Gastric ulcers and duodenal ulcers বা পাকস্থলীৰ ক্ষত বা ফুটা
ইয়াৰ কাৰণ :--
দীৰ্ঘ দিন ধৰি পাকস্থলীৰ জ্বলন ৰোগত ভুগিলে তাৰ ফলস্বৰূপে পাকস্থলীৰ ক্ষত ৰোগ বা gastric ulcers ৰোগৰ সৃষ্টি হয়।কেতিয়াবা আকৌ আগতে জ্বলন আদি নোহোৱাকৈএ হঠাৎ ক্ষত বা ulcers হব পাৰে। ইয়াত পাকস্থলীৰ ছালত ঘাঁ বা ক্ষত হয়। চিকিৎসকৰ ধাৰণা, বেছি দিন ধৰি বেছি মাত্ৰাত অম্ল নিঃসৰণ হৈ থাকিলে, তাৰ ফলতেই এই ক্ষত বা ঘাঁৰ সৃষ্টি হয়। প্ৰায়ে ইয়াৰ প্ৰকৃত কাৰণ সঠিক ভাবে পোৱা নাযায়।
এই ঘাঁ বা ক্ষত অতি মাৰাত্মক। এই ঘাঁ বা ক্ষতৰ ফলত পাছত পাকস্থলীত ফুটা বা ছিদ্ৰ perforation হব পাৰে। পাকস্থলীৰ ফুটা বা বিন্ধা অতি মাৰাত্মক ৰোগ। অস্ত্ৰোপচাৰ operation বাদে ইয়াৰ অন্য চিকিৎসা নাই।
এই ক্ষত দুই ধৰণৰ হয়।
১. প্ৰকৃত পাকস্থলীৰ বা stomach ত ক্ষত, যাক কোৱা হয় gastric ulcers.
২. পাকস্থলীৰ পাচত যি U আকাৰৰ নলী বা duodenum আছে, তাত ক্ষত হলে তাক কোৱা হয় duodenal ulcers. দুয়োতা ৰোগতেই অনতি বিলম্বে চিকিৎসাৰ প্রয়োজন।
ইয়াৰ লক্ষণসমূহ :--
দুয়োটি ৰোগ, gastric ulcers আৰু duodenal ulcers, দুয়োটাৰ মাজত কিন্তু কিছু পাৰ্থক্য আছে। সেইয়েহে দুয়োতাকে পৃথকে পৃথকে উল্লেখ কৰা হৈছে।
Gastric ulcers :--
এই ৰোগৰ প্ৰধান লক্ষণ হল, পাকস্থলীত বেদনা বা জ্বলনৰ সৈতে তীব্ৰ বিষ। পেট খালী থাকিলে পেটৰ বিষ কমি থাকে, আৰু খোৱাৰ পিছত পেটৰ বিষ অনুভৱ বেছি হয়। সাধাৰণতে খোৱাৰ পিছত পেটৰ বিষ হোৱাই এই ৰোগৰ প্ৰধান লক্ষণ। এই বিষ বেদনা ইমানেই বেছি হয় যে কোনো জোঙা বস্তু বা বেজিৰে ফুটাই দিয়াৰ দৰে বিষ অনুভৱ হয়। যিকোনো alkali জাতীয় ঔষধ খালে বিষ কমে কিন্তু পাছত দুগুণে বাঢ়ে। খোৱা লোৱা কমি যায় আৰু ঘন ঘন বমি হয়। বমি হৈ গলে বিষ অলপ পাতল হোৱা যেন অনুভৱ হয়। ইয়াৰ ফলত দৈহিক হিন্নতা, কুষ্ঠকাঠিন্য আদিয়ে দেখা দিয়ে।
কেতিয়াবা ইয়াৰ ফলত পেটৰ ভিতৰত তেজ বাহিৰ হয়। তেজ বমি হোৱা ও অস্বাভাৱিক নহয়। কেতিয়াবা শৌচৰ লগত কলা ৰঙৰ তেজ বাহিৰ হয় আৰু কেতিয়াবা কেচা তেজ ও ওলাব পাৰে।
Duodenal ulcers :--
এই ৰোগৰ অন্য সকলোবোৰ লক্ষণ gastric ulcers ৰৰ দৰেই। তথাপি ইয়াত পাৰ্থক্য এই যে, খালী পেটত বেদনা হয় আৰু খোৱাৰ পিছত বেদনা কম হয়।
তেজ বমি ( haematemesis ) সাধাৰণতে নহয়, কিন্তু ৰক্তবাহ্য Melena বেছি হয়।
সেয়েহে চিকিৎসক সকলে এই লক্ষণ দেখি দুয়োতাৰ পাৰ্থক্য ধৰিব পাৰে বা বুজিব পাৰে।
চিকিৎসা বা Treatment :--
অনতিপলমে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাব।
আনুসংগিক ব্যৱস্থা :--
খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ ভাবে নজৰ ৰাখিব। গুৰুভূজন বা বেছি পৰিমানে কেতিয়াও খাবলৈ নিদিব। কম কমকৈ কেইবাবাৰো দিব। অলপ অলপ পাতল আহাৰ, গাখীৰ আদি, কোমল ভাতৰ লগত মাখন দিব পাৰে। পেটত ধৰিব পৰা টেঙা জ্বলা আদি ভুলটো নিদিব।
-----------------##---------------
Comments
Post a Comment