Disease of Abdomen / পেটৰ বিভিন্ন সমস্যা বা ৰোগ
পেটৰ বিভিন্ন ৰোগ :--
পৰিপাক ক্ৰিয়াৰ গোলমালৰ কাৰণেই সাধাৰণতে পেটত নানাবিধ ৰোগ বা ব্যাধিৰ উৎপত্তি হয়। পাকস্থলী আৰু অন্ত্ৰ আদি আক্ৰান্ত হয়। তাৰোপৰি বৃহদঅন্ত্ৰত বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত গ্ৰহণী ৰোগ হয়। ইয়াৰোপৰি কেঁচুমুৰীয়া কে আদিকৰি পেটৰ নানা ৰোগ আৰু কলেৰা আদিৰ বিষয়েও ইয়াত আলোচনা কৰা হৈছে।
Indigestion and Dyspepsia বা অজীন্ন ৰোগ :--
ইয়াৰ কাৰণ :--
অধিক পৰিমাণে তেল জাতীয় খাদ্য খোৱা, মাংস কণী আদি অনিয়মিত ভাৱে বেছিকৈ খোৱা, অতি বেছি মদ্যপান আৰু বেছিকৈ চাহ আৰু ধঁপাত জাতীয় দ্ৰৱ্য ব্যৱহাৰ কৰা আৰু ইয়াৰ উপৰিও অধিক পৰিমাণে শাৰিৰীক আৰু মানসিক পৰিশ্ৰম কৰা, বেছি দিন ধৰি বিভিন্ন ৰোগত ভোগা, দুৰ্বল শাৰিৰীক অৱস্থাৰ বাবেই এই ৰোগ হয়।
ইয়াৰ লক্ষণ সমূহ :--
ভোক কমি যায় বা নাথাকেই, পেট উখহে, কুষ্ঠৱদ্ধতা বা উডৰামই হয়, ধেকাৰ উঠে আৰু বুকুত জ্বলন উঠি থাকে, প্ৰায়ে বমি বমি ভাব থাকে, পেট গধুৰ হয় আৰু মুখলৈ টেঙা উগাৰ বা টেঙা পানী আহে। পেটত বিষ হয়। মোৰ গধুৰ বা মূৰৰ বিষ হয়। সৰ্ব শৰীৰত অস্বস্তি আৰু দুৰ্বলতা আদি প্ৰধান লক্ষণ।
সাধাৰণতে দুই প্ৰকাৰৰ অজীন্ন ৰোগ হোৱা পৰিলক্ষিত হয়।
১. নতুন অজীন্ন ৰোগ :-
হঠাৎ ৰোগৰ আক্ৰমণ হয়। সাধাৰণতে খোৱা বোৱা অনিয়মিত হলে এনে হয়। অলপ পাতলীয়া চিকিৎসা আৰু উপবাস আদিৰ জৰিয়তে ই সহজেই উপশম ঘটে।
২. পুৰণি অজীন্ন ৰোগ :--
বহুদিন ধৰি অজীন্ন চলি থাকে। বৃদ্ধৱস্থাত সাধাৰণতে ইয়াৰ প্ৰাদূৰ্ভাৱ বেছি দেখা পোৱা যায়। হৰিৰ ৰুগ্ন হলেও এনে হব পাৰে।
চিকিৎসা / Treatment :--
অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাব। সোনকালে আৰোগ্য হব, চিন্তাৰ কোনো কাৰণ নাই।
আনুকসংগিক ব্যৱস্থা সমূহ :--
১. প্ৰতি দিনে অলপ ব্যায়াম আৰু অলপ ফুৰাচকা এই ৰোগৰ বাবে উপকাৰী।
২. মন বা মানসিক অৱস্থা পৰাপক্ষত প্ৰফুল্লিত ৰাখিব লাগে।
৩. পাতল আৰু পুষ্টিকৰ খাদ্য খাব লাগে। বেছিকৈ সিজোৱা, মাংস, বেছি মচলাযুক্ত খাদ্য, বেছি টেঙা জাতীয় খাদ্য আদি খাব নালাগে। ভাত আৰু বেছি মচলা ব্যৱহাৰ নকৰাকৈ মাছৰ জোল বেছ উপকাৰী। দিবানিদ্ৰা, ৰাতি জাগৰণ, ৰাতি দেৰিকৈ খোৱা অভ্যাস ও ইয়াত ক্ষতিকাৰক। প্ৰতি দিনে খোৱাৰ পিছত নেমুৰ ৰস পাতলীয়া কৈ পানীত মিহলাই দিনে দুবাৰ কৈ খালে ভাল উপকাৰ পোৱা যায়।
---------------##---------------
আগলৈ ক্ৰমশঃ
http://hengdang.blogspot.in
Comments
Post a Comment