Cholera হাইজা বা জহনী ৰোগ
ইয়াৰ কাৰণ :--
এই ৰোগক আমাৰ গাঁৱলীয়া ভাষাত জহনী বা হাইজা ৰোগ বুলি কোৱা হয়। এই ৰোগত অতি অধিক পৰিমাণে শৌচ আৰু বমিও হয়। ইয়াৰ প্ৰধান লক্ষণ হল, ধাৰাখাৰে বমি আৰু শৌচ একে লগে হয়।
যি বীজাণুৰ পৰা এই ৰোগৰ উৎপত্তি হয় তাৰ নাম হৈছে vibrio cholerae. এই বীজাণু সমূহ দেখাত প্ৰায় ইংৰাজী কমাৰ ( , ) দৰে। সেয়েহে ইয়াক comma bacilli ও বোলা হয়।
মাজে মাজে পৃথিৱীৰ বহুদেশত এই ৰোগে ভয়াবহ তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। এনেবোৰ epidemic ত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। আমাৰ ভাৰতবৰ্ষৰতো বহু ঠাইত ই মহামাৰী ৰূপে দেখা দি আহিছে। অতি বেছিকৈ পানীৰ দৰে শৌচ আৰু বমি হোৱাৰ কাৰণে শৰীৰৰ পানীৰ ভাগ কমি যাবলৈ ধৰে। আৰু ইয়েই হল এই ৰোগত মৃত্যুৰ মুখ্য কাৰণ। তেজত পানীৰ পৰিমাণ কমি গলে পেশী সমূহৰ সংকুচন বা muscular cramps আৰম্ভ হয়। তাৰ পাছত লাহে লাহে হৃদপিণ্ডৰ ক্ষমতা কমি আহে। cramps ৰ পাচত আহে coma বা চেতনা লোপ অৱস্থা। অৱশেষত ইয়াৰ ফলত ৰোগীৰ মৃত্যু হয়। তেজত sodium chloride বা নিমখ আৰু পানীৰ অংশৰ অভাৱেই মৃত্যুৰ ঘাই কাৰণ। শৰীৰৰ পৰা পানী ভাগ শৌচৰ লগত বাহিৰ হৈ যায় বাবেই এনে অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ কাৰণেই প্ৰেছাব বন্ধ হৈ পৰে। এই বীজাণুৰ বৈশিষ্ট্য হৈছে অতিৰিক্ত গৰমত ই জীয়াই থাকিব নোৱাৰে। কিন্তু ঠাণ্ডাত ই কেতিয়াও নমৰে। যদিওবা গ্ৰীষ্মপ্ৰধান tropical and subtropical দেশসমূহত এই ৰোগ বেছি হয়। অথচ ঠাণ্ডাত হে এই ৰোগৰ বীজাণু সমূহ জীৱিত অৱস্থাত থাকে।
অৱশ্যে এই ৰোগৰ কাৰণ কবলৈ গলে, ইয়াক কোৱা নিতান্তই উচিত যে সুস্থ শৰীৰত এই ৰোগে সহজেই আক্ৰমণ কৰিব নোৱাৰে। নানা ধৰণৰ অত্যাচাৰ, অনিয়মিত ধৰণৰ অভ্যাসৰ ফলতে এই ৰোগে আক্ৰমণ কৰিবলৈ সুবিধা পায়। সেয়েহে সকলো ক্ষেত্ৰতে নিয়মানুৱৰ্তীতা মানি চলা উচিত।
অনিয়ম, অনাহাৰ, অতি আহাৰ, ৰাতিজাগা আদি হল এই ৰোগৰ প্ৰধান সহায়ক। ইয়াত শৰীৰ দুৰ্বল হয় কাৰণে সহজে বীজাণুৱে আক্ৰমণ কৰিবলৈ সক্ষম হয়।
লক্ষণ সমূহ :--
ৰোগৰ লক্ষণ বৰ্ণনা কৰিবলৈ গলে প্ৰথমে কলেৰা ৰোগীৰ আন্ত্ৰিক পৰিবৰ্তন সমূহ জনা উচিত। vibrio ই অন্ত্ৰৰ আভ্যন্তৰীণ epithelium ক আক্ৰমণ কৰে। পাছত epithelium নষ্ট হৈ শৌচৰ লগত বাহিৰ হৈ যায়। সেয়েহে অন্ত্ৰত জল বা পানী ধাৰণ ক্ষমতা কমি যায় আৰু পানীৰ দৰে শৌচ হয় আৰু শৌচৰ লগত বিজলুৱা পদাৰ্থ নিৰ্গত হয়।
ইয়াৰ ফলস্বৰূপে তেজত জলীয় ভাগ দ্ৰুত ভাবে কমিবলৈ ধৰে। kidney লৈও তেজৰ চলাচল কমি আহিবলৈ ধৰে। blood pressure বা ৰক্তচাপ দ্ৰুত কমিবলৈ ধৰে। ই কমি গৈ ৭০ ৰ পৰা ১০০ ৰ ভিতৰত ৰবগৈ পাৰে। প্ৰেচাব দ্ৰুত ভাবে কমি গৈ একেবাৰে নোহোৱা হৈ পৰিব পাৰে। তেজত chloride কমি যায় আৰু অতিৰিক্ত ভাবে বমিও হৈ থকা দেখা পোৱা যায়।
অন্যান্য প্ৰধান লক্ষণ সমূহব:--
দেহত বীজাণুৱে প্ৰৱেশ কৰাৰ ১২ ৰৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত এই ৰোগৰ লক্ষণ সমূহ প্ৰকাশ পোৱা দেখা যায়।
প্ৰথম আৰু প্ৰধান লক্ষণ হল, অতিহাৰ, শৌচৰ বৰণ বা ৰং চাউলধুৱা পানীৰ দৰে হয়। তাত সৰু সৰু বগা ৰঙৰ ছাল ওপঙি থকা দেখা পোৱা যায়। কিন্তু পাছত পৰ্দা বা ছাল বিলাক তললৈ পৰি যোৱাৰ পাচত শৌচৰ পানীখিনি পৰিস্কাৰ দেখায়।
কলেৰাৰ specific লক্ষণ হল, প্ৰবল উডৰামই। কিন্তু পেটত বিষ নাথাকে। শৌচত পৰে মল নাথাকে বুলিও কব পাৰি। চাউলধুৱা পানীৰ দৰে শৌচ হয়। painless pouring of pints. Pale stool. পিত্ত নাথাকে কাৰণেই ইয়াৰ ৰঙ বগা বা ধেলঢেলিয়া হয়। আৰু এবিধ কলেৰা আছে যাক কোৱা হয় cholera sicca অৰ্থাৎ শুদ্ধ কলেৰা। এই ৰোগৰ ৰোগীৰ শৌচ বেছি বাহিৰ হৈ নাহি ক্ষুদ্ৰান্তত আৰু বৃহদন্ত্ৰত জমা হয়। ২/৪ বাৰ শৌচ হৈ বা নৌহওঁতেই ৰোগীৰ মৃত্যু হয়। ই অতি বিপদজনক আৰু ভয়ানক প্ৰজাতিৰ কলেৰা বুলি গণ্য কৰা হয়। ইয়াত অৱকসন্নতা আৰু হাৰ্টফেইলোৰ heart failure মৃত্যুৰ কাৰণ।
চাউলধুৱা পানীৰ দৰে শৌচ আৰু বমি হয় কিন্তু প্ৰকৃততে পানী নাহে ইয়েই হল কলেৰা ৰোগীৰ প্ৰধান লক্ষণ। অতিৰিক্ত বমিয়ে পেটৰ সমূহ অন্ত্ৰ সমূহ লৰাই থেঠালি পেলায়। এনে অৱস্থাত কেতিয়াবা সিকটি আহে আৰু সেই সিকটি ৰোগীৰ বাবে বৰ কষ্টদায়িক হয়। পেটৰ বিষ নাথাকে যদিও পেটত জ্বলন হব পাৰে। পেটৰ মাংসপেশীৰ সংকুচন বা cramps কলেৰা ৰোগৰ নিৰ্দিষ্ট লক্ষণ।
ৰোগ যেতিয়া বেছি হয় তেতিয়া ৰোগীৰ গাৰ ছাল সুতুৰা সুতুৰ পৰা পৰিলক্ষিত হয়। কিন্তু টানি চালে পুনৰ স্বাভাৱিক অৱস্থালৈ আহে। শৰীৰৰ তাপৰ মাত্ৰা কমি গৈ ৯০/৯৫ পায়গৈ। ৰোগীৰ জিভা চুই চালে ঠাণ্ডা অনুভৱ কৰিব পাৰি। গুহ্যদ্বাৰত তাপ বেছি থাকে। চকু সোমাই যায়। তেজ জমাত বাধাৰ সৃষ্টি হোৱা কাৰনে আঙুলিৰ মূৰ বোৰ বগা আৰু নীল বৰণীয়া দেখা যায়। ওঁঠ ও নীলা পৰি যায়। cyanosis. এই লক্ষণ গুৰুতৰ toxemia ৰ লক্ষণ।
ৰোগী চটফটাই থাকে। ৰোগীৰ পক্ষে একে অৱস্থাত থকা সম্ভৱ নহয়। সেই গতিকে খুউৱ বেছি কঁপনি বা কেকণি উঠি থাকে। নাড়ী সূতাৰ দৰে ক্ষীণ হৈ শুকাই যায়। সেই বাবে ইয়াক অনুভৱ কৰিবলৈ টান হৈ পৰে। পিয়াহ অতিপাত বেছি হয় আৰু অলপ পানী খুৱালেই বমিহৈ ওলায় আহে।
হিৰামুৰী ধৰা আৰম্ভ হয়। তেজৰ গাঢ়তা আৰু তাৰ পাছৰ অৱস্থাৰ অৱনতিৰ কাৰণেই প্ৰধানতঃ অংগ পতঙ্গৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ ক্ৰমশঃ পেটৰ মাংস পেখি পৰ্যন্ত সংকুচন বা cramps বিস্তাৰ হয়। যাৰ ফলত ৰোগী ৰক্তহীন বা ৰক্তশূণ্য হৈ পৰে। ইয়াৰ পাছৰ পৰ্যায়ত অৱকসন্নভাব বা collapse আহে। ই ৫/৬ ঘণ্টাৰ পৰা ৩/৪ দিনৰ ভিতৰত ও আহিব পাৰে। প্ৰসাৱ বন্ধ হৈ uremia হব পাৰে।
অৱসন্ন অৱস্থাতে যদি ৰোগীৰ মৃত্যু নহয় তেন্তে পৰৱৰ্তী পৰ্যায়ত ৰোগীৰ অৱস্থা আৰোগ্যৰ দিশত আগবাঢ়ে। ৰোগীৰ stage of reasons আৰম্ভ হয়। শৌচৰ আৰু বমিৰ পৰিমাণ কমি আহিবলৈ ধৰে। বমিত লাহে লাহে পিত্ত দেখা পোৱা যায়। নাড়ী ক্ৰমে উন্নতিৰ দিশত যায়। অঙ্গ পত্যঙ্গ সমূহো ক্ৰমে শেঁতা পৰা ভাব কমি আহে। কিন্তু এই অৱস্থা ও নিৰাপদ নহয়। প্ৰায়ে stage of reaction ত তাপৰ আধিক্য ঘটি ৰোগীৰ মৃত্যু ঘটিব পাৰে।
প্ৰতিষেধক :--
যদি কোনো স্থানত অত্যাধিক জনসমাগম হয়, তেনে স্থানত অচিৰেই কলেৰা বা হাইজা ৰোগ বিয়পিব পাৰে। এই ৰোগ কেৱল মাত্ৰ দূষিত জল বা পানীৰ পৰাহে হয়। ইয়াৰোপৰি বাসী, গোন্ধোৱা পঁচা খাদ্যৰ পৰাও বিয়পিব পাৰে।
এই বোৰ খাদ্যত comma bacilli এ বাঁহ বান্ধে। সেয়েহে প্ৰতি বছৰে গ্ৰীষ্মকাল অহাৰ আগতেই কলেৰা ৰোগৰ নিবাৰণৰ বাবে প্ৰতিষেধক হিচাপে cholera vaccines প্ৰয়োগ কৰা উচিত। আজিকালি T.A.B.C. vaccines মিশ্ৰিত ভাবে typhoid, paratyphoid আৰু cholera একেলগে পোৱা যায়।
পানী, গাখীৰ আদি পানীয় দ্ৰব্য সমূহ সদায় গৰম কৰি উতলাই ব্যৱহাৰ কৰা উচিত। কেতিয়াও বেছি সময় ধৰি খালী পেটত থকা উচিত নহয়।
খাদ্য দ্ৰৱ্য ভালকৈ সিজাই খোৱা উচিত। ঘৰৰ কাৰোবাৰ যদি কলেৰা হয় তেন্তে ৰোগীৰ বিৱহিত কাপোৰ কানি পুৰি বা পুতি পেলাব লাগে। নহলে কলেৰা সূচৰিব পাৰে। যিয়ে ৰোগীৰ শুশ্ৰূষাকাৰী সদায় উপযুক্ত প্ৰতিষেধক আৰু ঔষধ ব্যৱহাৰ কৰা উচিত।
ৰোগীয়ে এৰা বা মাখি পৰা খাদ্য যেন কোনোৱে খাব নোৱাৰে তাৰ বাবে দৃষ্টি ৰখা উচিত। সেয়ে যদি নহয় তেন্তে ৰোগ অতি সোনকালে বিয়পি পৰিব পাৰে। ইয়াৰ ফলস্বৰূপে ই মহামাৰী ৰূপ ধাৰণ কৰিব পাৰে।
বৰ্তমান চিকিৎসা বিজ্ঞানী সকলে বা বৈজ্ঞানীকে কলেৰা বা প্ৰকৃত কলেৰাক পাঁচটি ভাগত ভাগ কৰিছে। যেনে---
১. আক্ৰমণ অৱস্থা :--
একৰ পৰা ছয় ঘন্টা।
২. পূৰ্ণ বিকাশ অৱস্থা :--
তিনিৰ পৰা চৌবিছ ঘন্টা।
৩. পতন অৱস্থা :--
বাৰৰ পৰা চয়ত্ৰিশ ঘন্টা।
৪. পত্ৰিক্ৰিয়া অৱস্থা :--
সামান্য বা কম সময়।
৫. পৰিনাম অৱস্থা :--
অনিৰ্দিষ্ট কাল।
১. আক্ৰমণ অৱস্থা :--
কলেৰাৰ বীজাণু দেহৰ মাজত প্ৰৱেশ কৰাৰ সময়ৰ পৰা আৰম্ভ কৰি চাউলধুৱা পানীৰ দৰে শৌচ হোৱা পৰ্যন্ত সময় ছোৱা হল আক্ৰমণ অৱস্থা। এই অৱস্থা ২/৩ ঘন্টাৰ পৰা ২/৩ দিন পৰ্যন্ত স্থায়ী হয়। এই অৱস্থাত শৰীৰৰ তাপ ক্ৰমে কমি আহে। দেহ দুৰ্বল হৈ পৰে। স্ফুতিহীনতা, মূৰ ঘূৰোৱা, অনিড্রা, অৰুচি, বমি বমি ভাব, অধিক পিয়াহ, মুখত অনবৰতে তিতা কেহা স্বাদ, পেট উখহে আৰু অস্বস্তি হয়। কাণত কিবা সোঁ সোঁঅনি শব্দৰ অনুভৱ হয়।ইয়াৰ লগতে চাউলধুৱা পানীৰ দৰে শৌচ আৰু বমিও চলি থাকে।
২. পূৰ্ণ বিকাশ :--
যেতিয়া ফেনৰ দৰে বা চাউলধুৱা পানীৰ দৰে শৌচ আৰু বমি হৈ থাকে তেতিয়াই আৰম্ভ হয় দ্বিতীয় বা বিকাশ অৱস্থা।অতিপাত পিয়াহ লাগে। মুখমণ্ডল দেখাতেই অসুখীয়া বুজা যায়। চকু সোমাই যায়। হৰিৰ দুৰ্বল হৈ পৰে। মূত্ৰৰ অৱৰোধ হয়। নাড়ী ক্ষীণ হৈ পৰে। চকু ক্ৰমে নীল ৰেখাৰ দ্বাৰা বেষ্টিত হয়। স্বৰ ভংগ, পেটত জ্বলন, পেটত গড় গড় বা কল কল শব্দ হোৱা, শৰীৰৰ কোনো কোনো স্থানত বা অংগত হিৰামুৰী ধৰা, অৱসন্নতা, মুখ আৰু ওঁঠ শুকান হোৱা আদি পৰৱৰ্তী লক্ষণ।
ৰোগ বিশেষে লক্ষণৰ ও পাৰ্থক্য দেখা যায়। কোনো কোনো ৰোগীৰ শৌচ বেছি হয় কিন্তু বমি কম হয়। অন্য কোনোৰ ক্ষেত্ৰত বমি বেছি শৌচ কম হয়।
প্ৰায়ে প্ৰথম অৱস্থাত হালধীয়া ৰঙৰ কম পৰিমাণৰ মল বাহিৰ হয়। পাছত সিও বন্ধ হয়। ইয়াৰ পিছত ধাৰাখাৰে চাউলধুৱা পানীৰ দৰে শৌচ হয়। ইয়াৰ পাছতো যদি কম পৰিমাণে মল আহে তেন্তে বুজিব লাগিব যে ৰোগী ক্ৰমে আৰোগ্যৰ পথত।
৩. পতন অৱস্থা :--
ৰোগীৰ পতন অৱস্থা প্ৰায় ভয়াবহ হয়। বহুতো ৰোগীৰ এই অৱস্থাত মৃত্যু হয়।
দ্বিতীয় অৱস্থাত শৌচ বমি আদি কমি যায়। অস্থিৰতা দেখা দিয়ে। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত পিয়াহ আৰু বমি ইমানেই বেছি হয় যে, পানী খুৱালেই লগে লগেই ওলাই আহে। বাৰে বাৰে বমি কৰাৰ কাৰণে ৰোগী বেয়াকৈ শেঁতা পৰি যায়। নাড়ী স্পন্দন ক্ৰমে লুপ্ত হৈ পৰে। অন্য কি হাতৰ ডাঙৰ শিৰৰ পৰাও স্পন্দন পাবলৈ টান হয়। জীৱনী শক্তি কমি আহে। ওঁঠ নীলা বৰণৰ হয়। শৰীৰ তলফালৰ পৰা ঠাণ্ডা হৈ আহে। চকু সোমাই যায় আৰু ঘুলা বৰণৰ হয়। চকুৰ পতা বহল হৈ পৰে। শ্বাস কষ্ট দেখা দিয়ে। স্বৰ ভংগ হয় বা স্বৰ একেবাৰে ক্ষীণ হৈ পৰে। স্বৰ ইমানেই ক্ষীণ হয় যে ৰোগীয়ে কিবা কলেও বুজিবই নোৱাৰি।
প্ৰসাৱ বন্ধ হোৱাটো একেবাৰে বেয়া লক্ষণ। হাত ভৰি কোঁচ খাই আহে। প্ৰায়ে পানীত তিতিলে যেনে হয় ঠিক তেনে দেখাই।
প্ৰায়ে গা জ্বলন হব পাৰে। গাৰ জ্বলন হোৱাৰ কাৰণে ৰোগীয়ে গাত কোনো কাপোৰ আদি থাকিব নিদিয়ে। কেতিয়াবা শৰীৰত বিন্দু বিন্দু ঘাম দেখা পোৱা যায়। এই অৱস্থাত প্ৰায়ে ৰোগীৰ অজ্ঞাতে মলত্যাগ হয়। যদি শৌচ নহয় তেতিয়া পেট ফুলি উঠে।
ইয়াৰ পিছত ৰোগী ইমানেই নিস্তেজ হৈ পৰে যে শুই থকা অৱস্থাত ইকাটি শিকাটি ও হব নোৱাৰে। এনে অৱস্থাত কেতিয়াবা ৰোগীৰ বমি হওঁতেই মৃত্যু হয়। কেতিয়াবা ৩/৪ ঘণ্টা নিস্তব্ধ ভাবে পৰি থাকি মৃত্যু হয়।
এই পতন অৱস্থাত প্রায় শতকৰা ৩০/৪০ ভাগ ৰোগীৰ মৃত্যু হয়, যদিহে সময় মতে চিকিৎসা নেপায়। যদি এই অৱস্থাতো ৰোগীৰ মৃত্যু নহয় তেন্তে ইয়াৰ পৰৱৰ্তী অৱস্থা বা প্ৰতিক্ৰিয়া অৱস্থাৰ আৰম্ভ হয়।
যদি ভেদ বমি হোৱাৰ ৩/৪ ঘণ্টাৰ পাছতো ৰোগীৰ মৃত্যু নহয় তেন্তে বুজিব লাগিব যে পৰৱৰ্তী অৱস্থা বা প্ৰতিক্ৰিয়া অৱস্থা আৰম্ভ হৈছে।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি নাড়ী লোপ পোৱাৰ পাছত পুনৰ নাড়ীৰ স্পন্দন ঘূৰি নাহে তেন্তে বুজিব লাগিব যে ৰোগীৰ মৃত্যু আসন্ন।
৪. প্ৰতিক্ৰিয়া অৱস্থা :--
এই অৱস্থা হৈছে পতন অৱস্থাৰ পিছৰ পৰ্যায়ৰ অৱস্থা। ৰোগীৰ যদি পতন অৱস্থাত মৃত্যু নহয় তেন্তে পাছত এই অৱস্থা আৰম্ভ হয়।
তৃতীয় অৱস্থাত ৰোগীৰ যি নাড়ী লোপ পাইছিল লাহে লাহে এই অৱস্থাত সেই নাড়ীৰ স্পন্দন ঘূৰি আহে আৰু ৰোগীৰ হাতৰ মনিবন্ধনত নাড়ীৰ স্পন্দন অনুভৱ কৰিব পাৰি।
অৱশ্যে ইয়াতো এটি কথা এই যে প্ৰতিক্ৰিয়াৰ এই অৱস্থা স্বাভাৱিক নে মৃত্যুৰ আগৰ অস্বাভাৱিক অৱস্থা তাক ভালকৈ অনুধাৱন কৰি লোৱা উচিত।
যদিহে ই স্বাভাৱিক প্ৰক্ৰিয়া হয় তেন্তে পুনৰ ধীৰে ধীৰে ৰোগীৰ গাৰ তাপ ঘুৰি আহিবলৈ ধৰে। সামান্য ভাবে ভেদ বমি থাকিব। প্ৰায়ে এই অৱস্থাত জীৱনী শক্তি ঘূৰি আহিবলৈ আৰম্ভ কৰে। এই অৱস্থাত প্ৰেছাব হোৱা অতি ভালৰ লক্ষণ বুলিব পাৰি। যদি ৰোগীৰ প্ৰেছাব হয় তেন্তে বুজিব লাগিব যে ৰোগী আৰোগ্যৰ পথত। চকুৰ জ্যোতিও পুনৰ ঘূৰি আহিব ধৰে।
প্ৰায়ে এই অৱস্থাৰ পাছত ৰোগী লাহে লাহে সুষ্ঠ হৈ অহা দেখা পোৱা যায়।
৫. পৰিনাম অৱস্থা :--
যদি চতুৰ্থ অৱস্থাতও ৰোগী সুষ্ঠ নহয় তেন্তে ৰোগীৰ অৱস্থা আৰু বেয়াৰ ফালে আগবাঢ়ি যায়।
এনে ৰোগীৰ প্ৰতিক্ৰিয়া অৱস্থা খুবেই ক্ষনস্থায়ী হয় আৰু পাছত ই আৰু অতি বেয়াৰ ফালে গতি কৰে।
এই অৱস্থাত ৰোগীৰ দেহৰ নানা অংশত তেজ জমাত বাধাৰ সৃষ্টি হয় আৰু তাৰ ফলত বহু ধৰণৰ বেয়া লক্ষণে দেখা দিব পাৰে।
এনেবোৰ লক্ষণ হল, ৰোগীৰ শৰীৰত পুনৰ জ্বৰ উঠা আৰম্ভ হয়, ৰোগে পুনৰায় নতুনকৈ আক্ৰমণ আৰম্ভ কৰে, প্ৰেছাব বন্ধ হয়, ৰোগীৰ ট্ৰন্দ্ৰাছন্ন ভাব বেছি হৈ উঠে, সিকটি, বমি বমি ভাব, পেটৰ পুৰণি আদি হয়। কাণৰ ভিতৰত জ্বলন, হাওঁফাওঁৰ জ্বলন আদি নানান অশোভনীয় লখনেও দেখা দিয়ে। প্ৰায় ভাগ ৰোগীৰ এনে অৱস্থাত মৃত্যু মুখত পৰা দেখা যায়।
Strong Diarrhoea and
Acute Dysentery
And
Cholera
প্ৰায়ে কিছু চিকিৎসকে সাগণি বা উডৰামই বা strong diarrhoea আৰু কঠিন গ্ৰহণী বা acute Dysentery ৰ ৰোগৰ লগত কলেৰা ৰোগৰ পাৰ্থক্য ঠিকমতে নিৰ্ধাৰণ কৰিব নোৱাৰে। বহুতেই ধাৰণা কৰে যে ঘন ঘন শৌচ আৰু বমি হলেই কলেৰা হয়। কিন্তু এই ধাৰণা ভুল। কেতিয়াবা ৰোগ নিৰ্ণয় কৰাত ভুল হোৱাৰ কাৰণে ৰোগী নাৰ্ভাচ হৈ পৰে আৰু ফল বেয়ালৈ গতি কৰে। দিনে ২০/৩০ বাৰ শৌচ আৰু ৮/১০ বাৰ বমি হোৱাই আচল কলেৰাৰ লক্ষণ হব নোৱাৰে। কঠিন ডায়েৰীয়া বা গ্ৰহণীত ও এনে হব পাৰে। সেয়েহে strong diarrhoea/ acute Dysentery আৰু Cholera ৰ লক্ষণ সমূহ পৃথক পৃথক ভাবে উল্লেখ কৰা হল।
Dysentery আৰু Diarrhoea লক্ষণ সমূহ
১. ইয়াত প্ৰথমে পিত্তযুক্ত হালধীয়া আৰু কলা বৰণৰ শৌচ হয়। হাওঁ যদি নাথাকে তেন্তে বগা বৰণৰ হয়।
২. এনে শৌচৰ মলত প্ৰায়ে অম্ল অন্য গোন্ধ থাকে।
৩. সাধাৰণতে পেটকামোৰণি আদি কৰি পেটত নানান ধৰণৰ বেদনা থাকে।নাভিৰ চাৰিওকাষে কামোৰণি বেছি হয়। পেটৰ বিষৰ কাৰণে ৰোগীয়ে চটফটাই থকা দেখা যায়।
৪. ইয়াত বহুবাৰ পাইখানা হোৱাৰ পাছত পেট চিকুট মাৰি ধৰিব পাৰে। কিন্তু কেতিয়াও উপৰ পেটত নধৰে।
৫. শৰীৰৰ পৰা তাপ অতি ধীৰে ধীৰে কমে, সেই বুলি একেবাৰে কমি নাযায়।
৬. ৰোগী সহজে অৱশ হৈ নপৰে। বহু বাৰ বমি হলে স্বাভাৱিক ভাবেই অলপ দুৰ্বল হৈ পৰে।
৭. ধীৰে ধীৰে হাত ভৰিত সেক দিলে সোনকালেই দেহৰ উত্তাপ বৰ্দ্ধিত হবলৈ ধৰে। তাৰ পাছত আৰু ভয় নাথাকে। দুৰ্বল ভাব ও ক্ৰমে কমি আহে।
৮. ইয়াত সহজে মূত্ৰৰোধ বা প্ৰেছাব বন্ধ নহয়। হলেও সাময়িক বা বহু দেৰিকৈ হয়।
৯. এই ৰোগ প্ৰধানকৈ অখাদ্য বা বেছিকৈ খোৱাৰ কাৰণে হয়। প্ৰায়ে chronic dysentery ও থাকে। ৰোগীৰ শৌচ পৰীক্ষা কৰিলে bacillus পোৱা যায়।
১০. এই ৰোগত ৰোগীৰ দেখাত সিমান বিবৰ্ণ নহয়। হলেও খুউব কম পৰিমাণে।
১১. ইয়াত মৃত্যুৰ হাৰ সিমান বেছি নাথাকে।
১২. ৰোগ প্ৰথম অৱস্থাত পালে অলপ চিকিৎসাতে ৰোগৰ উপশম ঘটে।
Cholera ৰ লক্ষণ সমুহ :-
১. প্ৰকৃত কলেৰা, ইয়াত প্ৰথমেই পিত্তমুক্ত চাউলধুৱা পানীৰ দৰে শৌচ হয়।
২. প্ৰথমে দুই তিনি বাৰ শৌচত গোন্ধ ওলায় কিন্তু তাৰ পাছত কোনো গোন্ধ নাথাকে।
৩. পেটত কোনো বিষ আদি নাথাকে। কোনো কোনোৰ ক্ষেত্ৰত কৰঙনৰ কাষত বিষ হয়।
৪. ইয়াত কেইবাৰমান শৌচ আৰু বমি কৰাৰ পাছতেই হাত ভৰিত হিৰামুৰী ধৰে। ইয়াত সোনকালে হিৰামুৰীয়ে ধাৰাটো ভালৰ লক্ষণ নহয়।
৫. অতি দ্ৰুত গতিত শৰীৰৰ তাপ কমিবলৈ ধৰে, কম সময়ৰ ভিতৰত হাত ভৰি ঠাণ্ডা পৰি যায়।
৬. ইয়াত ৰোগী অতিমাত্ৰা অৱশ হৈ পৰে। আনকি পিছত লৰচৰ কৰিবৰ বাবেও শক্তিয়ে নোকোলাই। প্ৰায়ে অজ্ঞান হৈ পৰি ৰয়।
৭. ইয়াত দেহৰ উত্তাপ সিমান সহজে উঠিব নোখোজে। বিনা ঔষধৰ প্ৰয়োগেৰে দুৰ্বলতা ও নাতৰে।
৮. ইয়াত কেইবাৰমান বমি হোৱাৰ পাছতে মূত্ৰৰোধ আৰম্ভ হয়।
৯. Comma bacillus নামৰ বীজাণুৰ পৰা এই ৰোগ হয়। ৰোগীৰ শৌচ পৰীক্ষা কৰিলে ইয়াৰ বীজাণু পোৱা যায়।
১০. ইয়াত ৰোগীৰ সৰ্বশৰীৰ খুউৱ বেছি বিবৰ্ণ হৈ পৰে। ৰোগীৰ শৰীৰ প্ৰায় নিলাভ দেখাব পাৰে।
১১. ইয়াত ৰোগীৰ প্ৰায় মৃত্যু ভয় থাকে।
১২. প্ৰাথমিক অৱস্থাত সাধাৰণ গ্ৰহণী আদিৰ চিকিৎসাত এই ৰোগ কোনো পধ্যেই আৰোগ্য নহয়।
কলেৰাৰ মাৰাত্মক লক্ষণ সমূহ:--
প্ৰকৃত কলেৰা ৰোগ হলে নানান মাৰাত্মক লক্ষণ প্ৰকাশ পায়। সেইবোৰ লক্ষণে দেখা দিলে ৰোগী অচিৰেই মৃত্যুৰ দিশৰ আগুৱাই যায়।
এনেবোৰ লক্ষণে দেখা দিয়ে কাৰণেই কলেৰা ৰোগক ইমান বেছি মাৰাত্মক বুলি বিবেচিত কৰা হয়। উপযুক্ত ভাল চিকিৎসাৰ অবিহনে ৰোগীক বচোৱা প্রায় অসম্ভৱ বুলি কব পাৰি। এই মাৰাত্মক লক্ষণ সমূহ হল-
১. প্ৰথম অৱস্থাৰ পৰাই চাউলধুৱা পানীৰদৰে শৌচ আৰু বমি হয়। যিয়ে নেকি বন্ধ হোৱাৰ নামেই লব নোখোজে।
২. অতি দ্ৰুত গতিত দুৰ্বলতা আৰু অৱকসন্নতা আহি পৰে।
৩. শৰীৰৰ তাপমান দ্ৰুত ভাবে হ্রাস পোৱা অন্য এটা বেয়া লক্ষণ। হাত ভৰিৰ তাপ প্ৰথমে কমে, তাৰ পাছত শৰীৰৰ আন আন অংশৰ তাপ কমে। সময়মতে চিকিৎসা নকৰিলে ৰোগীৰ heart failure হব পাৰে।
৪. হাত ভৰিত হিৰামুৰীয়ে ধৰা আন এটা বেয়া লক্ষণ বা উপখৰ্গ। অতি দ্ৰুত ভাবে ( ৩/৪ বাৰ বা ৫/৬ বাৰ শৌচ হোৱাৰ পাছতেই ) হিৰামুৰীয়ে ধৰা অতি বেয়া লক্ষণ।
৫. অজ্ঞান, বা ট্ৰন্দ্ৰাছন্ন বা জ্ঞানহীন অৱস্থা ও অতি বেয়া। এনে হলে ৰোগীৰ পতন অৱস্থা ওচৰ চাপি আহে।
৬. মূত্ৰৰোধ বা প্ৰেছাব বন্ধ হোৱাটো ও এটি বেয়া লক্ষণ। সেয়েহে ৰোগীক যিমান পাৰে সিমান সোনকালে প্ৰসাৱ কৰোৱাৰ ব্যৱস্থা কৰিব লাগে।প্ৰেছাব হলেহে ৰোগীৰ অৱস্থা ভাললৈ আহিব বুলি ভাবিব পাৰি।
৭. Uremia বা প্ৰেছাব বন্ধ, সংজ্ঞাহীনতা, নিঃশ্বাসত acetone ৰ গোন্ধ, সিকটি আদিও বেয়া লক্ষণ।
৮. ইয়াৰ উপখৰ্গ হিচাপে হাওঁফাওঁৰ প্ৰদাহ বা broncho pneumonia ও হব পাৰে।
চিকিৎসা বা Treatment :--
যথা চিৰ্ঘে চিকিত্সালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিব লাগে নতুবা কোনো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগী যতে আছে তাতে তৎকালীন ভাবে চিকিৎসা আগবঢ়াব। ইয়াত পয্যাপ্ত পৰিমাণে intravenous fluid ৰ প্রয়োজন হব, সেয়েহে পৰাপক্ষত ৰোগীক hospitalized কৰাটো বাঞ্ছনীয়।
আনুসংগিক ব্যৱস্থা :--
১. ৰোগীক সম্পূৰ্ণ বেলেগ ঘৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে। ৰোগীয়ে এৰা খাদ্য কোনেও খাব নালাগে। একমাত্ৰ শুশ্ৰখাকাৰীৰ বাহিৰে অন্য লোকৰ প্ৰৱেশ নিষেধ হব লাগে। ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ কানি পুৰি পেলোৱা উচিত।
২. ৰোগীক কোনো কাৰণতে বিচনাৰ পৰা উঠিবলৈ দিব নালাগে।
৩. ৰোগীক প্ৰথম অৱস্থাত ডাৱৰৰ পানী, শুধ পানী, পাতল গ্লুকোজ পানীৰ বাহিৰে আন কোনো ধৰণৰ বস্তুৱেই দিব নালাগে।
৪. ৰোগীৰ অৱস্থাৰ উন্নতি হলে, শৌচ বমি কমি গলে আৰু প্ৰেছাব আদি হলে পানীৰ সৈতে ফলৰ ৰস মিহলাই দিব পৰা যায়।
৫. কেতিয়াবা তাৰপিন টেলেৰে বা সামান্য গৰম পানীৰে ৰোগীৰ পেটত পাতলীয়া কৈ মুহাৰিলেও প্ৰেছাব হোৱা দেখা যায়।
৬. ৰুগীক চিকিৎসা কালীন অৱস্থাত, সুষ্ঠ নোহোৱা পৰ্যন্ত কেতিয়াও বিৰক্ত কৰিব নেলাগে। এই ৰোগ এবিধ কঠিন ৰোগ, সেইয়েহে তৎকালীন ভাৱে সূচিকিৎসাৰ প্ৰয়োজন।
৭. " ঐ জহনীত যোৱা হত, বা ঐ জহনীত জাতি, বা ঐ হাইজাত যোৱা হত' " এই ধৰণৰ তীক্ষ্ণ বাক্যবাণ তাহানি গাঁওৰ বিশেষ কৈ আইতা সকলৰ মুখত শুনিবলৈ পাইছিলোঁ। যেতিয়া কোনো লৰা ছোৱালী বা অন্যৰ কিবা কৰ্মত অতিষ্ঠ হৈছিল তেতিয়া এই বাক্য কেইশাৰী আমোঘ অস্ত্ৰ হিচাপে প্ৰয়োগ কৰিছিল। ইয়াৰ পৰাই আমি অনুধাৱন কৰিব পাৰো এই ৰোগে কেনেকৈ একো একোটা বিশেষ চাপ সমাজত এৰি গৈছিল। সেইসমূহে আমাক শিক্ষা দিয়ে। সাৱধানীৰ মৰণ নাই। গতিকে সাৱধান হৈ আমি নিশ্চয় ইয়াৰ পৰা হাত সাৰিব পাৰিম।
----------------##---------------
আগলৈ ক্ৰমশঃ
Please visit and subscribed my post and get regular upgraded information about prevention of disease, awareness about health and diseases.
www.hengdang.blogspot.in
Comments
Post a Comment