অন্ত্ৰবাৰক ঝিলিৰ জ্বলন বা peritonitis

ইয়াৰ কাৰণ :--
     নিম্ন উদৰ অৰ্থাৎ পেটৰ চব অন্ত্ৰ ইত্যাদি যি পাতল আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, তাকেই অন্ত্ৰাবাৰক ঝিলি বা peritoneum বোলা হয়।
     এই ঝিলিত জ্বলন হলে তাকে বোলে অন্ত্ৰাবাৰক ঝিলি জ্বলন বা peritonitis. পেটত আঘাত লগা, এপেণ্ডিচাইটিছ, অন্ত্ৰত বিন্ধা, অন্ত্ৰ অৱৰোধ আদি নানান কাৰণত ই হয়।

ইয়াৰ লক্ষণ সমূহ :--
১.  পেটত তীব্ৰ বিষ।
২.  শীত বা জাৰ লগা আৰু লগতে প্ৰৱল ভাবে জ্বৰ।
৩.  বমি, সিকটি, পেটত বায়ু সঞ্চয়, উগাৰ আদি হয়।
৪.  প্ৰায়ে কুষ্টকাঠিন্ন বা মল মূত্ৰ ৰুধ হব পাৰে। ৰোগী প্ৰায়ে দীঘল দি শুই থাকে, কেতিয়াবা বমিও হয়।
৫.  পূৰ্ণ বা ফিট ফিতিয়া আৰু অতি খৰ গতিৰ নাড়ী এই ৰোগৰ প্ৰধান লক্ষণ।
৬.  কেতিয়াবা বিষ অত্যন্ত বেছি হয় আৰু ৰোগীয়ে ধৰফৰাই বা বাগৰি ফুৰে।
       ৰোগীৰ পেট শকত হৈ পৰে আৰু ( rigidity) অন্ত্ৰ লৰচৰ কৰিব নোৱাৰে যাক আমি paralytics ileus বুলি কওঁ।

চিকিৎসা বা Treatment :--
 
এই ৰোগত কেতিয়াবা ৰোগীৰ অকস্মাত অত্যন্ত বেছি অসহনীয় পেটৰ বিষ হব পাৰে। সেইয়েহে শীঘ্ৰে এজন অভিজ্ঞ চিকিৎসকৰ কাষ চপাটো একান্তই বাঞ্ছনীয়।

আনুসংগিক ব্যৱস্থা :--
পেট উখহি থাকিলে গৰম পানীৰে সেক দিলে উপশম পোৱা যায়। পেটত যেতিয়ালৈকে বিষ থাকিব তেতিয়া লৈকে সুষম আৰু পাতলীয়া খাদ্য দিয়া উচিত। পেটৰ বিষ সম্পূৰ্ণ উপশম হলেহে ভাত, ডাইল, শাক পাচলি আদি দিয়া উচিত।

          ---------------##--------------

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms