Hepatitis বা যকৃতৰ ৰোগ
ইয়াৰ কাৰণ :--
বহুদিন ধৰি গ্ৰহণী ৰোগত ভোগা, Melena, কলাজ্বৰ, typhoid, influenza , septic fever, yellow fever আদিত ভুগিলে অথবা নিয়মিত ভাৱে অতিৰিক্ত মদ্যপান কৰিলে Liver বা যকৃতৰ বৃদ্ধি হয় আৰু তাৰ ফলত যকৃতৰ জ্বলন আৰম্ভ হয়।
ইয়াৰ লক্ষণ :--
যকৃতৰ আকাৰ বাঢ়ি যায় আৰু ই শকত হৈ পৰে। পেটৰ সোঁফালে বিষ অনুভৱ হয়। যকৃতৰ বিষ, জ্বৰ, মূৰৰ বিষ, মুখত তিতা তিতা ভাব, লেপলেপীয়া জিভা, ভোক নলগা বা খাবলৈ ইচ্ছা নোযোৱা আদি উপখৰ্গই দেখা দিয়ে। কেতিয়াবা হালধী পানীৰ দৰে আৰু কেতিয়াবা বগা শৌচ হয়। সোঁফালৰ কান্ধত বিষ অনুভৱ হব পাৰে। কেতিয়াবা আকৌ ডিঙিৰ সোঁফালে ও বিষ অনুভৱ হব পাৰে। সোঁহাতেৰে কাম কৰিলে কষ্ট অনুভৱ হয়। পাছলৈ সুকান্ধৰ বিষ, চকু হালধীয়া, Liver ৰৰ স্থানত হেচুকিলে বিষ অনুভৱ, জোৰেৰে নিশ্বাস ললে বিষ অনুভৱ আদিও দেখা পোৱা যায়।
বমি বা বমিৰ ইচ্ছা, কুষ্ঠকাঠিন্য, উডৰামই, মূত্ৰৰ হালধীয়া বৰণ, যকৃত ক্ৰমে বৃদ্ধি পায় গৈ থকা আদি উপখৰ্গও থাকে। ৰাতি প্ৰায়ে জাৰ আৰু কঁপনিৰ সৈতে জ্বৰ থাকে। এনে হলে প্ৰায়ে পাছলৈ ই Liver Absess লৈ পৰিৱৰ্তিত হয়।
প্ৰায়ে Liver লাহে লাহে ডাঙৰ হৈ যায়, ইয়াকে বোলা হয় chirosis of Liver. যেতিয়া Liver function ত গোলমাল হয় আৰু তাৰ লগতে, জ্বৰ, বমি আৰু পিত্ত বমি হয় তেন্তে বুজিব লাগিব যে এই ৰোগ আৰম্ভ হৈ বৃদ্ধি পাবলৈ ধৰিছে।
চিকিৎসা বা Treatment :--
প্ৰথমে ৰোগৰ প্ৰকৃত কাৰণ নিদ্ধাৰণ কৰিব পৰাটো অতীব প্ৰয়োজনীয়। সেইয়েহে দক্ষ আৰু অভিজ্ঞ চিকিৎসকৰ দ্বাৰা হে চিকিৎসা আগবঢ়াব।
আনুসংগিক ব্যৱস্থা :---
১. কেচা বা কুমলীয়া অমিতা কাটিলে গাখীৰৰ দৰে যি ৰস ওলায়, সেই ৰস এক গ্লাছ পানীত ৫/৭ ফুটা মানকৈ দি দিনে দুবাৰ খালেও বেছ উপকাৰ পোৱা যায়।
২. পতলৰ পাত, ছজিনাৰ পাত আদিৰ জোল উপকাৰী। ভালকৈ সিজোৱা পুৰণি চাউলৰ ভাত, নেমুৰ ৰস আদি উপকাৰী।
-----------##--------
আগলৈ ক্ৰমশঃ
Please visit and subscribed my blog and get regular upgraded information about prevention of disease, awareness about health and diseases.
www.hengdang.blogspot.in
Comments
Post a Comment