Gastric cancer or stomach Cancer বা আন্ত্ৰীক কৰ্কট ৰোগ

ইয়াৰ কাৰণ :--
  Gastric cancer বা আন্ত্ৰিক কৰ্কট ৰোগ সৃষ্টিৰ নিৰ্ধাৰিত মূখ্য কাৰণ অদ্য পৰিমিত অজ্ঞাত বুলিয়ে কব পাৰি। দীৰ্ঘদিন ধৰি Gastritis বা gastric ulcers ত ভুগি থাকিলেও এই ৰোগ হব পাৰে। এই ৰোগত অস্বাভাৱিক পৰিমাণে কোষ বৃদ্ধি হয়।

ইয়াৰ লক্ষণ সমূহ :--
   এই ৰোগক এক প্ৰকাৰৰ দুৰাৰোগ্য ৰোগ বুলি গণ্য কৰা হয়। পেটৰ ভিতৰত অনবৰতে বিষ বেদনা অনুভৱ হয়। খালে বা নাখালে, পেটৰ বিষ কিন্তু একেই অৱস্থাত থাকে। প্ৰায়ে খোৱা বস্তু বমি হৈ ওলাই অহা দেখা পোৱা যায়।
     পেটত অলপকৈ সেছিলেও বিষ বৃদ্ধি পায়। বমিৰ লগত প্ৰায় কফিৰ দৰে বা লাল বা ৰঙচুৱা পদাৰ্থ বাহিৰ হয়। এই ৰোগৰ এইটো প্ৰধান লক্ষণ বুলি গণ্য কৰা হয়। প্ৰায়ে তেজ বমি হয়। ৰক্তহীনতা বা Anaemia ই দেখা দিয়ে। ৰোগ যিমানে পুৰণি হৈ গৈ থাকে ৰোগীৰ অৱস্থা ক্ৰমে শুকাই ক্ষীনাই যায় আৰু শৰীৰ ৰক্তহীন হৈ পৰে।এনেকৈয়ে অৱশেষত ৰোগীৰ মৃত্যু হয়।
      Diagnosis বা ৰোগ নিদ্ধাৰণৰ সময়ত, পাকস্থলীৰ ক্ষত বা ulcers আৰু Cancer, এই দুয়োটা ৰোগৰ মাজৰ পাৰ্থক্য বুজি লোৱাটো অতীব প্ৰয়োজন। সেয়েহে ক্ৰম অনুসৰি দুয়োটাৰে তুলনা পৃথক পৃথক কৈ আলোচনা কৰা হৈছে।

Stomach Ulcers

১.  বিষ সাধাৰণতে সব সময়তে নাথাকে।
২.  বমি হলে বিষ বেদনা কমি যায়।
৩.  পেটত অলপ জোৰে সেছিলেহে বেছি বিষ হয়।
৪.  বমিত তেজ নাথাকে বা থাকিলেও কম পৰিমাণে কেঁচা তেজ থাকে।
৫.  চিকিৎসা কৰিলে বিষ বেদনা কমি যায়।

Stomach Cancer

১.  বিষ বেদনা সকলো সময়তে থাকে।
২.  বমি হৈ গলেও বিষ নকমে।
৩.  পেটত সামান্য ভাবে হেঁচা দিলেও ভীষণ বিষ অনুভৱ হয়।
৪.  বমি প্ৰায় কফি বা চকলেট ৰঙৰ হয়।
৫.  যিমানেই চিকিৎসা নকৰাওক কিয়, এই ৰোগ সহজে নকমে বা কেতিয়াবা মুঠেও নকমিব পাৰে।

চিকিৎসা তথা আনুকসংগিক ব্যৱস্থা :--

   এই ৰোগৰ চিকিৎসা খুবেই দুঃসাধ্য বা একপ্ৰকাৰে অসম্ভৱ বুলিয়ে কব পাৰি। এই ৰোগ আৰম্ভ হলে হৈছে বুলি ধাৰণা হলেই অতিশ্ৰীঘে এজন অভিজ্ঞ চিকিৎসকৰ কাষ চাপিব। এই ৰোগৰ একমাত্ৰ উপায় হল, ৰোগৰ আৰম্ভণিতে অস্ত্ৰোপচাৰৰ দ্বাৰা আক্ৰান্ত অংশ কাটি পেলোৱাৰ বাহিৰে অন্য উপায় নাই। তেতিয়াও যে সম্পূৰ্ণ আৰোগ্য হব তাৰ কোনো নিঃস্বয়তা নাই।
     নিয়মিত ভাৱে পাতল পথ্য দিব লাগে। উত্তেজক বস্তু খোৱা একেবাৰে বন্ধ কৰা উচিত। সম্পূৰ্ণ বিশ্ৰাম একান্তই প্ৰয়োজনীয়।

         ---------------##-------------

Comments

  1. This is best information, that i read in your post. make more such type of post and infor us thanku.


    Stomach Cancer Doctor in Mumbai
    Cancer hospital in Mumbai



    ReplyDelete

Post a Comment

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms