পিত্তপাঠৰী বা Gallstones

ইয়াৰ কাৰণ :--
    পিত্তকোষ বা gallbladder ৰৰ পৰা সঞ্চিত পিত্ত ৰস, পিত্ত বাহি নলী, bile duct য়েদি আহি ক্ষুদ্ৰান্তৰ প্রথম অংশ বা duodenum ৰ মধ্য অংশত পতিত বা অৱস্থিত হয়।
       আহাৰ আদিৰ দোষত কেতিয়াবা এই পিত্ত ৰস জমি যায় আৰু আৰু জমা হৈ হৈ সি প্ৰস্তৰ কণা বা gallstones ত পৰিণত হয়।
       পিত্তকোষ বা পিত্তনলীত এই পিত্তকণা সৰু বালিৰ দৰে বা পাৰৰ কণীৰ সমান ডাঙৰ হব পাৰে আৰু ই কলা ৰঙৰ হয়। কেতিয়াবা এটি বা দুটি আৰু কেতিয়াবা বহু সংখ্যাত এই পাথৰ সৃষ্টি হোৱা দেখা পোৱা যায়।
     শতকৰা প্ৰায় দহজন লোকৰে এই ৰোগ হোৱা দেখা পোৱা যায় যদিও পিত্ত পাঠৰি সুক্ষ্ম আকাৰৰ বেছি ভাগৰে হোৱা হেতুকে প্ৰায় নিজে নিজে বাহিৰ হৈ আহে।
    পিত্তকোষ অৱস্থিত স্থানত অলপ বিষ বা বেদনা অনুভৱ এই ৰোগৰ প্ৰধান লক্ষণ। কেতিয়াবা কিন্তু এনে লোকো পোৱা যায় যে গোটেই জীৱন পিত্তপাঠৰী ৰোগত ভুগি আছে কিন্তু তেওঁ নিজে গমকে নাপায়। কোনো বিষ আদি  অনুভৱ নকৰে।
     পাঠৰটি বা stone যিমান দিন পিত্তকোষৰ মাজত থাকে ৰোগীয়ে সিমান দিনলৈকে কোনো বিষ আদিৰ অনুভৱ নকৰে। কেতিয়াবা কেতিয়াবাহে সেই স্থানত কম পৰিমাণে বিষ অনুভৱ হয়। কিন্তু যেতিয়াই এই পাথৰ পিত্তকোষৰ পৰা পিত্তনলীত bile duct ত প্ৰৱেশ কৰে তেতিয়া লগে লগেই সেই স্থান বা অন্যান্য অংশ সমূহত এক অসয্য বিষ বেদনা আৰম্ভ হয় আৰু ৰোগী অস্থিৰ হৈ পৰে। ইয়াকে বোলা হয় পিত্তহুল বা biliary colic.
     এই শূল বেদনা অতি কষ্টকৰ আৰু ইয়াৰ লগতে অন্যান্য বহু  বিসংগতিয়ে দেখা দিব পাৰে। সেই বিলাক বিসংগতিৰ সঠিক কাৰণ কিন্তু আজিও জানিব পৰা হোৱা নাই।
    
ইয়াৰ লক্ষণ সমূহ :--

১.  সোঁফালৰ কাশলটিৰ পৰা আৰম্ভ কৰি বিষ চাৰিও দিশে বিয়পি পৰে। অতিপাত বিষত ৰোগী কেতিয়াবা অৱসন্ন হৈ পৰে।

২.  বিষৰ লগতে ঠাণ্ডা ঘাম, দুৰ্বল নাড়ী, চটফটনি ভাব, collapse অৱস্থা, শ্বাস প্ৰশাসত কষ্ট আদি দেখা পোৱা যায়।

৩.  ইয়াত কেতিয়াবা jaundice হয় আৰু ৰোগী হালধীয়া পৰি যায়।

৪.  প্ৰায়ে বমি বা পিত্ত বমি হোৱা দেখা পোৱা যায়।

৫.  কেতিয়াবা কেতিয়াবা আকৌ দুই এক দিনৰ পাছত, প্ৰচণ্ড বিষ হোৱাৰ পাছত বিষ এৰি যোৱা দেখা যায়। তেনে হলে বুজিব লাগিব যে পাঠৰটি মানে stone সৰু আকাৰৰ আছিল আৰু পিত্তনলীৰ পৰা সি বাহিৰ হৈ গৈছে। যদিহে ই বাহিৰ নহয় তেন্তে শল্য চিকিৎসা বা অস্ত্ৰোপচাৰ পর্যন্ত কৰিব লগা হব পাৰে। পাথৰ বা stone যদি পিত্তকোষৰ পৰা বাহিৰ হৈ যায় তেন্তে সি আপোনা আপুনি মলৰ সৈতে বা শৌচৰ লগত বাহিৰ হৈ যায় আৰু তাৰ পাছত কোনো যন্ত্ৰণা নহয়।

চিকিৎসা বা Treatment :--
     কথা চিৰ্ঘে চিকিৎসকৰ কাষ চপা উচিত। আৱশ্যক বোধেৰে শল্য চিকিৎসাৰ ও প্ৰয়োজনীয়তা আহিব পাৰে।

ইয়াৰ আনুসংগিক ব্যৱস্থা আৰু পাৰ্শ্বক্ৰিয়া  :--

১.  ৰোগ চলি থকা সময়ত সদায় পাতল আৰু পুষ্টিকৰ খাদ্য আৰু পানীয় খাদ্য খাব লাগে। যেনে- হৰলিক্স, ফলৰ ৰস, ডাৱৰ পানী, ছানা ভিজুৱা পানী আদি ৰোগীৰ বাবে বেছ উপকাৰী পথ্য। আপেল ফল সিজাই খাবলৈ দিলে ভাল ফল পোৱা যায়।

২.  যদি ৰোগ নিজে নিজে ভাল হয় আৰু পুনৰ নহয় তেন্তে বুজিব লাগিব যে পাথৰ বাহিৰ হৈ গৈছে। তেতিয়া অলপ অলপকৈ ভাত ডাইল চবজি আদি দিব পাৰে।

৩.  ঘিঁউ, মাখন আদি চৰ্বী জাতীয় আহাৰ ত্যাগ কৰাই উচিত।

পিত্তপাঠৰী আৰু মূত্ৰপাঠৰীৰ পাৰ্থক্য :--
       পিত্তকোষত পাথৰ উৎপত্তি হলে যেনেকৈ পিত্তহুল হয়, ঠিক তেনেকৈ মূত্ৰবাহী নলীৰ ureter মুখত বা বৃক্কত kidney পাথৰ উৎপত্তি হলে মূত্ৰপাঠৰী ৰোগ হয়। এই ৰোগত বৃক্কত বিষ হয়। এই বিষকেই কোৱা হয় renal colic. এই দুই ধৰণৰ বিষৰ মাজত যি পাৰ্থক্য তাক আলোচনা কৰা হৈছে। মূত্ৰপাঠৰী সম্পৰ্কে পিছত বহলাই উল্লেখ কৰা হব।

ক্ৰমে মূত্ৰপাঠৰী আৰু পিত্তপাঠৰী

মূত্ৰপাঠৰী বা Renal stone:--

১.  পিঠিৰ পাছফালে আৰম্ভ হৈ অণ্ডকোষ পৰ্যন্ত বিষ হয়।

২.  বিষ শৰীৰত নিম্নাংশত বেচি হয়।

৩.  বাৰে বাৰে বা সঘনে মূত্ৰত্যাগৰ ইচ্ছা হয়। মূত্ৰৰ সৈতে তেজ ও ওলাব পাৰে।

৪.  ইয়াত jaundice নহয়।

৫.  পাথৰ প্ৰায়ে মূত্ৰৰ লগত বাহিৰ হৈ যায়।

পিত্তপাঠৰী বা Gallstones  :--

,১.  নাভিস্থলত প্ৰচণ্ড বিষ অনুভৱ হয়।

২.  বিষ সোঁ কান্ধৰ পৰা আৰম্ভ কৰি সোঁ পেট পৰ্যন্ত বিস্তৃত হব পাৰে।

৩.  ইয়াত সঘন মূত্ৰ ত্যাগৰ ইচ্ছা নাথাকে।

৪.  ইয়াত বা এই ৰোগত প্ৰায়ে jaundice হোৱা পৰিলক্ষিত হয়।

৫.  এই ৰোগৰ পাথৰ প্ৰায়ে শৌচৰ সময়ত মলৰ সৈতে বাহিৰ হৈ যায়।

            ---------------##--------------

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms