Plague. প্লেগ বা এন্দুৰ মহামাৰী

এই ৰোগকে এসময়ত বা আগৰদিনত বিশেষকৈ মহামাৰী ৰোগ বোলা হৈছিল। তাৰ কাৰণ, যেতিয়া এই ৰোগ মহামাৰী বা epidemic ভাবে দেখা দিয়ে তেতিয়া হাজাৰ হাজাৰ লোক এই ৰোগৰ বাবে মৃত্যু মুখত পৰে। ইংলেণ্ডত এবাৰ এই ৰোগ মানে প্লেগ মহামাৰিত বহু হাজাৰ মানুহৰ মৃত্যু হৈছিল। আমাৰ ভাৰতবৰ্ষৰও কোনো কোনো ঠাইত এসময়ত প্লেগে ইয়াৰ তাণ্ডৱ নিত্য দেখুৱাই থৈ গৈছে।

এই ৰোগৰ কাৰণ :--
এক প্ৰকাৰৰ বীজাণু এই প্লেগ ৰোগৰ কাৰণ। ইয়াক বোলা হয় plague bacillus. এই বীজাণুৰ বাহক হল এন্দুৰৰ গাত বাস কৰা এবিধ পোক বা উকণি। এন্দুৰৰ গাত যদি এই প্লেগ ৰোগ হয় তেন্তে এই পোকে ৰোগাক্ৰান্ত এন্দুৰৰ তেজ সোঁহাৰ বা খোৱাৰ পিছত সুস্থ মানুহক কামোৰাৰ ফলত মানুহৰ শৰীৰলৈ এই ৰোগৰ সংক্ৰমণ ঘটে। সেই একে দৰে এই ৰোগত ৰোগাক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ সংক্ৰমণ ঘটি ইজনৰ পৰা সিজন কৈ শেষত ই মহামাৰী ৰূপ ধাৰণ কৰি লয়।
   সেই কাৰণেই প্লেগ ৰোগ হলে সাত ভৰিত চামৰাৰ মোজা আৰু চামৰাৰ জোতা পিন্ধিব লাগে যাতে এন্দুৰে সহজে কামুৰিব নোৱাৰে। নিজৰ নিজৰ বাসস্থান আৰু আঞ্চলিক ভাবে এন্দুৰ মৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইয়াৰ লক্ষণ সমূহ :--

  শৰীৰত বীজাণু প্ৰৱেশ কৰাৰ পাছত জ্বৰ আৰম্ভ হোৱাৰ আগলৈকে শৰীৰত অন্য কোনো ধৰণৰ লক্ষণ প্ৰকাশ পোৱা দেখা নাযায়। মাত্ৰ গা পিৰপিৰণি, অৱসন্নতা, দুৰ্বলতা আদি লক্ষণ এই অৱস্থাত থাকিব পাৰে। পিছৰ পৰ্যায়ত অতিপাত জাৰ লাগি কপনিৰে সৈতে প্ৰবল ভাবে জ্বৰ উঠা আৰম্ভ হয়। ইয়াত অত্যন্ত পিয়াহ লগা, কুষ্ঠৱদ্ধতা, বমি বমি ভাব বা বমি আদিও হব পাৰে। এই অৱস্থা ৪/৫ ঘণ্টাৰ পৰা ৪/৫ দিন পৰ্যন্ত ও বাহাল থাকিব পাৰে।
  দুই তিনি দিনৰ পাছত ডিঙি আদিৰ গন্থীসমূহ ফুলি উঠিবলৈ ধৰে। এই গন্থীসমূহত ফোঁহা হোৱাৰ দৰে অত্যন্ত বিষ বেদনা বা যন্ত্ৰণাৰ সৃষ্টি হয়।কেতিয়াবা এই অৱস্থাত তেজ বমিও দেখা যায়। আৰু এনে হলে এই অৱস্থাতে ৰোগীৰ মৃত্যু হয়।
   যদিহে ফোঁহা হয় তেন্তে লাহে লাহে সেইবোৰ পকি উঠে। এই অৱস্থাত জ্বৰ কমি যোৱা ভাল লক্ষণ। কিন্তু উডৰামই, ৰক্তস্ৰাৱ, ফোঁহা সমূহ গেলিবলৈ ধৰা কিন্তু ভালৰ লক্ষণ নহয়। এনে হলে জ্বৰ পুনৰ বৃদ্ধি পাবলৈ ধৰে।
  ৰক্তশ্ৰাৱ, তেজ বমি আদিৰ লক্ষণে যদি দেখা দিয়ে তেন্তে বুজিব লাগিব যে ৰোগীৰ অৱস্থা একেবাৰে শোচনীয়, মৃত্যু পর্যন্ত হব পাৰে।
  এনে অৱস্থাত বহুতৰে bronchopneumonia হোৱাও দেখা পোৱা যায়। ই অতিকে বেয়া লক্ষণ।

ইয়াৰ প্ৰকাৰ ভেদ :--
   লক্ষণ অনুযায়ী এই ৰোগক মুঠ চাৰিটা ভাগত ভাগ কৰা হৈছে।

১.  Bubonic plague :-
      ইয়াত জ্বৰ হয়, শৰীৰৰ গন্থীসমূহ ফুলি উঠে আৰু সেইসমূহ পকি উঠা দেখা পোৱা যায়। ফোঁহা বোৰ পকি ফাটি যায় আৰু লাহে লাহে ক্ষত সমূহ শুকাই আহিবলৈ ধৰে। জ্বৰ কমি আহে আৰু ৰোগীয়ে আৰোগ্যৰ ফালে গতি কৰে। কিন্তু যদিহে তেজবমি হৈ থাকে ই কিন্তু ভালৰ লক্ষণ নহয়।

২.  Pneumonic plague :--
      এই জাতীয় প্লেগৰ বীজাণুৱে ৰোগীৰ হাওঁফাওঁৰ ভিতৰত থিতাপি লয় আৰু নিমুনিয়াৰ লক্ষণ প্ৰকাশ পায়। ইও অতি মাৰাত্মক type বুলি গণ্য কৰা হয়।

৩.  Septicemic plague :--
      এই প্লেগত ৰোগীৰ শৰীৰত তেজ দূষিত হয় আৰু ফোঁহা সমূহ গেলিবলৈ আৰম্ভ কৰে। তাৰ লগতে শৰীৰৰ ভিতৰৰ অন্য অংগ সমূহো আক্ৰান্ত হয় আৰু ৰোগী মৃত্যুৰ দিশে গতি কৰে।

৪.  Intestinal plague :--
      ইয়াত প্ৰধানকৈ পাকস্থলী, অন্ত্ৰ আদি আক্রান্ত হয়। পেটৰ বিষ, তেজ বমি আদি দেখা পোৱা যায়। দুৰ্গন্ধ যুক্ত পিত্ত বমিও মাজে মাজে হয়।

প্ৰতিষেধক ব্যৱস্থা :--
১.  ৰোগীক আছুতীয়া কৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ কানি সমূহ পৃথকে ৰাখিব লাগে।বীজাণু নাশক ঔষধ ব্যৱহাৰ কৰিব লাগে।

২.  ঘৰৰ চাৰিওফালে DDT sprayed কৰা উচিত। এনে কৰিলে ratflea সমূহ মৰে।

৩.  ঘৰৰ আশে পাশে যদি এন্দুৰ থাকে তেন্তে সেই সমূহ মৰাৰ ব্যৱস্থা কৰিব লাগে।

৪.  প্লেগৰ বেজী বা ছিটা লগোৱাৰ ব্যৱস্থা কৰিব লাগে।

আনুসংগিক ব্যৱস্থা :--
   প্ৰতিষেধকৰ ব্যৱস্থা কৰাৰ লগে লগেই ৰোগীকো ভাল চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ৰোগীৰ বিবহীত কাপোৰ কানি, বিচনা পত্ৰ আদি জুইত পুৰি পেলোৱা উচিত বা ড কৈ গাঁত খান্দি পুতি পেলাব পাৰে।
    ৰোগীক খুউৱ লাহে লাহে আৰু কম কম কৈ কোমল আৰু পনিয়া পথ্য দিব পৰা যায়।

       -----------------##----------------

আগলৈ ক্ৰমশঃ

http://hengdang.blogspot.in

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms