Chicken pox বা জল বসন্ত/ মাজু আই
ইয়াৰ কাৰণ :---
এই ৰোগৰ ও কাৰণ হল এক বিশেষ জাতীয় virus ( variola), যি নেকি অতি সহজেই সক্ৰমিত হয়। এই ৰোগ বিশেষকৈ জাৰকালীৰ শেষৰ ভাগলৈ আৰু বসন্ত কালত বেছি হোৱা দেখা পোৱা যায়। এই ৰোগৰ আর্ৱিভাব হলে প্ৰায়ে মহামাৰী বা Epidemic ভাবে দেখা দিয়ে। এই ৰোগ অতি মাৰাত্মক নহয় যদিও ই অতি কষ্টদায়ক, তাত কোনো সন্দেহ নাই।
ইয়াৰ লক্ষণ সমূহ :---
লক্ষণ অনুযায়ী এই chicken pox বা মাজু আইক সাধাৰণতে দুই ভাগত বিভক্ত কৰিব পাৰি।
১. Simple type
ইয়াত জ্বৰ কম পৰিমাণে হয় আৰু অলপ জ্বৰৰ পাছতই সম্পূৰ্ণ শৰীৰত ই প্ৰকাশ পায়। সিমান বেছি পৰিমানে ই দেখা নিদিবও পাৰে। জ্বৰ ৯৮* ৰ পৰা ১০০* ডিগ্ৰী পর্যন্ত হয় আৰু ছালত গুটি সমূহে দেখা দিয়াৰ পাছত জ্বৰ প্ৰায়ে এৰি যোৱা দেখা যায়।
২. Acute type
ইয়াত জ্বৰ অতি বেছি হয়। ১০২* ৰ পৰা ১০৪* ডিগ্ৰী পৰ্যন্ত জ্বৰ উঠে। ইয়াৰ লগতে হাত ভৰি আৰু কঁকালত অতিপাত বিষ অনুভৱ হব পাৰে। জ্বৰৰ লগতে ৰোগীৰ কঁপনি ও থাকে। আৰু ইয়াৰ লগে লগে সম্পূৰ্ণ শৰীৰত chicken pox বাহিৰ হয় বা দেখা দিয়ে। আচল বসন্তৰ গুটিতকৈ ইয়াৰ গুটি সমূহ আকাৰত ডাঙৰ হয় আৰু ইয়াৰ সন্মুখ ভাগটো অলপ সৰু হয়। গুটি সমূহ বাহিৰ হলে জ্বৰ কমিবলৈ ধৰে। প্ৰায়ে গুটি সমূহ হুকাবোৰ সময়ত জ্বৰ পুনৰ প্ৰবল ভাবে দেখা দিব পাৰে। গুটিসমূহত প্ৰথমে পানী জমা হয়, লাহে লাহে গুটি সমূহ শুকাবলৈ ধৰে। গুটি সমূহ পকিলে বা উৱলি গলে অত্যন্ত বিষ আৰু জ্বলন হব পাৰে। সেয়েহে এই গুটি বা ফোঁহা সমূহ যাতে পকি ফাটিব বা উৱলি যাব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে।
এই প্ৰজাতিৰ বসন্তত বুকুৰ complications মাজে মাজে দেখা পোৱা যায়। এনে হলে গুটি বাহিৰ হলেও জ্বৰ নকমে, জ্বৰ একেৰাহে ১০২*/১০৪* ডিগ্ৰী থাকিব পাৰে।
Chicken pox/ মাজু আই বা জল বসন্তৰ গুটি:--
একে সময়তে সৰ্ব স্তৰৰ গুটি দেখা পোৱা যায়, গুটি সমূহ থোপা থোপে বাহিৰ হয়। বুকুত আৰু পিঠিত বেছি হয়। গুটি সমূহ শুকাই যোৱাৰ পিছত কোনো দাগ পিছে থাকি নাযায়।
চিকিৎসা/ Treatment :--
অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শৰে চিকিৎসা আগবঢ়াব।
আনুসংগিক ব্যৱস্থা সমূহ :---
১. ৰোগীক পৃথক ঘৰত আৰু আঠুৱাৰ তলত শুৱাই ৰাখিব লাগে।
২. ৰোগীক মাজে মাজে কেৰেলা পাতৰ ৰস বা কেৰেলাৰ ৰস খুৱালে ভাল ফল পোৱা যায়।
৩. ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ কানি আৰু বিচনা পত্ত আদি বেলেগে আৰু পৰিষ্কাৰ কৈ ৰাখিব লাগে।
৪. গুটি সমূহ ভালকৈ বাহিৰ নহলে স্পঞ্জ কৰিব পাৰে।
৫. লক্ষ্য ৰাখিব লাগে যাতে ৰোগীয়ে গুটি সমুহ মোহাৰি খোজোঁৱাই ভাঙি বা উৱলাই নেপেলাই। তাৰ কাৰণে ৰোগীৰ হাত ভৰিৰ আঙুলিৰ নখ বিলাকত কাপোৰ বা বেণ্ডেজ কাপোৰেৰে বান্ধি ৰাখিব লাগে।
৬. সাগু, বাৰ্লি, হৰলিক্স, গাখীৰ ফলৰ ৰস আদি ৰোগীক দিব লাগে। যেতিয়া গুটি সমূহ শুকাই যাব তেতিয়া ৰুগীক ভাত মাছ, কণী ইত্যাদি প্ৰটিন জাতীয় খাদ্য প্ৰচুৰ পৰিমাণে দিব লাগে।
৭. ৰোগীক ৰখা স্থান বা ঘৰ ফেনাইল, বিলিছিং পাউদাৰ আদি ব্যৱহাৰ কৰি বীজাণু মুক্ত কৰি ৰখাটো অতি প্ৰয়োজনীয়।
-----------------##----------------
আগলৈ ক্ৰমশঃ
http://hengdang.blogspot.in
Comments
Post a Comment