Nausea and Vomiting, বমি আৰু বমিভাৱ

ইয়াৰ কাৰণ :--
   ই প্ৰকৃত্বতে কোনো ৰোগ নহয়। ই মাত্ৰ অন্য কোনো ধৰণৰ ৰোগৰ লক্ষণহে মাত্ৰ।
   অতিৰিক্ত জ্বৰ, শৰীৰত নানান ধৰণৰ ৰোগৰ বীজাণুৱে প্ৰৱেশ কৰিলে, গ্ৰহণী উডৰামই আদি হলে, কলেৰা আদি হলে, অনিয়মিত আৰু অত্যধিক খাদ্য খোৱাৰ বাবে, অধিক দুৰ্বলতা আৰু স্নায়ু সমূহৰ ৰোগ হলে, বা মানসিক কাৰণত যেনে- অতি ভয়, দুশ্চিন্তা, যকৃত আৰু জৰায়ুৰ ৰোগ হলে, ক্ৰিমি বা পেলু হলে, নাড়ীত অতিৰিক্ত ভৰ আদি কাৰণেও বমি হয় বা হব পাৰে।
   গৰ্ভাৱস্থাৰ প্ৰথম অৱস্থাত During pregnancy ( in early stages) তো প্ৰায়ে বমি বা বমি ভাব হোৱা দেখা পোৱা যায়। হিষ্টিৰীয়া আৰু মৃগী ৰোগতো বমি হয়। এনে বমিত পিছে সিমান ভয় কৰিব লগা একো নাই।

ইয়াৰ লক্ষণ সমূহ :--
  প্ৰথমতে প্ৰায়ে শাৰীৰিক অস্থিৰতা দেখা পোৱা যায়। পেটত বিষ অনুভৱ কৰিব পাৰে। ইয়াৰ পাছত হঠাৎ বমি হয়। পেটত অজীন্ন হলে বমিৰ লগত খোৱা খাইদ্য দ্ৰৱ্য বাহিৰ হৈ আহে। যদিহে খাদ্য বাহিৰ নহয় তেন্তে হয়তো পনিয়া পদাৰ্থ বা টেঙা পানী ওলাব পাৰে।
    কেতিয়াবা আকৌ বমিৰ লগত তিতা পিত্ত ৰস বাহিৰ হয়, তাকেই পিত্ত বমি বুলি কোৱা হয়।
    পিত্ত বমি সাধাৰণতে সাধাৰণ বমিতকৈ ভয়াবহ। সাধাৰণতে অতিপাত জ্বৰ, মেলেৰিয়া জ্বৰ আদিত পিত্ত বমি হোৱা দেখা পোৱা যায়। বমিৰ লগত যদি তেজ ওলাই তেন্তে সেইটো কিন্তু ভালৰ লক্ষণ নহয়।

চিকিৎসা বা Treatment :--

অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা আগবঢ়াব।

আনুকসংগিক ব্যৱস্থা :--

  বমিৰ প্ৰকৃত কাৰণ নিদ্ধাৰণ কৰি উপযুক্ত চিকিৎসা আগবঢ়াব।
   কোনো বিষাক্ত খাদ্য বা বিষ পেটত গৈ বমি হলে তাক তৎকালে বাহিৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগমূহুত কুহুমীয়া পানীত নিমখ মিহলাই সেই পানী খুৱাই আৰু বমি কৰোৱা উচিত। ডাৱৰৰ পানী, মুড়ি তিওয়া পানী, কমলা ৰস আদিয়ে বমি কমাই অনাত সহায় কৰে।
        বমি হৈ থকা অৱস্থাত একো বস্তু খাবলৈ দিব নালাগে। বমি যেতিয়া সম্পূৰ্ণ বন্ধ হব তেতিয়াহে পাতল পথ্য দিব পাৰে।

        ---------------##--------------

(আগলৈ ক্ৰমশঃ)

শ্ৰদ্ধেয় পাঠক সকল। আমাৰ সমাজত সৰ্বসাধাৰণ বাবে স্বাস্থ্য শিক্ষাৰ তেনে কোনো বিশেষ ব্যৱস্থা নাই। ( চিকিৎসা মহাবিদ্যালয়ৰ কথা বাদ দি ) যাৰ ফলস্বৰূপে বহু ক্ষেত্ৰত আমি অজ্ঞ হৈ থকাৰ কাৰণে পৰিয়ালৰ সদস্যৰ কিবা এটি অসুখ/ বিষুশ হলেই আমি বেছি চিন্তিত হৈ পৰিব লগা হয়, আৰু কেতিয়াবা এই অজ্ঞতাৰ বাবেই কেতিয়াবা অনাসকত টকা পইচা খৰছ কৰি চিকিৎসালয়ে চিকিৎসালয়ে দৌৰি ফুৰিব লগাত পৰে। বহুতে এই অজ্ঞতাৰ সুযোগো গ্ৰহণ কৰে। সেয়েহে আমাৰ জীৱনত দৈনন্দিন সন্মুখীন হোৱা  অসুখ বিষুশৰ বিষয়ে বিতংকৈ আলোচনা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে। ইয়াৰ পৰা যদি কাৰোবাৰ কণমানো উপকাৰ হয় তেন্তে নিজকে ধন্য মানিম। সমস্ত ৰোগৰ বিস্তাৰিত তথ্য সমূহৰ বাবে
http://hengdang.blogspot.in ত গৈ চাব পাৰিব।

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms