Diarrhoea বা ডায়েৰীয়া
ইয়াৰ কাৰণ সমূহ :--
১. সাধাৰণ অজিন্নৰ পৰাই পাতল পাইখানা বা উডৰামই হয়। পৰিপাক ক্ৰিয়াৰ ব্যাঘাতৰ কাৰণেও ই হব পাৰে।
২. গুৰুপাক খাদ্য খোৱা, অনিয়মিত ভোজন, বেছি চৰ্বিযুক্ত খাদ্য, গেলা পঁচা মাছ বা মাংস, কণী ইত্যাদি আৰু বেছি পৰিমাণৰ মচলাযুক্ত খাদ্য খোৱাৰ বাবেও ই হব পাৰে। খুব গৰমৰ পৰা আহি হঠাৎ বেছি ঠাণ্ডা পানীত গা ধোৱা, বৰফ খোৱা বা বৰফৰ পানী খোৱা, ইত্যাদি গৌণ কাৰণ।
৩. গ্ৰীষ্মকালত অতিৰিক্ত গৰমৰ বাবেও কেতিয়াবা এনে হয়।
৪. পুৰণা গ্ৰহণী ৰোগৰ পৰাও কেতিয়াবা diarrhoea form হোৱা দেখা পোৱা যায়।
৫. Acute Diarrhoea বা উগ্ৰ উডৰামই জীৱানুৰ সংক্ৰমণৰ বাবে হয়। ইয়াকে আমি food poisoning বুলিও কওঁ।
৬. মানসিক ভাৱে, ক্ৰোধ, ভয়, দুশ্চিন্তা, মনত শোক বা ৰাতি জাগি থকা ইত্যাদি কাৰণটো ই হব পাৰে। বিনা মন্থনে বা শৌচৰ ভাব নোহোৱাকৈএ বাৰে বাৰে পাতল ফেনৰ দৰে শৌচ হোৱাকে আমি উডৰামই বুলি কব পাৰো। ক্ষুদ্ৰান্তত আৰু বৃহ্দ্ৰান্তত উত্তেজনা হলে ঠিক মতে হজম কাৰ্য সম্পন্ন নহয়। খাদ্যৰ জুলীয়া অংশ বা পনিয়া অংশ শোষিত নহয়। তাৰ ফলস্বৰূপে বাৰে বাৰে পাতল শৌচ হয়।
ইয়াৰ লক্ষণ সমূহ :--
১. ঘন ঘন কৈ পাতল পাইখানা।
২. কেতিয়াবা কুণ্ঠন বা পেটকামোৰণি থাকে কেতিয়াবা নাথাকে।
৩. পেটত অনবৰতে ভূত ভূত ভাট ভাট বা গঢ় গঢ় গাৰ গাৰ কৰি থাকে।
৪. বমি আৰু বমিৰ ভাব প্ৰায়ে থাকে।
৫. পেট উখহে আৰু পেটত জ্বলন থাকে।কেতিয়াবা অস্বভাৱিক টেঙা উগাৰৰ লগতে বুকুৰ জ্বলনো হয়।
৬. জিভা প্ৰায়ে লেপলেপীয়া হয় আৰু শ্বাস প্ৰশ্বাসত দুৰ্গন্ধ থাকে। ঘনে ঘনে টেঙা উগাৰ আহি থাকে।
৭. উডৰামই খুবেই বেছি হলে তাৰ কাৰণে কলেৰাৰ দৰেও লক্ষণ প্ৰকাশ পায়। ইয়াত হাত ভৰি হিৰামুৰী ধৰে, অৱসন্ন ভাব আৰু হাৰ্টফেইলৰ লক্ষণও প্ৰকাশ পোৱা দেখা যায়। সেইহেতুকে বহুতে ইয়াক কলেৰা বুলি ভুল ধাৰণা কৰি লয়। শৰীৰৰ পৰা অত্যাধিক শৌচ আৰু বমিৰ বাবে পানী আৰু লৱনৰ পৰিমাণ কমি যাবলৈ ধৰে। যাক আমি dehydration বুলি কওঁ। severe dehydration ৰ ফলশ্ৰুতিত ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে।
চিকিৎসা বা Treatment :--
তৎকালীন ভাবে অভিজ্ঞ চিকিৎসকৰ কাষ চপা অতি বাঞ্ছনীয়।
আনুকসংগিক ব্যৱস্থা সমূহ :--
১. ৰোগীক এনে ঘৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে অলপো ঠাণ্ডা নালাগে।
২. Diarrhoea চলি থকা অৱস্থাত ৰোগীক কোনো ধৰণৰ খাদ্য দিব নালাগে। মাজে মাজে নাৰিকলৰ পানী বা গ্লুকোজৰ পানী দিব পৰা যায়। পেটৰ অৱস্থা ভাললৈ আহিলেহে বাৰ্লি জাতীয় সুষম খাদ্য দিব পাৰে।
৩. ৰোগৰ পৰা আৰোগ্য লাভ কৰিলেও ভালে কিছু দিনলৈকে স্বাস্থ্যবিধি মানি চলা উচিত। গুৰুভূজন বা বেছি চৰ্বি জাতীয়, বেছি মছলা যুক্ত, বেছিকৈ মাছ মাংস বৰ্জন কৰাই ভাল।
---------------##---------------
Comments
Post a Comment