Appendicitis এপেণ্ডিছাইটিছ

ইয়াৰ কাৰণ :--

        ক্ষুদ্ৰান্ত যি ঠাইত বৃহৎঅন্ত্ৰৰ সৈতে যোগ হৈছে, সেই ঠাইত এটি বাঢ়ি থকা অংশ আছে, তাকেই কোৱা হয় cecum/caceum. ইয়াৰ পৰাই আৰম্ভ হয় বৃহৎ অন্ত্ৰ। ইয়াৰ লগতে যুক্ত হৈ আছে এটি উপাঙ্গ বা vermiform Appendix. ইয়াৰ মুখ ভাগত থাকে এটি valve. এই ভালব থাকে কাৰণেই খাদ্য দ্ৰব্য উপাঙ্গত প্ৰৱেশ কৰিব নোৱাৰে। উপাঙ্গটিৰ ওপৰৰ মুখ খোলা থাকে কিন্তু অন্য মোৰ বন্ধ থাকে।
      কুষ্ঠকাঠিন্য বা অতিৰিক্ত মাংসহাৰ, অথবা উপাঙ্গত মল জমা হোৱা, মাছৰ কাঁইট, সৰু হাড়ৰ টুকুৰা বা অন্য কোনো পদাৰ্থ উপাঙ্গত প্ৰৱেশ কৰিলে উপাঙ্গৰ infection আৰম্ভ হব পাৰে আৰু তেতিয়া ইয়াত বিষ অনুভৱ হয়। আৰু এই infection হোৱা ৰোগটিকে Appendicitis এপাপেণ্ডিচাইটিছ বুলি কোৱা হয়।

B. Coil বা coli bacillus আৰু streptococcus ইত্যাদিৰ আক্ৰমনেই এই ৰোগৰ মূল কাৰণ।
এই ৰোগ চলি থাকিলে তলৰ উল্লেখিত অৱস্থা লক্ষ্য কৰা যায়।
১.  প্ৰথম অৱস্থা :-- Catarrhal Stage
            এই অৱস্থাত প্ৰথমে খাদ্যৰ টুকুৰা বা অন্য কিছু বস্তু উপাঙ্গত প্ৰৱেশ কৰি বিষৰ সৃষ্টি কৰে।

২.  ক্ষতমুল অৱস্থা- Ulcerative Stage
               এই অৱস্থাত উপাঙ্গৰ ভিতৰত ঘাঁ হয়, বা উপাঙ্গত বিন্ধা হব পাৰে।

৩.  পচনশীল অৱস্থা- Gangrenous Stage
               ই অতি বেয়া অৱস্থা। ইয়াত উপাঙ্গৰ আগ ভাগ বা প্ৰায় সম্পূৰ্ণ উপাঙ্গ গেলি যাবলৈ ধৰে। ইয়াৰ লগতে caceum আৰু ক্ষুদ্ৰ অন্ত্ৰ আক্ৰান্ত হৈ ৰোগীৰ মৃত্যু ঘটাব পাৰে।

ইয়াৰ লক্ষণ সমূহ :--
এই ৰোগৰ লক্ষণ সমূহক মুঠতে পাঁচ ভাগত ভাগ কৰিব পাৰি। যেনে-
১. পেটৰ ভিতৰত, তলপেটৰ সোঁফালে Right iliac fossa ত হঠাতে তীব্ৰ বিষ আৰম্ভ হয়।

২. নতুন ৰোগত প্ৰায়ে থাকে।

৩. জ্বৰ আৰম্ভ হয় আৰু ই ক্ৰমে বৃদ্ধি পায়।

৪. নাড়ীৰ গতি বৃদ্ধি পায়। increase pulse rate.

৫. অন্ত্ৰৰ ঝিলি আৰু অন্ন নলীত সংক্ৰমণৰ অৱস্থা।

     লক্ষণ সমূহৰ বিষয়ে পুনৰ বহল ভাবে আলোচনা কৰা হৈছে।
১.  পেটৰ মাজত অসয্য বিষ। পেটৰ মাজত বা সম্পূৰ্ণ পেটত প্ৰথমে বিষ আৰম্ভ হয়। তাৰপাছত ক্ৰমে বিষ গৈ তলপেটৰ সোঁফালে Iliac fossa ত সীমাবদ্ধ হয়। যেতিয়া লৈকে উপযুক্ত চিকিৎসা বা শল্য চিকিৎসা কৰা নহয় তেতিয়ালৈকে এই বিষ চলি থাকে। পিছৰ পৰ্যায়ত Peritonitis দেখা দিয়ে।

২.  বমি:- বমি হয়, বিষ বেছি হলে। বিষ যেতিয়া কম থাকে তেতিয়া বমি নহয়। জ্বৰ বেছি হলেও বমি হয়।

৩.  জ্বৰ অৱস্থা :--  অৱৰোধ অৱস্থাত জ্বৰ উঠে। জ্বৰ ১০০* ডিগ্ৰী ৰ পৰা ১০২* ডিগ্ৰী পয্যন্ত উঠে।
কম বেছি পৰিমাণে জ্বৰ প্রায় থাকেই। উপাঙ্গত ফুটা হৈ Peritonitis হব পাৰে। তেতিয়া কিন্তু জ্বৰ কমি যাব পাৰে। সম্পূৰ্ণ পেট টান মাৰিব পাৰে। আৰু পেটৰ বিষ অনবৰতে চলি থাকে।

৪.  নাড়ীৰ গতি বৃদ্ধি- Increase pulse rate
           জ্বৰ থকা অৱস্থাত নাড়ীৰ গতি বীৰ্দ্ধি পায়। নাড়ীৰ গতি ১০০ ৰ পৰা ১২০ পৰ্যন্ত হব পাৰে। প্ৰথম অৱস্থাত বিষ আৰম্ভ হওতেই ই নাথাকে। পিছৰ অৱস্থাত হে আৰম্ভ হয়।

৫.  অন্ননলী আৰু অন্ননলীৰ ৰোগ: -
          জিভা শুকান হয় আৰু কেতিয়াবা লেপাবিত হৈ থাকে।কেতিয়াবা এই ৰোগৰ আক্ৰমণৰ সময়তে বমি আৰম্ভ হয়। বিষ বেছি হোৱাৰ আগে আগে বমি হব পাৰে। প্ৰায়ে Peritonitis হলে বমি চলি থাকে। অনবৰতে বমি বমি ভাব থাকে। সাধাৰণতে কুষ্ঠৱদ্ধতা থাকে। কেতিয়াবা উডৰামই দেখা দিয়ে।

স্থানীয় লক্ষণ সমুহ :--
        প্ৰথমে পেট উখহা যেন লাগে। পাছত তলপেট সামান্য ফুলে। তলপেটৰ সোঁফালে হাত দিলে বিষ হয় আৰু স্পৰ্শকাতৰ হোৱা দেখা পোৱা যায়। সোঁহাতৰ rector muscle শকত হৈ পৰে। ৰোগীয়ে পেটৰ সোঁফালে হাত লগাবলৈ দিব নিবিচাৰে। Anterior, Superior, Ileace spine ৰ পৰা নাভিস্থল পৰ্যন্ত আঁচ টানিলে, সোঁহাতে তলত গোটা বস্তু এটা অনুভৱ হয়। sicum আৰু উপাঙ্গ ফুলি বিষ হোৱাৰ কাৰণেই গোটা পিণ্ডতুৰ সৃষ্টি হয়। অত্যন্ত বেছি পৰিমাণে কুষ্ঠকাঠিন্য হব পাৰে। কিছু কিছুৰ ক্ষেত্ৰত মল বা বায়ু একোৱেই বাহিৰ নহয়। তেজ পৰীক্ষা কৰিলে শ্বেত কণিকা, বিশেষকৈ polymorph বেছি সংখ্যাত পোৱা যায়।
এই ৰোগ হলে লগে লগেই অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা আগবঢ়াব। ঔষধি চিকিৎসাত কৈ শল্য চিকিৎসা এই ৰোগত বেছি ফলপ্ৰসূ বুলি ধাৰণা কৰা হয়।

চিকিৎসা বা Treatment

চিৰ্ঘে অভিজ্ঞ চিকিৎসকৰ কাষ চাপি পৰামৰ্শ লব।

আনুকসংগিক ব্যৱস্থা :--

  পেটৰ বিষ বেছি হলে hot water beg ব্যৱহাৰ কৰিব পাৰে।ৰোগীৰ পূৰ্ণ বিশ্বামৰ প্ৰয়োজন। বৰকৈ লৰা ঢপৰা কৰি ফুৰিব নালাগে। তেনে কৰিলে বিষ বেছি হব পাৰে।
পথ্য:- প্ৰথম অৱস্থাত একোৱেই খাবলৈ দিব নালাগে। বাৰ্লিৰ পানীয়, পাতলীয়া হালোৱা আদি খোৱা উচিত। পেটৰ বিষ কমি গলে সৰু চাউলৰ কোমল ভাত দিব পৰা যায়। প্ৰথম অৱস্থাত Glucose 10%  I/V দিব লাগে।

         ----------------##--------------
           

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms