ডিঙিৰ বিষ বা Sore Throat
ইয়াৰ কাৰণ :--
১. পানীলগা
২. ডিঙিত ভাইৰাছ বা বীজাণুৰ আক্ৰমণ
৩. তনছিল গন্থীৰ ৰোগ (Toncil)
৪. দীপথেৰিয়া ( diphtheria )
৫. বগা ৰক্তকণিকাৰ হ্ৰাস ( Agranulocytosis )
৬. বেচিকৈ টেটুফালি চিঞৰা
৭. ডিঙিত আঘাত লগা আদি।
ইয়াৰ লক্ষণ :--
মুখৰ ভিতৰত জ্বলন, আলজিভা প্রায় অলপ ডাঙৰ হৈ যায়। আলোত জ্বলন হয় আৰু ফুলি উঠে, ইয়াৰ লগতে জ্বৰ থকাটো স্বাভাবিক।
ডিঙিৰ মাজত পিৰপিৰণি বা সুৰসুৰণি থাকে। খোৱা বস্তু গিলোতে কষ্ট হয় বা কেতিয়াবা গিলিবকে নোৱাৰে।প্ৰায়ে মূৰ ঘূৰোৱা, মুখ ৰঙা পৰা, মুখ ডাঙৰ কৈ মেলি ডিঙি পৰীক্ষা কৰিলে ডিঙিৰ ভিতৰ ভাগ অত্যাধিক ৰঙা দেখা যায়। এই ৰোগ বেছি দিন স্তায়ী হোৱাতো কিন্তু ভালৰ লক্ষণ নহয়।
চিকিৎসা বা Treatment :--
যি কোনো কাৰণতে নহওক কিয়, তৎকালে এজন ENT Specialist ৰ কাষ চপা ভাল।
আনুকসংগিক ব্যৱস্থা :--
এই ৰোগ হলে কেতিয়াও ডিঙিত ঠাণ্ডা লাগিবলৈ দিব নালাগে। ৰোগীয়ে যাতে বেছিকৈ কথা বাৰ্তা পাতিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। প্ৰথম অৱস্থাত কোমল আৰু কম পৰিমাণে পথ্য দিয়াটো উচিত। দৈ গাখীৰ, টেঙা খোৱা নিষেধ। ধূম্ৰপান একেবাৰে বৰ্জনীয়।
-----------##-----------
আগলৈ ক্ৰমশঃ
Please visit and subscribed my blog and get regular upgraded information about prevention of disease, awareness about health and diseases.
www.hengdang.blogspot.in
Comments
Post a Comment