অন্ত্ৰবৃদ্ধি বা হাৰ্নিয়া HERNIA
ইয়াৰ কাৰণ :--
পেটৰ ভিতৰৰ নাভিৰ কিছু অংশ peritoneum ৰ সৈতে কঁকালৰ ছিদ্ৰ পথেৰে নাভিলৈ বা এণ্ডকোষলৈ নামি আহে। ইয়াকে হাৰ্নিয়া Hernia বুলি কোৱা হয়। অত্যাধিক গধুৰ বস্তু দঙা বা তোলা, আঘাত লগা, সঘনাই কুষ্ঠ কাঠিন্য হৈ থকা, জোৰকৈ সাঁচি মৰা, জোৰেৰে চিঞৰা বা বক্তৃতা দিয়া, অত্যাধিক পৰিশ্রম কৰা, মল মূত্ৰ ত্যাগ কৰাৰ সময়ত বেচিকৈ যোৰ দিয়া আদি না না কাৰণত এই ৰোগ বা ব্যাধি হব পাৰে।
জোৰেৰে হেঁচি ধৰিলে লাহে লাহে এই অন্ত্ৰৰ অংশ পেটৰ ভিতৰত প্ৰৱেশ কৰে কিন্তু পুনৰ বাহিৰ হৈ আহে।
ইয়াৰ লক্ষণ :--
যদিহে বাহিৰ হৈ অহা অন্ত্ৰ পুনৰ সোমাই নাযায়, অৰ্থাৎ লাগি ধৰে, তেনে ক্ষেত্ৰত বিষ জ্বৰ, বমি সিকটি, পেট উসহা আদি নানান ধৰণৰ লক্ষণ দেখা দিব পাৰে। যি hernia অতি লাহে লাহে ভিতৰত প্ৰৱেশ কৰে তাক আমি simple hernia বুলি কব পাৰো যদিও ই কেইবা প্ৰকাৰৰ হয়। যেনে- INGUINAL HERNIA (groin). FERMORAL HERNIA. UMBILICAL HERNIA. INCISIONAL HERNIA. SPIGELIAN HERNIA. OBTURATOR HERNIA. EPIGASTRIC HERNIA. HIATAL HERNIA. DIAPHRAGMATIC HERNIA ইত্যাদি। ইয়াৰ উপৰিও কেতিয়াবা hernia কোনো কাৰণতে ভিতৰত প্ৰৱেশ কৰিব নিবিচাৰে তাক আমি obstructed hernia বুলি কওঁ। ই এবিধ কঠিন ৰোগ বুলি গণ্য কৰা হয়। এই বিধ hernia ত কেতিয়াবা স্থায়ীভাৱে তেজৰ চলা চল বন্ধ হৈ যায় আৰু তেতিয়া hernia ফুলি উঠে আৰু অত্যাধিক বিষ অনুভৱ হব পাৰে। ইয়াক আমি strangulated hernia বুলি কওঁ।ইয়াৰ ক্ষেত্ৰত তাৎক্ষণিক ভাৱে surgical treatment বা শল্য চিকিৎসাৰ প্ৰয়োজন আহি পৰে।
চিকিৎসা বা Treatment :--
যদিহে simple hernia হয় তেন্তে অলপ চেষ্টাৰ দ্বাৰাই ই ভিতৰত প্ৰৱেশ কৰে আৰু বিশেষ চিকিৎসাৰ প্ৰয়োজন নপৰে। পাছৰ পৰ্যায়ত hernia truss ব্যৱহাৰ কৰি থাকিলে ভাল ফল পোৱা যায়।
আৰু যদিহে ই simple hernia নহয় তেন্তে অনতিপলমে চিকিৎসকৰ কাষ চপাতো বাঞ্ছনীয়।
অনুষঙ্গিক ব্যৱস্থা :--
উপৰমুৰকৈ ছিট হৈ শুই ভৰি দুখন তুলি ধৰি থাকিলে প্ৰায়ে ই ভিতৰত সোমাই যায়, যদিহে ই simple hernia হয়। বিষ বেছি অনুভৱ হলে সেই স্থানত বৰফ লগালে আৰাম পোৱা যায়। ৰোগীক মাজে মাজে চেনী বা মিচিৰিৰ পানী খুৱালে ভাল।
########---########
Read this and subscribed it and give your valuable comments.
Visit. www.hengdang.blogspot.com
Comments
Post a Comment