অন্ত্ৰত প্ৰদাহ বা ENTERITIS
ইয়াৰ কাৰণ :--
খোৱা খাদ্য সমূহ হজম সবৰ বাবে পাকস্থলীৰ পাছতে যি অংশ আছে তাকে আমি অন্ত্ৰ বুলি কওঁ। ইয়াৰ দুটা ভাগ। ক্ষুদ্ৰ অন্ত্ৰ আৰু বৃহৎ অন্ত্ৰ।ক্ষুদ্ৰান্ত অপেক্ষাকৃত ভাবে সৰু কিন্তু সি সুদীৰ্ঘ। আনহাতে বৃহদঅন্ত্ৰ বৰ শকত কিন্তু সিমান দীঘল নহয়।
ক্ষুদ্ৰান্তৰ প্ৰদাহ বা জ্বলনকে Enteritis বোলা হয়। বৃহদঅন্তৰ প্ৰদাহক কোৱা হয় colitis. সাধাৰণতে গ্ৰীষ্মকালত ই বেছি হয়। প্ৰায়ে গ্ৰহণীৰ পৰাও ইয়াক হোৱা দেখা পোৱা যায়। আচল আৰু প্ৰধান কাৰণ হল জীৱানুৰ বা বীজাণুৰ দ্বাৰা দূষিত খাদ্য ভক্ষণ, বা অখাদ্য ভক্ষণৰ কাৰণে হোৱা অজিন্নতা।
ইয়াৰ লক্ষণ :--
(ক্ষুদ্ৰান্তৰ প্ৰদাহ বা জ্বলন)
১. প্ৰথমে নাভিৰ চাৰিও দিশে প্ৰচণ্ড বিষ হয়। ঠিক খুঁচ মাৰি ধৰাৰ দৰে বিষ হয়।
২. পেটত হেঁচা দিলে লগে লগে বিষ বেছি হয়। ৰোগীয়ে চিঞৰী উঠে। চুপচাপ শুই থাকিলে বিষ কম হয় কিন্তু লৰচৰ কৰিলে বিষ বৃদ্ধি হয়।
৩. পাছত উডৰামই হয় আৰু ঘন ঘন শৌচ হয়।
৪. প্ৰায়ে বমি হয়।
৫. অৰুচি, পেট ঢপধপুৱা, পেটত ভূত ভাট কৰা ইত্যাদি লক্ষণ ও থাকিব পাৰে।
৬. প্ৰায়ে শৌচৰ ইচ্ছা প্ৰবল ভাবে হয় যদিও শৌচ হয় খুৱ কম পৰিমাণে। শৌচৰ পাছত সাময়িক ভাৱে বিষ কমি আহে।
(বৃহৎ অন্ত্ৰৰ জ্বলন বা প্ৰদাহ)
১. তলপেটত বিষ, কেতিয়াবা বিষ অতিমাত্ৰাত বাঢ়ি যায়।
২. পাইখানা বা শৌচৰ লগত প্ৰায়ে তেজ বাহিৰ হয়।
চিকিৎসা বা Treatment :--
যিমান পাৰে সোনকালে চিকিৎসকৰ কাষ চাপিব, যদি সম্ভৱ হয় পৰাপক্ষত এজন gastroenterologist ক দেখাব পাৰিলে বেছি ভাল।
আনুসংগিক ব্যৱস্থা :--
১. পেটত তেল বা টাৰপিন তেলেৰে মালিচ কৰিলে উপকাৰ পোৱা যায়।
২. বমি চলি থাকিলে বৰফ চুপিবলে দিলে ভাল।
৩. শৌচ বেছিকৈ চলি থকা অৱস্থাত কোনো ধৰণৰ খাদ্য খুৱাব নালাগে। গ্লুকোজ পানী বা ডাবৰ পানী দিব পৰা যায়।
৪. শৌচ আৰু পেটৰ বিষ কমি গলে হৰলিক্স, বাৰ্লি আদি দিব পৰা যায়। দুই এক দিনৰ পাছত কোমল ভাত আৰু পাতল জোল আদি দিব পৰা যায়। মাটিকান্দুৰী শাক ৰোগীৰ বাবে বেছ উপকাৰী।
৫. দীৰ্ঘ দিনৰ কাৰণে অনাচাৰ, অত্যাচাৰ, নিচা সেৱন, বেছিকৈ ভজা বস্তু খোৱা বৰ্জনীয়।
৬. এই ৰোগ আৰোগ্য হবলৈ বহুদিন লাগে আৰু বহু ধৰা বন্ধা নিয়ম মতে চলিলেহে ইয়াৰ সম্পূৰ্ণ আৰোগ্য লাভ কৰাটো সম্ভৱ।
--------------##------------
আগলৈ ক্ৰমশঃ
Please visit and subscribed my blog and get regular upgraded information about prevention of disease, awareness about health and diseases.
www.hengdang.blogspot.in
Comments
Post a Comment