দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

ইয়াৰ কাৰণ :--

    দাঁত ভাল ভাবে পৰিস্কাৰ নৰখা, দাঁতৰ মাজত খাদ্য দ্ৰব্য সোমাই থকা, পায়োৰিয়া ৰোগত ভোগা, শৰীৰত calcium ৰ অভাৱ, আদি কাৰণত এই ৰোগ হয়।

ইয়াৰ লক্ষণ :--

  দাঁতৰ গহ্বৰত সৰু আকাৰৰ ফোঁহা বা septic focus আৰম্ভ হয়। ই ক্ৰমশঃ বৃদ্ধি পায় গৈ থাকে। তাৰ ফলস্বৰূপে দাঁতৰ আলু আৰু গাল ফুলি উঠে। কেতিয়াবা আলো ফাটি মুখৰ ভিতৰলৈ পূঁজ বৈ আহে।

     দাঁতত ভীষণ বিষ, উষ্ণতা, মুখ মণ্ডল ফুলি উঠা, পূঁজ জমা হোৱা, সামান্য জ্বৰ আদি লক্ষণ প্ৰকাশ পায়। যদি দাঁতৰ আলুৰ ভিতৰত ফোঁহা ফাটি যায় বা ফোঁহা বাহিৰ হৈ ফাটি পূঁজ ওলাই আহে তেন্তে বিষ আৰু যন্ত্ৰণা কমি আহে।

চিকিৎসা বা Treatment

     ৰোগৰ বিষয়ে জ্ঞাত হোৱাৰ লগে লগেই এজন ভাল দন্ত চিকিৎসকৰ কাষ চাপিলে কোনো চিন্তা নাই।

আনুকসংগিক ব্যৱস্থা :--

১.  Boric acid গৰম পানীত মিহলাই তোলা বা কপাহৰ দ্বাৰা ফোঁহা হোৱা অংশত, গালৰ বাহিৰ ফালে সহ্য কৰিব পৰাকৈ সেক দিলে বিষ উপশম ঘটে।

২.  প্ৰয়োজন সাপেক্ষে Master plaster  বা belladonna plaster লগাব লাগে।

৩.  প্ৰথম অৱস্থাত 2% মাৰকুৰেকম বিষৰ ঠাইত প্ৰয়োগ কৰিব লাগে।

৪.  Hydrogen peroxide ৰে দাঁতৰ আলু চাফ কৰিব পাৰে।

          -------------##------------

Comments

Popular posts from this blog

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms