Cirrhosis of the Liver
ইয়াৰ কাৰণ আৰু লক্ষণ সমূহ :--
( ডাঙৰ মানুহৰ ক্ষেত্ৰত)
এই বিষয়ে আগতেও আলোচনা কৰি অহা হৈছে। সাধাৰণতে hypertrophic (billiry) cirrhosis হয় বা viral hepatitis ৰ পৰা হয়। লক্ষণ সমূহো তাৰ দৰেই দেখা পোৱা যায়। liver ৰৰ আকাৰ বৃদ্ধি পায় বা liver enlarge হয়। এনে হলে প্ৰায়ে liver ৰৰ কোনো কোনো অংশ solid lump ৰ দৰে দেখা পোৱা যায়। ইয়াক কোনো কোনোএ liver cancer বুলিও ভুল কৰিব পাৰে।
(Advance case ৰ ক্ষেত্ৰত)
চিকিৎসা বা Treatment
অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাব।
(শিশু সকলৰ ক্ষেত্ৰত)
Infantile cirrhosis বা শিশুৰ শিৰোচিছ
এই ৰোগ সাধাৰণতে চাৰি বছৰতকৈ কম বয়সৰ শিশু সকলৰ মাজত বেছি দেখা পোৱা যায়। মাতৃ দুগ্ধ বন্ধ কৰাৰ সময়ত বেছি পৰিমাণে শৰ্কৰা জাতীয় খাদ্য আৰু তাৰ বিপৰীতে কম পৰিমাণৰ প্ৰটিন জাতীয় খাদ্য দিলে এই ৰোগ হোৱা দেখা পোৱা যায়। প্ৰায়ে মেলেৰিয়াৰ প্ৰভাৱটো এই ৰোগ হব পাৰে।
চিকিৎসা বা Treatment
পৰা পক্ষত শিশু ৰোগ বিশেষজ্ঞৰ pediatrician পৰামৰ্শ লব। অন্যথা ঔষধ বিশেষজ্ঞৰ দ্বাৰাও চিকিৎসা কৰাব পাৰে।
আনুকসংগিক ব্যৱস্থা সমূহ :--
চিকিৎসকৰ চিকিৎসা চলি থকাৰ উপৰিও আন কিবা উপসৰ্গ থাকে, যেনে- পাতল পাইখানা বমি আদি তেন্তে তাৰ বাবেও যাবতীয় চিকিৎসাৰ প্ৰয়োজন। অৱশ্যে liver ৰৰ চিকিৎসা কিন্তু সঠিক ভাবে হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ৰোগৰ পৰা উপশম পোৱাৰ পাছত শিশুটিক multivitamin জাতীয় ঔষধ কিছু দিনলৈকে দিব পাৰিলে ভাল।
-----------------##---------------
আগলৈ ক্ৰমশঃ
শ্ৰদ্ধেয় পাঠক সকল। আমাৰ সমাজত সৰ্বসাধাৰণ বাবে স্বাস্থ্য শিক্ষাৰ তেনে কোনো বিশেষ ব্যৱস্থা নাই। ( চিকিৎসা মহাবিদ্যালয়ৰ কথা বাদ দি ) যাৰ ফলস্বৰূপে বহু ক্ষেত্ৰত আমি অজ্ঞ হৈ থকাৰ কাৰণে পৰিয়ালৰ সদস্যৰ কিবা এটি অসুখ/ বিষুশ হলেই আমি বেছি চিন্তিত হৈ পৰিব লগা হয়, আৰু এই অজ্ঞতাৰ বাবেই কেতিয়াবা অনাসকত টকা পইচা খৰছ কৰি চিকিৎসালয়ে চিকিৎসালয়ে দৌৰি ফুৰিব লগাত পৰে। বহুতে এই অজ্ঞতাৰ সুযোগো গ্ৰহণ কৰে। সেয়েহে আমাৰ জীৱনত দৈনন্দিন সন্মুখীন হোৱা অসুখ বিষুশৰ বিষয়ে বিতংকৈ আলোচনা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে। ইয়াৰ পৰা যদি কাৰোবাৰ অলপো উপকাৰ হয় তেন্তে নিজকে ধন্য মানিম। সমস্ত ৰোগৰ বিস্তাৰিত তথ্য সমূহৰ বাবে
http://hengdang.blogspot.in ত গৈ চাব পাৰিব।
Comments
Post a Comment