শূল ৰোগ বা colic pain
ইয়াৰ কাৰণ :--
পেটত অকস্মাতে প্ৰবল ভাবে খুঁচ মাৰি বিষ হলে তাকেই শূলবিষ বা colic pain বোলা হয়। এই বিষ সাধাৰণতে একেৰাহে নাথাকে। কেতিয়াবা বাঢ়ে আৰু কেতিয়াবা কমে।
এই বিষ মাত্ৰ এটা কাৰণতে নহয়, ই নানা কাৰণত হোৱা দেখা পোৱা যায়। যেনে :--
১. ক্ষুদ্ৰান্ত্ৰ আৰু বৃহৎ অন্ত্ৰ পেশীৰ সংকুচনৰ ফলত যি বিষ হয় তাক অম্ল শূল বোলে।
২. পিত্তবাহী নলীত (bile duct) পাথৰৰ কাৰণে বিষ হলে তাক কোৱা হয় পিত্তহুল। biliary colic.
৩. গ্ৰহণী, নাড়ীৰ চাৰিও দিশে অত্যন্ত বিষ, iliacus fossa ত বিষ ও গ্ৰহণী থাকিলে তাকে কোৱা হয় আমজনীত শূল বিষ।
৪. কৃমিৰ কাৰণে বা বিষাক্ত খাদ্য গ্ৰহণত food poisoning ত পেট বিষ হয়।
৫. মূত্ৰৰ স্থলীত পাথৰ হলেও পেটৰ বিষ হয়।তাকে বোলা হয় মূত্ৰাশইৰ শূল বা renal colic. এই বিষয়ে পৰৱৰ্তী পৰ্যায়ত বিতংকৈ আলোচনা কৰা হৈছে।
ইয়াৰ লক্ষণ সমূহ :--
১. পেটত অশয্য বিষ অনুভৱ, কেতিয়াবা কেতিয়াবা তাৰ লগতে প্ৰচণ্ড ভাবে পেট কামোৰণি হয়। কেতিয়াবা নাভিৰ চাৰিও দিশে বা কেতিয়াবা তলপেটত অত্যন্ত বিষ।ৰোগী যন্ত্ৰণাত চটফটাই থাকে।
২. কেতিয়াবা কুষ্ঠকাঠিন্য থাকে, কেতিয়াবা উডৰামই দেখা দিয়ে। গুৰুপাক খাদ্য ভক্ষণ, ঠাণ্ডা লগা, অনিয়ম আদি হলে বিষ বেছি হয়।
৩. বমি বা বমি ভাব, পিত্ত বমি বা অম্ল বমি আদি নানা উপখৰ্গই দেখা দিয়ে।
৪. সকলো সময়তে পেট ভৰি থকা যেন অনুভৱ হয়। একো বস্তু খাবলৈ ইচ্ছা নোহোৱা হয়। বায়ু নিঃসৰণ, (পাদ), উগাৰ আদি থাকে।
৫. প্ৰায়ে পেটত বায়ু জমা হৈ পেট ফুলি উঠে। তেতিয়া ৰোগীয়ে যন্ত্ৰনাত চটফটাই থাকে, ঘাম ওলায়, এনে অৱস্থাত প্ৰায়ে ৰোগীৰ মল মূত্ৰ বন্ধ হৈ পৰে।
চিকিৎসা বা Treatment :--
দক্ষ আৰু অভিজ্ঞতা পুষ্ট চিকিৎসকৰ দ্বাৰা তৎকালে চিকিৎসা আগবঢ়াব।
আনুকসংগিক ব্যৱস্থা সমূহ peritonitis ৰ দৰে একে, গতিকে বেলেগে আলোচনা কৰা নহল।
--------------##-----------
আগলৈ ক্ৰমশঃ
Please visit and subscribed my blog and get regular upgraded information about prevention of disease, awareness about health and diseases.
www.hengdang.blogspot.in
Comments
Post a Comment