জিভাৰ জ্বলন বা Glossitis
ইয়াৰ কাৰণ :--
ভিতামিনৰ অভাৱ, ঠাণ্ডা লগা, জিভা অকস্মাত জ্বলি যোৱা, তামোল পানত বেছিকৈ চূণ খোৱা ইত্যাদি কাৰণত এই ৰোগ হয়। কেতিয়াবা আকৌ দাঁতৰ বেমাৰৰ পূঁজ লাগিও এনে হোৱা দেখা পোৱা যায়।
ইয়াৰ লক্ষণ :--
জিভা ৰঙা পৰে, ফুলি উঠে আৰু ভীষণ বিষ অনুভৱ হয়। কেতিয়াবা জিভা ফুলি মুখৰ বাহিৰলৈ ওলাই অহা দেখা যায়। জিভাৰ পৰা বহুত বেছি পৰিমাণে লালটি নিঃসৰণ হয়। খাওঁতে, গিলোতে, আৰু কথা কওঁতে ৰোগীয়ে বৰ কষ্ট অনুভৱ কৰে। শাসৰোধ হোৱাৰ উপক্ৰম হয়। জিভা প্ৰায়ে মিহি হৈ থাকে।
জিভাত প্ৰায়ে সৰু সৰু ফুচুৰি হয় আৰু তাৰ কাৰণে জিভা লৰালে বিষ অনুভৱ হয়। নিমখ, জ্বলা বা যিকোনো মচলাযুক্ত খাদ্য খাওঁতে বৰ কষ্ট হয়। প্ৰায়ে জিভা ফুলি থাকে। কেতিয়াবা এই ফুচুৰি বোৰ ফাটি যায়।
চিকিৎসা বা Treatment :--
যথাসময়ত চিকিৎসাৰ ব্যৱস্থা কৰিলে ভয়ৰ কোনো কাৰণ নাই।
আনুসংগিক ব্যৱস্থা :--
পাণৰ ৰস আৰু খাটি গৰুৰ ঘিউ গৰম কৰি জিভাত লগালে বা জিভা মালিচ কৰিলেও ঘাঁ অতি সোনকালে শুকাই যায়।
_______________##______________
আগলৈ ক্ৰমশঃ
Please visit and subscribed my blog and get regular upgraded information about prevention of disease, awareness about health and diseases.
www.hengdang.blogspot.in
Comments
Post a Comment