তেজ বমি বা haematemesis

ইয়াৰ কাৰণ :--
    সাধাৰণতে পাকস্থলীত ক্ষত ৰোগত বেছি দিন ধৰি ভুগিলে বা পাকস্থলীৰ কেন্সাৰ ৰোগ হলে তাৰ পৰা তেজ বমি বা haematemesis হব পাৰে।
   হাওঁফাওঁৰ পৰা যি ৰক্তপাত হয় বা কাঁহৰ সৈতে তেজ বাহিৰ হৈ আহে, ( haemoptysis ) তাৰ লগত ই সম্পূৰ্ণ ভিন্ন বা বেলেগ ধৰণৰ ৰোগ।
   পাকস্থলীৰ ক্ষতৰ উপৰিও যকৃতত ৰক্তধিক্য, duodenum ৰ ক্ষত, অতিৰিক্ত ধমণিৰ চাপ, কলা জ্বৰ প্ৰভৃতি নানা কাৰণত ই হব পাৰে। তথাপি যি কাৰণতে ই নহওক লাগে লগে লগেই চিকিসকৰ পৰামৰ্শ লোৱাতো অতি আৱশ্যক।

ইয়াৰ লক্ষণ :--
  
১.  মুখ, নাক আদিয়েদি আৰু বমিৰ লগত তেজ বাহিৰ হয়।
২.  অনবৰতে বমি বা বমি বমি ভাব থাকে।
৩.  বেছি অনিয়ম হলে তেজ বমি বেছি হয় আৰু নিয়ম অনুসৰি চলিলে ই কমি থাকে।
৪.  তেজ বমিৰ আগতে বা আগমূহুতত পেটৰ বিষ বা পেট গধুৰ গধুৰ ভাব হয়।
৫.  অজিন্নতা, অনবৰতে মুখত নিমখীয়া নিমখীয়া লগা, দুৰ্বল নাড়ী, দীৰ্ঘনিশ্বাস, অৱকসন্নতা, মূৰ ৰিমজিম কৰা আদি লক্ষণ ও থাকে। অধিক বা প্ৰচুৰ পৰিমাণে তেজ বমি হলে ৰোগী collapse হৈ মৃত্যু ও হব পাৰে।
৬.  বমিৰ লগত ৰক্তস্ৰাৱ বা তেজ ওলোৱাতো চব সময়তে একে নাথাকে। ই কম বেছি হৈ থাকে। তেজৰ ৰঙ বিভিন্ন ধৰণৰ হয়।
   তলত পাকস্থলীৰ পৰা ৰক্তস্ৰাৱ আৰু হাওঁফাওঁৰ পৰা ৰক্তস্ৰাৱ, দুয়োটাৰ মাজৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা হৈছে। এই পাৰ্থক্যৰ বিষয়ে জনাটো অত্যাৱশ্যকীয়।

( ক্ৰমশঃ হাওঁফাওঁ আৰু পাকস্থলী, haemoptysis আৰু haematemesis)

Haemoptysis :--

১.  তেজ গাঢ় ৰঙা ৰঙৰ হয়।
২.  তেজৰ লগত কফ থকা সম্ভৱ, ফেনো থাকিব পাৰে।
৩.  ইয়াত বমি বা বমিৰ ইচ্ছা বা ভাব নাথাকে।
৪.  পেটত প্ৰায় বিষ নাথাকে। বুকুৰ বিষ থকা সম্ভৱ।
৫.  মল বা শৌচৰ লগত তেজ নাথাকে।
৬.  শ্বাসকষ্ট বা বুকুৰোগৰ ইতিহাস থাকিব পাৰে।

Haematemesis :--

১.  তেজ হঠাতে চকলেট ৰঙৰ হয়।
২.  ইয়াত ফেন নাথাকে, কফ ও নাথাকে কিন্তু কিছু পৰিমানে খাদ্য দ্ৰব্য থাকিব পাৰে।
৩.  ইয়াত বমি বা বমিৰ ইচ্ছা বা ভাব থাকে।
৪.  পেটত বিষ থাকে। বুকুৰ বিষ নাথাকে।
৫.  প্ৰায়েই শৌচ বা মলৰ লগত তেজ থাকে বা মল চকলেট ৰঙৰ হয়।
৬.  এনে ইতিহাস নাথাকে কিন্তু অজিন্নতা বা ক্ষতৰ ইতিহাস থাকিব পাৰে।

চিকিৎসা বা Treatment :--
    যথা সময়ত এজন অভিজ্ঞ চিকিৎসকৰ কাষ চাপিব। অন্যথা বিপদ অনিবাৰ্য।

আনুসংগিক ব্যৱস্থা সমূহ :--

১.  ৰোগীক সম্পূৰ্ণ বিশ্বামৰ প্ৰয়োজন।  মানে bed rest.
২.  ৰোগীৰ গাৰ কাপোৰ ধিলাকৈ পিন্ধোৱা ভাল। বিচনাত ৰোগীৰ ভৰি দুখন অলপ উঠাই ৰখা উচিত।
৩.  বমি অত্যধিক বেছি হলে বৰফৰ টুকুৰা চুপিবলে দিলে উপকৃত হব পাৰি।
৪.  পেটত বৰফ বা ice beg দিব পাৰে।
৫.  ৰোগী মূর্ছা গলে প্ৰায়ে তেজ বমি বন্ধ হয়। ৰোগীৰ মূৰ্চ্চা অৱস্থা যেন দীৰ্ঘস্থায়ী হয় তাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে ঔষধৰ ব্যৱস্থা কৰিব পাৰে।
৬.  ৰোগীক পৰাপক্ষত বেছি কথাবার্তাৰ পৰা আঁতৰাই ৰখা উচিত।
৭.  তেজবমি বন্ধ হলে পাতল পুষ্টিকৰ আহাৰ দিব লাগে। বাৰ্লি, সাগু, গাখীৰ আদি। হৰলিক্স জাতীয় পথ্য ও ৰোগীৰ বাবে ভাল। বেছিকৈ সিজোৱা খাদ্য কিন্তু বৰ্জন কৰিব লাগিব।

         ---------------##--------------

আগলৈ ক্ৰমশঃ

Please visit and subscribed my blog and get regular upgraded information about prevention of disease, awareness about health and diseases.

www.hengdang.blogspot.in

Comments

  1. ইয়াৰ চিকিৎসা পদ্ধতিৰ বিষয়ে জনালে ভাল হয়

    ReplyDelete

Post a Comment

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

কৃমি ৰোগ বা Worms