Dilatation of the Stomach বা পাকস্থলীৰ প্ৰসাৰণ ৰোগ
ইয়াৰ কাৰণ :--
বহুদিন ধৰি পাকস্থলী বৰ্ধিত বা ফুলি থকা অৱস্থাকে পাকস্থলী প্ৰসাৰণ বুলি কোৱা হয়। অতিৰিক্ত পানাহাৰ এই ৰোগৰ মুখ্য কাৰণ।
ইয়াৰ লক্ষণ :--
১. অনবৰতে পেট ফুলি থাকে।
২. কুষ্ঠকাঠিন্য হয় আৰু আৰু কঠিন শৌচ হয় বা শৌচ নহবও পাৰে।
৩. টেঙা বা তিতা টেঙা বমি হব পাৰে।
৪. দুৰ্বলতা, দেহ প্ৰায় হালধীয়া বৰণৰ, jaundice, শীৰ্ণতা, আৰু যকৃতৰ দোষ। মুখত তিতা তিতা স্বাদ, টেঙা খাবলৈ ইচ্ছা যোৱা, বমি, পেটৰ তলৰ ফালে শকত যেন অনুভৱ আদিয়ে প্ৰধান লক্ষণ।
৫. পেটত বিষ থকা স্বাভাৱিক।
৬. জিভা প্ৰায় লেপলেপীয়া হয়। বুকু ধৰফৰ, মূৰৰ বিষ, মূৰ ঘূৰোৱা আদি হোৱা স্বাভাৱিক।
চিকিৎসা বা Treatment :--
প্ৰথম অৱস্থাতেই অৰ্থাৎ ৰোগ ধৰা পৰাৰ লগে লগেই চিকিৎসা কৰিলে ৰোগ সিমান মাৰাত্মক নহয় আৰু ৰোগীৰ সিমান ভয় নাথাকে। দেৰি হলে বা ইয়াক উপেক্ষা কৰিলে ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে।
ৰোগ ধৰা পৰাৰ লগে লগে খাদ্য আদি বৰ্জন আৰু তৰল পানীয় বা তৰল খাদ্য আদি দিব লাগে। স্নায়ুৰ দুৰ্বলতাৰ কাৰণে অন্ত্ৰৰ ক্ৰিয়াৰ তাৰতম্য ঘটিলে জটিলতাৰ সৃষ্টি হব পাৰে। সেয়েহে যিমান পাৰে সোনকালে চিকিৎসকৰ কাষ চপা উচিত।
আনুসংগিক ব্যৱস্থা :--
১. পেটত তেল বা নাৰিকল তেলেৰে পাতলীয়া কৈ মালিচ কৰিলে আৰাম পোৱা যায়।
২. ফলৰ ৰস, হৰলিক্স আদি পাতল পথ্য দিব লাগে। অন্য আহাৰ বৰ্জনীয়।
৩. অন্ত্ৰৰ মাজত খাদ্যদ্ৰব্য লাগি থকা যেন অনুভৱ হলে turpentine oil ৰে মালিচ কৰিলে ভাল ফল পোৱা যায়।
-----------------##---------------
আগলৈ ক্ৰমশঃ
Please visit and subscribed my blog and get regular upgraded information about prevention of disease, awareness about health and diseases.
www.hengdang.blogspot.in
Comments
Post a Comment