Mouth cancer বা মুখত পচনশীল ক্ষত/ঘা
এই ৰোগ সাধাৰণতে কলাজ্বৰৰ শেষ অৱস্থাত হোৱা দেখা পোৱা যায়। প্ৰায়ে আলোত ঘাঁ, বা দীৰ্ঘদিন ধৰি দাঁতৰ ৰোগত আক্রান্ত হৈ থাকিলেও এই ৰোগ হব পাৰে।
অতি দুৰ্বল অৱস্থাৰ কেঁচুৱাৰ শাম বা বসন্ত, দীপথেৰিয়া আদি নানান উৎকট ৰোগত আক্রান্ত হলে এই ৰোগ হব পাৰে।
ইয়াৰ লক্ষণ সমূহ :--
দাঁতৰ আলুৰ বা গালৰ ভিতৰৰ ঘাঁ অতি শীঘ্ৰে গেলিবলৈ আৰম্ভ কৰে। তাৰ পাছত তলৰ বা ওপৰৰ গালৰ হাড়ত আক্ৰমণ কৰে। ৰোগীৰ গালত ডাঙৰ ফুটা হৈ যাব পাৰে।
অতি প্ৰবল জ্বৰ, coma, কমজোৰ নাড়ী, উডৰামই, অস্থিৰতা এনেবোৰ উপসৰ্গ ইয়াৰ লগত পৰিলক্ষিত হয়। বহুক্ষেত্ৰত ৰোগীৰ মৃত্যু পর্যন্ত হব পাৰে।
চিকিৎসা বা Treatment :--
এই ৰোগৰ প্ৰথম অৱস্থাতেই ভাল ভাবে চিকিৎসা নকৰিলে ৰোগীক আৰোগ্য কৰি তোলা অতি কঠিন হৈ পৰে।
গতিকে চিৰ্ঘে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা আগবঢ়োৱাৰ অতি আৱশ্যক।
আনুকসংগিক ব্যৱস্থা :--
ঠাণ্ডা বা সামান্য গৰম পথ্যৰ ব্যৱস্থা কৰিব লাগে। মচলা, জ্বলা, বা টেঙা জাতীয় খাদ্য সম্পূৰ্ণ বৰ্জনীয়।
-----------##-----------
Comments
Post a Comment