JAUNDICE জণ্ডিচ বা পিলিয়া
চকু, ছাল আৰু প্ৰেছাব হালধীয়া ৰঙৰ হোৱাকে পিলিয়া বা জণ্ডিচ বুলি কোৱা হয়। এই ৰোগত ভোগা ৰোগীৰ তেজত bile pigment ৰ পৰিমাণ বাহি যোৱা দেখা যায়।
ইয়াৰ কাৰণ :--
১. ৰক্তকণিকাৰ red blood cells ৰ ক্ৰমাগত ভাবে ধংশ হোৱা। Haemolysis.
২. যকৃতৰ বেমাৰ বা জ্বলন। Hepatocellular.
৩. অৱৰোধক বা obstruction- যকৃতৰ উৎসৰ পৰা আৰম্ভ কৰি অন্ত্ৰ লৈকে পিত্ত প্ৰবাহৰ যি পথ, Bile channel তাৰ যি কোনো স্থানত অৱৰোধ।
৪. Hemolytic :-- মেলেৰিয়া, কলা জ্বৰ, বা বিষাক্ত সৰ্পই কামুৰিলে।
ইয়াৰ লক্ষণ :--
এই ৰোগ হলে ৰোগীৰ গাৰ ছাল, চকুৰ বগা অংশ, নাকৰ আগ ভাগ আন কি প্ৰেছাব পৰ্যন্ত হালধীয়া বৰণৰ হয়। বিচনাত যদি ৰোগীৰ গাৰ ঘাম লাগি থাকে তেন্তে বিচনাও হালধীয়া হৈ যায়। ৰোগীৰ চকু জুৰি হালধীয়া ৰঙে আৱৰি ধৰা কাৰণে ৰোগীয়ে প্ৰায় বিলাক বস্তুকেই হালধীয়া বৰণৰ দেখি পায়।
কুষ্টকাঠিন্যা বা উডৰামই হব পাৰে। ভোক নলগা, পেটৰ বিষ, মুখত তিতা স্বাদ, শৌচত বগা ফেন বাহিৰ হব পাৰে। নাড়ী বা plus ৰ গতি অতি খৰ হব পাৰে। বমি, সিকটি, পিত্তবমি, অতি অৱকসন্নতা আদি ভাব দেখা পোৱা যায়।
ইয়াৰ চিকিৎসা :--
ৰোগীৰ পিত্তকোষ সমূহক সতেজ কৰি ৰাখিবৰ কাৰণে তৎকালীন ভাবে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।
আনুকসংগিক ব্যৱস্থা সমূহ :--
১. পেটত যদি বিষ থাকে তেন্তে গৰম হেক দিলে উপকাৰ পোৱা যায়। লিভাৰৰ ঠাইত বা পেটৰ সোঁ ফালে হেক দিলে ভাল ফল পোৱা যায়।
২. অমিতা আদি ফল খুৱাব পাৰিলে ভাল।
৩. মগুৰ ডাইল, পতল, পকা কোমোৰা, কাশকল, শিঙি মাছৰ জোল আৰু কম পৰিমাণে মাখন আদি খাব পাৰিলে ভাল।
যিকোনো মছলা, ঘিঁউ, তেল, কণী, আদি বৰ্জনীয়। বিষেখকৈ মদ জাতীয় সম্পূৰ্ণ বৰ্জনীয়।
-----------##-------------
Comments
Post a Comment