Yellow Fever

ইয়াৰ কাৰণ :---

        এই জ্বৰ সাধাৰণতে অতি সোনকালে সংক্ৰমিত হোৱা ৰোগ। গ্ৰীষ্মপ্ৰধান দেশ বোৰত সাধাৰণতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অতি বেছি দেখা যায়।
       এক বিশেষ জাতীয় Virus এই ৰোগৰ কাৰণ। এক বিশেষ জাতীয় মহে এই ৰোগৰ parasite সমূহ বহন কৰি লৈ ফুৰে। এই মহে yellow fever হোৱা ৰোগীক কামোৰাৰ পাছত সুস্থ মানুহক কামুৰিলে ৪/৫ দিনৰ পাছতেই এই ৰোগে দেখা দিয়ে। আমাৰ দেশত মানে ভাৰতবৰ্ষত এই ৰোগ নাই বুলিয়ে কব পৰা যায়। আফ্ৰিকাত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।

লক্ষণ সমূহ :---
          যি লোকৰ শৰীৰত এই ৰোগ এবাৰ হয় সেই সকল লোকৰ দেহত পুনৰায় এই ৰোগ হোৱা দেখা নাযায়। এই ৰোগত ভোগা ৰোগীক চাৰিটা অৱস্থাত ভাগ কৰিব পাৰি।
১.  Period of incubation / অংকুৰ অৱস্থা
২.  Period of fever.          / জ্বৰ অৱস্থা
৩.  Period of Remission / জ্বৰহীন অৱস্থা
৪.  Period of collapse.    / পতন অৱস্থা

Period of incubation:-
        সুস্থ দেহত ৰোগৰ বীজাণু প্ৰবেশৰ পাছত ৪/৫ দিন ষ্টায়িত্ব থাকে। দুৰ্বল দুৰ্বল ভাৱ, আভুক আৰু বমি বমি ভাব এই ৰোগৰ অংকুৰ অৱস্থাৰ প্ৰধান লক্ষণ।

Period of fever:-
          ঠাণ্ডা বা জাৰ লগতে প্ৰবল জ্বৰ উঠি থকাৰ লগতে কিন্তু নাড়ীৰ গতি কম হোৱা আৰু অতিমাত্ৰাত মুৰঘুৰণি আৰু মূৰৰ বিষ, গাৰ পৰা দুৰ্গন্ধ ওলোৱা, সৰ্ব শৰীৰত বিষ অনুভৱ লগতে প্ৰসাৱ কম হয়। কুষ্ঠকাঠিন্য আৰু অস্থিৰতা দেখা যায়। এই অৱস্থা বহু ঘন্টা ধৰি থাকিব পাৰে।

Period of Remission :-
         এই অৱস্থাত জ্বৰ এৰি যায়, কিন্তু শৰীৰত বিষ বেদনা বৃদ্ধি হয়। এই অৱস্থাত ভাল বা উপযুক্ত চিকিৎসা আগবঢ়ালে জ্বৰ পুনৰ ঘূৰি নাহে। এই অৱস্থাত টোপনি কম, অতিপাত পিয়াহ আৰু বদহজমী আদি উপসৰ্গ দেখা যায়।
         ২/৩ দিনৰ পাছত ৰোগীয়ে আৰোগ্য লাভ কৰে। সেয়ে যদি নহয়, তেন্তে পতন অৱস্থা উপনীত হয়।

Period of collapse :-
        গাৰ মানে শৰীৰৰ সম্পূৰ্ণ ছাল প্ৰায় হালধীয়া ৰঙৰ হৈ পৰে। অত্যধিক বমি লগতে পেট আৰু ডিঙিত অত্যধিক জ্বলন অনুভৱ হয়। কেতিয়াবা বমিৰ লগত তেজও ওলায়। কেতিয়াবা কলা ৰঙৰ বমি হব পাৰে, কলা ৰঙৰ বমি, অতিমাত্ৰা দুৰ্বলতা, প্রলাপ বকা, শিকোটি অহা, ঘনে ঘনে জিকাৰ খায় উঠা লগতে মূর্ছা যোৱা আদি বেয়া লক্ষণ সমূহ দেখা পোৱা যায়। এই অৱস্থা প্ৰায় ৩/৪ ,দিন মান স্থায়ী হয়। এই সময়ত সম্পূৰ্ণ শৰীৰ হালধীয়া হৈ পৰে কাৰণেই ইয়াৰ নাম হৈছে হালধীয়া জ্বৰ বা yellow fever.

চিকিৎসা / Treatment :---

উপযুক্ত পৰীক্ষা নিৰীক্ষাৰ পিছত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ঔষধ পাতিৰ ব্যৱস্থা কৰিব বা চিকিৎসা কৰাব।

আনুসংগিক ব্যৱস্থা :--

      ঠাণ্ডা পানীৰে ৰোগীৰ মূৰ ধুৱাই দিব, তেতিয়া মূৰ ঘূৰণি অলপ কমিব। ৰদ বতাহ মুকলি ভাবে চলা চল কৰা ঘৰত ৰোগীক ৰখাৰ ব্যৱস্থা কৰিব। জ্বৰ যেতিয়া অতিমাত্ৰা হয় কুহুমীয়া পানীৰে ৰোগীৰ সৰ্ব শৰীৰ স্পঞ্জ কৰিলেও ভাল ফল পোৱা যায়।
      কুষ্ঠৱদ্ধতা থাকিলে glycerin suppositories ৰ ব্যৱস্থা কৰা দৰকাৰ। জ্বৰ থকা অৱস্থাত গ্লোকজ, ফলৰ ৰস, নেমুৰ ৰস, হৰলিক্স, হায়দ্ৰপ্ৰতিন বা প্ৰতিনেক্স আদি দিয়া উচিত।

কিছু কিছু দেশত প্ৰৱেশ কৰিবৰ কাৰণে আইনী ভাৱেও yellow fever vaccine card অত্যাৱশ্যকীয়। ই ১০ বছৰলৈ কাৰ্যক্ষম হৈ থাকে। ভাৰতৰ বিশেষ কেইটামান ঠাইত হে ইয়াৰ ব্যৱস্থা আছে। বৰ্তমান আমাৰ অসমত ইয়াৰ কোনো কেন্দ্ৰ নাই। আমাৰ বাবে কলকাতা কেন্দ্ৰ ইয়াৰ বাবে ওচৰত বুলিব পাৰি।

---------------##------------

আগলৈ ক্ৰমশঃ
       

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms