Rectum prolapses

ইয়াৰ কাৰণ :--
  গুহ্যদ্বাৰ বা মলদ্বাৰৰ ওপৰৰ অংশৰ নাম হল সৰল অন্ত্ৰ। কৃমি, কেঁচুমুৰীয়া, মলদ্বাৰৰ খজুৱতি, পেটত পানী জমা হোৱা, গ্ৰহণী, উডৰামই, কৌষ্ঠ কাঠিন্য আৰু শৌচৰ সময়ত বেছি জোৰ দিয়াৰ কাৰণে শৌচৰ সময়ত সৰল অন্ত্ৰৰ কিছু অংশ বাহিৰ হৈ আহে।
ইয়াৰ লক্ষণ:--
     সাধাৰণতে শৌচৰ সময়ত ই বাহিৰ হয়।আৰু মলত্যাগৰ পাছত লাহে লাহে আকৌ সোমাই যায়।কোনো বিষ কুপ বা ঘাঁ আদি নাথাকিলে কোনো ভয় বা বিশেষ চিন্তাৰ কাৰণ নাই।আৰু যদিহে জ্বলন হয় বা বেছি পৰিমাণে বাহিৰ হৈ পুনৰ নোসোমাই সেইটো ভালৰ লক্ষণ নহয়। কুষ্ঠ কাঠিন্য, গ্ৰহণী, আদি ইয়াৰ মূল কাৰণ।কেঁচুমুৰীয়াৰ লগতে যদি ই হয় তেন্তে ৰক্তপাত, বিষ জ্বলন আদি হোৱাটো স্বাভাৱিক।
চিকিৎসা বা Treatment :--

  যদিহে বিশেষ কোনো উপসৰ্গ নেথাকে তেন্তে চিন্তাৰ কাৰণ নাই। গ্ৰহণী কুষ্ঠ কাঠিন্য আদি থাকিলে তাৰ চিকিৎসা কৰাৰ প্ৰয়োজন। যদিহে prolapse বেছি পৰিমানে বাহিৰ হয় আৰু পুনৰ নোসোমাই, বিশেষকৈ বৃদ্ধ লোকৰ ক্ষেত্ৰত শৈল্য চিকিৎসা বা অস্ত্ৰোপচাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰে।

আনুসংগিক ব্যৱস্থা কেঁচুমুৰীয়া ৰোগৰ দৰে একেই, গতিকে বেলেগে উল্লেখ কৰা নহল।

Read it subscribed it and give your valuable comments
Visit- www.hengdang.blogspot.com

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms