Blood Pressure বা ৰক্তচাপ
ইয়াৰ কাৰণ -
হৃদ পিণ্ডৰ পৰা যেতিয়া তেজসমূহ আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ প্ৰবাহিত হয়, তেতিয়া তেজৰ স্বাভাৱিক চাপ pressure থাকে, systolic 100 বা 120 আৰু diastolic 80 বা 90 মিলিমিতাৰ, সংক্ষেপট যাক কোৱা হয় MM. যেনে- BP 120/80 MM, HG.
যেতিয়া হৃদ পিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ তেজ জোৰেৰে প্ৰবাহিত হয় সেই প্ৰবাহকে বোলে systolic pressure. আৰু তেজ যেতিয়া হৃদ পিণ্ডলৈ ঘুৰি আহে তেতিয়া যি কম পৰিমাণৰ চাপ বা pressure হয় তাকে কোৱা হয় diastolic pressure.
সাধাৰণতে আমাৰ 40 বছৰ বয়সৰ পাছত স্বাভাৱিক ভাবেই তেজৰ চাপ বা pressure কিছু বৃদ্ধি হবলৈ ধৰে। সেয়েহে ইয়াক এনেদৰে ধৰা হয় 90+ age, ইয়ে হল স্বাভাৱিক ভাবে এজন 40 বছৰীয়া ব্যক্তিৰ systolic pressure. সেইভাবে এজন 55 বছৰ বয়সৰ ব্যক্তিৰ systolic pressure হব 90+55= 145 বা তাতকৈ অলপ কম বা বেছি হব পাৰে।
তেজৰ চাপ বা pressure আচলতে কিছুমান কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। যেনে --
১. আমাৰ শৰীৰৰ তেজৰ পৰিমাণ।
২. শৰীৰৰ হিৰা আৰু ধমনীৰ প্ৰসাৰণ শক্তি।
৩. হৃদ পিণ্ডৰ সংকোচন আৰু প্ৰসাৰণ শক্তি।
৪. ধমনী সমূহৰ বহিঃআবৰণৰ প্ৰতি বন্ধকতা বা peripheral resistance.
৫. তেজৰ পনিয়া অৱস্থা বা viscosity.
৬. নানান ধৰণৰ ৰোগ বা ব্যাধি, diabetes, arteriosclerosis আদি। ইয়াৰোপৰি আৰু নানান কাৰণে তেজৰ চাপ বা pressure ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। বেছি শাৰীৰিক শ্ৰম বা ব্যায়াম কৰিলে ই বৃদ্ধি পায়। ৰক্ত চাপ স্বাভাৱিক অৱস্থাত কৈ বেছি হলে তাক কোৱা হয় high blood pressure বা hypertension, আৰু স্বাভাৱিকত কৈ কম হলে তাক আমি low blood pressure বা hypotension.
High blood pressure বা উচ্চ ৰক্তচাপ
ইয়াৰ কাৰণ--
সৰু সৰু ধমনী সমূহৰ মৌলিক পৰিৱৰ্তন সাধন আৰু তাত তেজ চলাচল কৰা নলী সমূহৰ সংকোচন। যাৰ ফলত ৰক্ত প্ৰবাহৰ ক্ষমতা থকা সত্বেও তাৰ তাৰ চাপ বৃদ্ধি পায়। যিবিলাক উপখৰ্গ বা কাৰণ ইয়াৰ পৰিপূৰক, সেই সমূহ হল--
১. বংশগত পৰম্পৰা।
২. দৈহিক গঠন, বেছি ওজন, দেহত মেদবহুলতা আদি, এনেবোৰ কাৰণতে সাধাৰণতে উচ্চ ৰক্তচাপ বৃদ্ধি পায়।
প্ৰায়ে high blood pressure ৰৰ লগতে এনে লোকৰ বাট বেমাৰ, বহুমূত্ৰ diabetes mellitus আদি ৰুগো হয়। শকত মেদবহুল ব্যক্তিৰ ই বেছি হয়। কিন্তু কেতিয়াবা ক্ষীণ আৰু ৰক্ত শূণ্য ব্যক্তিৰো high blood pressure হোৱা দেখা পোৱা যায়।
৩. সাধাৰণতে 40 ৰ পৰা 70 বছৰ বয়সৰ ভিতৰত এই ৰোগৰ প্ৰদূৰ্ভাৱ অতি বেছি হয়। প্ৰায় 90% লোকৰে high blood pressure হয়।
৪. স্ত্ৰী আৰু পুৰুষ দুয়ো পক্ষ সমানেই আক্ৰান্ত হোৱা পৰিলক্ষিত হয়।
৫. অনবৰতে দুশ্চিন্তা আৰু মানসিক উদ্বেগ গ্ৰস্ত লোকৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ অলপ বেছি হয়।
৬. যি সকলে মানসিক শ্ৰম বেছি কিন্তু শাৰীৰিক শ্ৰম একেবাৰে কম বা নকৰে, তেনে লোকৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা বেছি।
ইয়াৰ লক্ষণ --
শৰীৰৰ অংগ সমূহৰ অলস ভাব, মাজে মাজে মূৰ ঘূৰোৱা, মূৰৰ বিষ আদি ইয়াৰ প্ৰাথমিক লক্ষণ। ইয়াৰ লগতে হজমী শক্তিৰ গোলমাল, বুকু ধৰফৰুৱা, উশাহ নিশাহ লওঁতে কষ্ট বোধ, মূৰৰ বিষ, কেতিয়াবা কপালৰ এটা ফালে বিষ, কা
অকাৰণতে শব্দৰ অনুভৱ, দৃষ্টি শক্তি হ্ৰাস আদি নানান লক্ষণ দেখা পোৱা যায়।
শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি এলাহ, হঠাৎ উত্তেজনা, নাকেদি তেজ ওলোৱা আদি লক্ষণ ও থাকে। ইয়াৰোপৰি মূৰে ধৰা, বা মূৰ ঘূৰোৱা, অতিৰিক্ত প্ৰেছাব, কমকৈ দেখা আদিৰ লক্ষণ দেখা যায়।
অপৈনত বয়সত যদি high blood pressure হয়, সি সাধাৰণতে renal failure বা মূত্ৰ যন্ত্ৰৰ খেলিমেলি বা নাৰীৰ ক্ষেত্ৰত গৰ্ভ ধাৰণৰ কাৰণেও হব পাৰে।
চিকিৎসা বা Treatment---
চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাই ঔষধৰ ব্যৱস্থা কৰিলে চিন্তাৰ কোনো কাৰণ নাই, যিহেতু বৰ্তমান আধুনিক চিকিৎসা ব্যৱস্থাত বহু ভাল আৰু নতুন ঔষধৰ সংযোজন হৈছে।
অনুষঙ্গিক ব্যৱস্থা--
১. পৰাপক্ষত সকলো সময়তে মানসিক শান্তি বজায় ৰখা উচিত। অতিৰিক্ত চিন্তা বা দুৰ্ভাৱনা আদি এৰাই চলিব লাগে।
২. খাদ্যবিধি-- সাধাৰণতে অতিৰিক্ত ভোজন আৰু তাৰ লগতে মেদ বীৰ্দ্ধি হল এই ৰোগৰ মূল কাৰণ। অধিক পৰিমাণে শৰ্কৰা জাতীয় খাদ্য খোৱা, অধিক চৰ্বি জাতীয় খাদ্য আৰু বেছি কেলৰিৰ খাদ্য খালে শৰীৰত চৰ্বি বা মেদ বীৰ্দ্ধি হয়। সেয়েহে খাদ্য এনে ভাবে বাছি লব লাগে যাতে, 2500 তকৈ বেছি কেলৰিৰ নহয়। চৰ্বি জাতীয় খাদ্য একেবাৰে এৰিব পাৰিলে ভাল, লগতে শৰ্কৰা জাতীয় খাদ্য ও কমাই খাব লাগে।
৩. বিশেষকৈ মদ বা মাদক দ্ৰব্যৰ ব্যৱহাৰ একেবাৰে ত্যাগ কৰিব লাগে। চাহ কফি আদিও পৰা পক্ষত কমাব বা এৰিব পাৰিলে ভাল।
৪. নিয়মীয়াকৈ পাতল ব্যায়াম উপকাৰী। পানীত সাঁতোৰ আৰু মুক্ত হাতে কৰা ব্যায়াম সমূহ বেছ উপকাৰী।
৫. সময়ত বিশ্ৰাম আৰু টোপনিৰ বৰ দৰকাৰী।এই ৰোগত টোপনি খটি কৰা উচিত নহয়।
---------------------*--------------------
নিম্ন ৰক্ত চাপ বা low blood pressure বা hypotension
ইয়াৰ কাৰণ--
নিম্ন ৰক্ত চাপ মানে জীৱনী শক্তিৰ অভাৱ বুলি আমি ধৰি লব পাৰো। ইয়াত সদায় মনত ৰখা উচিত যে আমাৰ নিৰ্দিষ্ট পৰিমাণ বা সিমাতকৈ উচ্চ ৰক্তচাপ যেনেকৈ বিপদজনক ঠিক তেনেকৈ নিম্ন ৰক্তচাপ ও সিমানেই বিপদজনক।
এজন 45 বছৰ বয়সৰ লোকৰ স্বাভাৱিক systolic pressure হব 90+45= 135, তেতিয়া সেই ব্যক্তিজনৰ diastolic pressure হব 95, কিন্তু যদিহে সেই বয়সৰ লোকৰ systolic pressure হয় 90 আৰু diastolic pressure হয় 65 তেন্তে ই হব নিম্ন চাপ বা low blood pressure. বেছি নিম্ন চাপৰ ফলত শৰীৰৰ artery আৰু tissue ত আৰু মস্তিষ্কৰ হিৰা উপহিৰা সমূহত তেজ পয্যাপ্ত পৰিমাণে প্ৰবাহমান নোহোৱাৰ ফলত বহু বিসংগতি উপস্থিত হয়।
Collapse, shock, আদিৰ কাৰণেও ই হয়। ইয়াৰোপৰি শৰীৰৰ পুষ্টিৰ অভাৱৰ ফলতো ই হব পাৰে। অন্যহাতে বেছি দিন ধৰি Anaemia ৰোগত আক্রান্ত হৈ থকাৰ বাবেও হোৱা দেখা পোৱা যায়।
ইয়াৰ লক্ষণ ----
ৰোগীৰ চেহেৰা শেঁতা পৰি যায়, মাংস পেখি ঢিলা হৈ পৰে, স্মৃতি শক্তি কমি আহে, ৰোগীয়ে অনবৰতে মন মাৰি থাকে। টোপনি কমি আহে, মুৰেধৰা বা মূৰ ঘূৰোৱা, বুকু ধৰফৰ কৰা, মাজে সময়ে মূৰ্চ্চা ভাব, খাবলৈ মন নোযোৱা আৰু হজম শক্তি কমি অহা আদি লক্ষণ থাকে। কেতিয়াবা উশাহ নিশাহত কষ্ট অনুভৱ হয়, ইয়াত শৰীৰৰ পুষ্টিকৰ উপাদান শোষণ ক্ষমতা কমি যায়, অথবা পুষ্টিকৰ খাদ্যৰ অভাৱৰ কাৰণটো ই হব পাৰে। পাছলৈ ইয়াৰ বেয়া লক্ষণ সমূহ প্ৰকাশ পোৱা দেখা যায়।
ইয়াৰ চিকিৎসা বা Treatment--
বিশেষকৈ মনত ৰাখিব লগীয়া এয়ে যে এই ৰোগত ভোগা ৰোগীক ৰক্তচাপ বৃদ্ধিৰ বাবে তেজ সৃষ্টিকাৰী আৰু শৰীৰৰ তাপ বৃদ্ধি কৰিব পৰা ঔষধৰ আৰু ভোজনৰ একান্তই প্ৰয়োজন। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ আদিৰ ব্যৱস্থা কৰিলেই হল।
অনুষঙ্গিক ব্যৱস্থা--
নিম্ন ৰক্ত চাপত ভোগা ৰোগীক পয্যাপ্ত পৰিমাণে পুষ্টিকৰ খাদ্য যেনে, মাছ, মাংস, কণী, গাখীৰ, ফলমূল আদি।
অন্যহাতে উচ্চ ৰক্তচাপ থকা ৰোগীক এই সমূহ কমাই দিয়া উচিত।
----------------------------------------------
সৰ্ব সাধাৰণ ৰাইজৰ সজাগতাৰ সেতুকে এই তথ্য সমূহ প্ৰকাশ কৰা হৈছে, ইয়াৰ দ্বাৰা কাৰোবাৰ অলপো যদি উপকাৰ হয় তেন্তে নথৈ ধন্য হম। আপোনাৰ মতামত comment box দিবলৈ নাপাহৰে যেন। ইয়াৰোপৰি বাকী লিখনি সমূহ পঢ়িবৰ বাবে www.hengdang.blogspot.com ত login কৰক আৰু ইয়াক subscribed কৰক।
অতি সুন্দৰ ।
ReplyDelete