দেখা যায়।
জাৰ কঁপনি, কঁকালৰ বিষ আদিৰে জ্বৰ উঠা আৰম্ভ হয়। পিঠি আৰু হাট ভৰিত বিষ অনুভৱ হয়। কেতিয়াবা বমিও হব পাৰে। ৪৮ ঘন্টাত এই জ্বৰ ১০১* ৰ পৰা ১০৫* পৰ্যন্ত উঠিব পাৰে। প্ৰায়ে টোপনি নধৰা বা নিদ্ৰাহীনতাই দেখা দিয়ে। কেতিয়াবা জ্বৰ উঠাৰ ৫/৬ দিনৰ পাছতেই ৰোগীক প্রলাপ বকা দেখা পোৱা যায়।
বুকুৰ ওপৰত সৰু সৰু ৰঙা ৰঙা ঘামচিৰ দৰে দেখা যায়। ১০/১২ দিনৰ পাছত এই ঘামচিৰ নিচিনা বোৰ নাইকিয়া হয়।
জ্বৰ অতি খৰ গতিৰে বাঢ়ে আৰু ৫/৭ দিনলৈকে কম হোৱাৰ লক্ষনেই নাথাকে। উচ্চ আৰু নিম্ন তাপৰ ব্যৱধান ২/৩* হয়। ১০ পৰা ১৩ দিনৰ ভিতৰত এই জ্বৰ এৰি যায়।
জিভা প্ৰায়ে শুকান আৰু বগা পৰি থাকে। কুষ্ঠকাঠিন্য থাকে। কেতিয়াবা উডৰামই বা পেট ফুলাও দেখা পোৱা যায়।
কেতিয়াবা bronchitis বা bronchopneumonia ৰ complications দেখা পোৱা যায়। তেনে হলে ৰোগ বৰ জটিল অৱস্থালৈ গতি কৰে।
চিকিৎসা বা Treatment :---------
কোনো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাব।
আনুষংগিক ব্যস্তহা :---
উকণি মৰা বা চাফা কৰাৰ ব্যৱস্থা কৰিব। পৰা পক্ষত অচিনাকি মানুহ বা আলহীৰ শোৱাৰ ব্যৱস্থা আছুতীয়াকৈ ৰাখিব লাগে।
--------------##-----------------
আগলৈ ক্ৰমশঃ--
Comments
Post a Comment