Fistula in Anus

ইয়াৰ কাৰণ :--

    কুষ্ঠকাঠিন্য হোৱাৰ কাৰণে বেছি জোৰ দি শৌচ কৰোতে মলদ্বাৰ ফাটি যায়। ইয়াকে বোলা হয় Fistula বা Fistula in Anus.
     এনে হলে শৌচৰ সময়ত অত্যন্ত জ্বলন বা বিষ হয়। মলৰ লগত প্ৰায়ে তেজ ওলাই। কেতিয়াবা ইয়াৰ বাবে মলদ্বাৰত ঘাঁ হবলৈ ধৰে। কেতিয়াবা কেতিয়াবা মলদ্বাৰত ফোঁহা হয় আৰু শৌচদ্বাৰৰ নলীত ঘাঁৰ সৃষ্টি হয়।
লক্ষণ :-
শৌচ কৰাৰ সময়ত বিষ, জ্বলন আদি প্ৰধান লক্ষণ। শৌচৰ লগত পূঁজ বা তেজ বাহিৰ হয়। কেতিয়াবা ঘাঁবোৰত বেছি পৰিমাণে পূঁজ হয় আৰু ঘাঁ বোৰ গভীৰ হয়।এই ৰোগৰ যিমান পাৰি সোনকালে চিকিৎসা আৰম্ভ কৰিব পৰা যায় ৰোগীৰ বাবে মংগলজনক।

চিকিৎসা:-

ৰোগৰ প্ৰথম অৱস্থাত মলদ্বাৰ ভালকৈ ধুই pilex জাতীয় ointment ব্যৱহাৰ কৰিব লাগে।
ইয়াৰ লগে লগেই চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোগ নিৰাময়ৰ বাবে Antibiotics ৰ course আৰম্ভ কৰা উচিত।
ঔষধি চিকিৎসাত যদিহে ৰোগৰ উপশম নঘটে তেন্তে শৈল চিকিৎসা বা operation কৰাব লগা হব পাৰে।

অনুষঙ্গিক ব্যৱস্থা :--

প্ৰথম অৱস্থাত গৰম সেক আৰু নিয়মিত ভাৱে local application ব্যৱহাৰ কৰা আৱশ্যক। ইয়াৰোপৰি অধিক পৰিশ্ৰম কৰা, ঘোঁৰাত উঠা, ওখ ঠাই বগুৱা আদিৰ পৰা আঁতৰি থকা উচিত।
                   ######--######

Read and like this page and subscribed it.
Visit- www.hengdang.blogspot.com

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms