Small pox বা বৰ আই (বসন্ত)
ইয়াৰ কাৰণ :--
Small pox বা বৰ আই আচল বসন্ত ৰোগ আৰু ই measles বা chicken pox তকৈও বেছি সংক্ৰামক ৰূপ ধাৰণ কৰে। এক বিশেষ ধৰণৰ বীজাণু বা virus ৰ পৰা এই ৰোগৰ উৎপত্তি হয়। এই virus হৈছে variola virus. এই ব্যাধি অতি ভীষণ বা ভয়াবহ। যেতিয়া ই epidemic বা মহামাৰী ভাবে আৰম্ভ হয় তেতিয়া অসংখ্য লোকৰ এই ৰোগত মৃত্যু হয়। বহু পুৰণি কালৰ পৰা এই ৰোগৰ প্ৰাদূৰ্ভাৱ পৃথিৱীৰ বহু ঠাইত প্ৰসাৰিত হৈ মহামাৰীৰ সৃষ্টি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। দেশ কাল আৰু পাত্ৰ নিৰ্বিশেষে এই ৰোগৰ সংক্ৰমণৰ পৰিধি বেলেগ হয়।
সাধাৰণতে শীত কালৰ শেষ ভাগলৈ আৰু বসন্ত কালৰ প্ৰথম অৱস্থাত এই ৰোগৰ সৃষ্টি হয় কাৰণে ইয়াক বসন্ত ৰোগ বুলি কোৱা হয়।
এক বিশেষ জাতীয় অতি সুক্ষ্ম বীজাণু বা virus এই ৰোগৰ হোটা বুলি গণ্য কৰা হয়। এই বীজাণু বিধ ইমানেই সুক্ষ্ম যে ইয়াক অণুবীক্ষণ যন্ত্ৰৰেও দেখা পোৱা নাযায়। ই ইমানেই সুক্ষ্ম যে filter paper ৰেৰে চাকিলেও ইয়াক ধৰিব নোৱাৰি। বসন্তৰ গুটি সমূহৰ ৰসত এই বীজাণু প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰোপৰি ৰোগীৰ শৰীৰত, মল মূত্ৰৰ লগতো ইয়াৰ বীজাণু সমূহ থাকে।
সেই কাৰণেই বসন্তৰ গুটি সমুহ বাহিৰ হোৱাৰ আগৰ পৰা আৰম্ভ কৰি ইয়াৰ শেষ কণা এটাও শৰীৰত উপস্থিত থকালৈকে ইয়াৰ সংক্ৰমণ চলিয়েই থাকে। এই ৰোগৰ আৰু এটা বিশেষত্ব হল, এইয়ে যে, যিসকল ব্যক্তিৰ শৰীৰত এবাৰ এই ৰোগ হয়, সেইসকলৰ শৰীৰত স্থায়ীভাৱে ইয়াৰ প্ৰতিষেধক শক্তি বা immunity power ৰ জন্ম হয়। যাৰ ফলস্বৰূপে পুনৰায় এই ৰোগে সেইসকল লোকক ক্ষতি সাধন কৰিব নোৱাৰে। ভৱিষ্যতে কেতিয়াবা হলেও হি সিমান মাৰাত্মক নহয়। কিন্তু এই ক্ষেত্ৰত মাজু আই আৰু সৰু আই ( measles and chicken pox) একেজন ৰোগীৰে বাৰে বাৰে হোৱা দেখা পোৱা যায়। কিন্তু বৰ আই বা Smallpox ক্ষেত্ৰত তেনে হোৱা দেখা নাযায়।
গো বসন্তৰ বীজাণুৰ লগত এই বীজাণুৰ অনৈক্যতা আছে। সেয়েহে গো বসন্তৰ টীকা দিলে এই ৰোগ সহজে নহয়। ইয়াৰ পৰা শৰীৰত প্ৰতিৰোধ শক্তিৰ জন্ম হয়।
ইয়াৰ লক্ষণ সমূহ :---
এই ৰোগৰ বীজাণু দেহত প্ৰবেশ কৰাৰ পাছত ১০/১৫ দিনলৈ ই সুপ্ত অৱস্থাত থাকে। বীজাণুৱে দেহত প্ৰৱেশ কৰাৰ ১০/১৫ দিনৰ পাছত ইয়াৰ লক্ষণ সমূহ প্ৰকাশ পায়।
প্ৰথমে হঠাৎ কপনিৰে সৈতে ১০৩/১০৪* ডিগ্ৰী জ্বৰ আৰম্ভ হয়। তাৰ লগে লগেই সমস্ত শৰীৰত বিশেষকৈ কঁকালত আৰু মূৰত ভীষণ বিষ বেদনা আৰম্ভ হয়।
জ্বৰতকৈ বিষ বেদনাই ৰোগীক কোঙা কৰি পেলায়। ইয়াৰ লগে লগে বমি অস্থিৰতা আদি থাকে। জ্বৰ যেতিয়া বেছি বাঢ়ি যায় তেতিয়া ৰোগীৰ মূৰ আচন্দ্ৰাই কৰে আৰু প্রলাপ বকিব পাৰে। এই অৱস্থাত তিনি দিন থকাৰ পাছত শৰীৰত গুটি সমূহ দেখা দিয়া বা বাহিৰ হবলৈ ধৰে।সম্পূৰ্ণ শৰীৰত যেতিয়া এই গুটি সমূহ বাহিৰ হৈ যায় তেতিয়া জ্বৰ লাহে লাহে কমি আহিবলৈ ধৰে।
একেলগে ১২/১৪ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ শৰীৰত বসন্তৰ গুটি সমূহ বিয়পি পৰে। গুটি সমূহ বাহিৰ হলে জ্বৰ কমে আৰু ৰোগীয়ে বহু সুস্থ অনুভৱ কৰে। কঁকালৰ আৰু গাৰ বিষ ও ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে।
গুটি সমূহ প্ৰথমে ৰঙা ৰঙৰ ফুন্সচিৰ দৰে papules দেখাই। ইয়াৰ ওপৰত মৃদু ভাবে হাত বুলাই চালে টান গুটিৰ দৰে অনুমান হয়। এই গুটি সমূহ প্ৰথমে মুখমণ্ডলত, মূৰত, হাতত, ভৰিৰ কৰঙনত আৰু টিকাত দেখা দিয়ে। পাছত ক্ৰমে হাত, পিঠি, বুকু আৰু অন্যান্য স্থানত দেখা দিয়ে। ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে শৰীৰৰ কোমল অংশতকৈ কঠিন অংশ সমূহত গুটি সমূহ বেছি হয়। মাজু আই বা chicken pox ৰ ক্ষেত্ৰত ইয়াৰ ওলোটাটো দেখা পোৱা যায়। ইয়াত শৰীৰৰ কেন্দ্ৰৰ ফালে গুটি সমূহ বেছি হয়।
গুটি সমূহ বাহিৰ হোৱাৰ দুদিনৰ পিছত অৰ্থাৎ ৰোগ আৰম্ভ হোৱাৰ পঞ্চম বা সপ্তম দিনৰ পাছত গুটি সমূহ পকি উঠে।
এই গুটি সমূহৰ আকাৰ নিটোল টুপটুপিয়া গোল নহয়। ইয়াৰ মূৰ ভাগ প্ৰায়ে ভিতৰ ফালে সোমোৱা থাকে। দেখিবলৈ প্রায় আমাৰ পেটৰ নাভিৰ দৰে হয়। এনে ধৰণৰ গুটিৰ লক্ষণ বা অৱস্থাই আচল বসন্ত Smallpox ৰ চিহ্ন বুলি বুজিব লাগিব। মাজু আইৰ chicken pox ৰ ক্ষেত্ৰত কিন্তু এনে নহয়।
২/৩ দিন এনেকৈ থকাৰ পাছত গুটি সমূহ পকিবলৈ ধৰে। ইয়াৰ ভিতৰৰ পানীয় ভাগ ক্ৰমে ঘোলা আৰু ডাঠ হৈ পৰে। শেষৰফালে ই পূঁজলৈ ৰূপান্তৰ হয়। chicken pox পানী জমা হয় কিন্তু Smallpox ত পূঁজ জমা হয়।
পূঁজ জমা হলে জ্বৰ পুনৰ আৰম্ভ হয় আৰু অতি কষ্টদায়িক লক্ষণ সমূহ পুনৰ ঘূৰি আহে। গুটিৰ ভিতৰৰ বিষাক্ত পদাৰ্থ সমূহ ক্ৰমান্বয়ে তেজত মিহলি হবলৈ আৰম্ভ কৰে। যাৰ ফলশ্ৰুতিত শৰীৰত নানান উপসৰ্গই দেখা দিয়ে।
ৰোগ যদি মাৰাত্মক হয় তেন্তে এই অৱস্থাতেই ৰোগীৰ মৃত্যু অনিবাৰ্য বুলি ধৰিব পাৰি। ৰোগ যদিহে সিমান এটা মাৰাত্মক অৱস্থাৰ নহয় তেন্তে এনে অৱস্থাতে ৩/৪ দিন থকাৰ পাছত ৰোগৰ ত্রয়োদশ দিনৰ পৰা গুটি সমূহ শুকাবলৈ আৰম্ভ কৰে। ১৭/১৭ দিনৰ পৰা ছাল সমূহ উঠিবলৈ আৰম্ভ কৰে আৰু ২১ দিনৰ ভিতৰত ছাল পৰিষ্কাৰ হৈ পৰে। কিন্তু বসন্তৰ দাগ সমূহ থাকি যায়।
প্ৰকাৰভেদ :---
লক্ষণ অনুযায়ী এই ৰোগক কেইবাটাও ভাগত বিভক্ত কৰা হয়। যেনে -----
১. সাধাৰণ অৱস্থা বা simple pox
ইয়াত জ্বৰ সিমান বেছি নহয়। বহু কম পৰিমাণে গুটি দেখা দিয়ে। ইয়াত অন্য কোনো উপসৰ্গ দেখা পোৱা নাযায়।
২. তৰল বসন্ত বা Direrate type
এই ধৰণৰ ৰোগত, ওপৰত যিবোৰ লক্ষণ উল্লেখ কৰি অহা হৈছে তাৰ লগত হুবহু মিলি যায়। ইয়াত ৰোগীয়ে বহু কষ্ট ভোগ কৰে। অথচ ইয়াত কষ্ট ভোগ কৰিলেও মৃত্যুৰ সংখ্যা কম। ৰোগীয়ে ইয়াত ২০/২২ দিন ভোগাৰ পাছত আৰোগ্য লাভ কৰে।
৩. সংযুক্ত বসন্ত বা confluent type
এই বিধত খুব বেছি পৰিমাণে গুটি বাহিৰ হয়। এই গুটি সমূহ এটাৰ লগত আনটো সংলগ্ন হৈ থাকে। সেই কাৰণে ইয়াক সংযুক্ত বসন্ত বুলি কোৱা হয়।
সংযুক্ত বসন্ত অতি মাৰাত্মক। ইয়াৰ পৰা সম্পূৰ্ণ শৰীৰত ডাঙৰ ডাঙৰ ঘাঁ হয়। কেতিয়াবা জ্বৰ খুউব বেছি হয় আৰু এৰাৰ নাম নলয়। এনে অৱস্থাত ৰোগীৰ চকু মুখ ফুলি উঠে আৰু ৰোগীৰ চেহেৰা বিভৎস আৰু ভয়ানক হৈ পৰে। এই জাতীয় বসন্তৰ বাবে মৃত্যু অস্বাভাৱিক নহয়।
৪. ৰক্তজ বসন্ত বা haemorrhagic type
এই বসন্তক বহুতে suppressed pox বা চেপা বসন্ত ও বোলে। ইয়াত জ্বৰ চলি থাকে। শৰীৰৰ ভিতৰত আৰু ছালৰ তলত ৰক্তক্ষৰণ হয় আৰু ৰোগীৰ গাৰ ছালে লাল বা ৰক্তিম ৰূপ ধাৰণ কৰে। সান্নিপাতিক লক্ষণ, মোহ বা coma, চকু, নাক, মুখৰ পৰাও ৰক্তপাত হৈ থাকে। এনে হলে প্ৰায়ে ৰোগীৰ মৃত্যু হয়। কিন্তু সৌভাগ্যৰ বিষয় এই যে এই ধৰণৰ লক্ষণ খুবেই কমহে দেখা পোৱা যায়।
চিকিৎসা/ Treatment :--
অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা আগবঢ়াব।
আনুকসংগিক ব্যৱস্থা :--
১. ৰোগীক আছুতীয়া ঘৰত আঠুৱাৰ তলত ৰাখিব লাগে। under strict isolation. ৰোগীৰ ওচৰলৈ বা কক্ষলৈ শুশ্ৰূষাকাৰীৰ বাহিৰে অন্য ব্যক্তি কেতিয়াও যাব নালাগে। ৰোগীৰ কক্ষৰ পৰা বাহিৰলৈ আহি শুশ্ৰূষাকাৰীৰ পোছাক পৰিচ্ছদ আদি লগে লগে সলাই পেলাব লাগে আৰু সেই সমূহ নষ্ট কৰি পেলাব লাগে।
২. ৰোগীৰ কক্ষত সুগন্ধি ধূপ আদি জ্বলাব লাগে।
৩. ৰোগীৰ থকা ঘৰ বা কক্ষত বীজাণু শূন্য কৰি ৰাখিবৰ বাবে ৰোগীৰ কাপোৰ কানি সঘনাই ভাল দিতাৰজেণ্ট ব্যৱহাৰ কৰি ধুব লাগে আৰু বীজাণু নাশক ড্ৰৱ্য ব্যৱহাৰ কৰিব লাগে। সেই দৰে ৰোগীৰ পক্ষও ফেনাইল বিল্লীছিং পাউদাৰ আদি ব্যৱহাৰ কৰি চাফা চিকুণ কৰি ৰাখিব লাগে।
৪. নখেৰে ঘাঁ বা গুটি সমূহ খোজোঁওৱা মুঠেই নিৰাপদ নহয়। পুৱাই কেৰেলা পাতৰ ৰস খুৱাব পাৰিলে ভাল। হাত ভৰিৰ নখ আদিত বেণ্ডেজ কৰি ৰখা উচিত।
৫. পুৱাই কুহুমীয়া গৰম পানীত boric acid মিহলাই স্থান বা গা ধুৱাই দিব পাৰিলে ভাল। এনে কৰিলে ৰোগীয়ে বহু আৰাম অনুভৱ কৰে।
৬. গুটি সমূহ পকি গলে তাত olive oil অথবা calamine lotion লগাব পাৰি।
৭. প্ৰৱল জ্বৰ হলে মূৰত ice beg ৰখা উচিত। লগতে cold sponging কৰিব পাৰে।
৮. জ্বৰ থাকিলে গ্লুকোজ পানী, ফলৰ ৰস, বাৰ্লি, গাখীৰ, হৰলিক্স আদি পথ্য দিব লাগে। জ্বৰ এৰি যোৱাৰ পাছত সাধাৰণ খাদ্য সমূহ দিব পৰা যায়।
৯. বসন্তৰ প্ৰতিষেধক টীকা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
----------------##----------------
আগলৈ ক্ৰমশঃ
http://hengdang.blogspot.in
Comments
Post a Comment