অন্ন নলীৰ প্ৰদাহ বা জ্বলন Sprue

ইয়াৰ কাৰণ :--

   সঠিক ভাবে কি কাৰণত এই ৰোগ হয়, তাক আজিও জানিব পৰা হোৱা নাই। অথচ এই ৰোগ এক ধৰণৰ বীজাণুৰ পৰাই হয় বুলি ধাৰণা কৰা হয়।

    ভাৰতবৰ্ষত কেতিয়াবা কেতিয়াবা এই ৰোগ হৈছে যদিও খুউৱ ব্যাপক ভাবে কেতিয়াও হোৱা দেখা নাই। চীন, দক্ষিণ ভাৰতীয় দ্বীপ পুঞ্জ, দক্ষিণ এছিয়া, হিংসল আদি দেশত খুউৱ বেছি ভাবে এই ৰোগ হোৱা দেখা যায়।

ইয়াৰ লক্ষণ :--

   মুখ গহ্বৰৰ পৰা আৰম্ভ কৰি মলদ্বাৰ পৰ্যন্ত খাদ্য নলীত জ্বলন হয়। জিভা আৰু ডিঙিত বিষ হোৱা পৰিলক্ষিত হয়। জিভা আৰু আলোত ক্ষত বা ঘাঁ হোৱা দেখা যায়। উডৰামই হয়। যকৃত মানে Liver ক্ৰমে সৰু হৈ গৈ থাকে। এই বিধ ৰোগে অতি ধীৰে ধীৰে বাঢ়িব ধৰে। এই ৰোগত ৰোগী ক্ৰমান্বয়ে শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বলতা অনুভৱ কৰে। ইয়াৰ পিছত জিভাত ঘাঁ হয় আৰু প্ৰচুৰ পৰিমাণে সৰু সৰু ফোঁহা হোৱা দেখা পোৱা যায়।

    কেইমাহমানৰ পাছতেই শৌচ উডৰামইত পৰিণত হয়। প্রায় ৰোগীৰ ৫/৬ বাৰকৈ বৰ্ণহীন ফেন মিশ্ৰিত আৰু দুৰ্গন্ধ যুক্ত শৌচ হয়।ইয়াৰ উপৰিও অতিৰিক্ত পেট উখহা ও থাকে। মলৰ লগত প্ৰচুৰ পৰিমাণে চৰ্বি থাকে, সেইয়েহে এনে হয়। জিভাৰ ক্ষত বা ঘাঁ সমূহ বাহি গৈ সম্পূৰ্ণ মুখৰ ভিতৰত বিয়পি পৰে। তাৰ লগে লগে জিভা ৰঙা পৰে আৰু অত্যন্ত বিষ হয়। দেহৰ কাৰণে উপযুক্ত পৰিমাণৰ খাদ্য গ্ৰহণত অসমৰ্থ হোৱাৰ বাবে ৰোগীৰ শৰীৰ জীনহীন হৈ পৰে। গাৰ ছাল পাতল হয় আৰু খৰখৰিআ শুকান হয়। ৰক্তহীনতাই দেখা দিয়ে। এই ৰোগ প্ৰায় বছৰ ব্যাপি দীর্ঘষ্টায়ী হয়।

চিকিৎসা Treatment :--

  পৰাপক্ষত যিমান সোনকালে পাৰে এজন অভিজ্ঞ Medicine Specialist ৰ ওচৰ চাপি নিৰ্ধাৰিত চিকিৎসা কৰাব। অন্যথা বহু ধৰণৰ বিষঙ্গতিয়ে দেখা দিব পাৰে।

আনুসংগিক ব্যৱস্থা :--

  এই ৰোগত ভোগা ৰোগীৰ বাবে ঔষধত কৈ পথ্যৰ প্ৰয়োজনীয়তা বহুত বেছি। ৰোগৰ প্ৰথম অৱস্থাতেই কম কম পৰিমাণে গাখীৰ ২/১ ঘন্টাৰ মূৰে মূৰে গোটেই দিনটো খাবলৈ দিলে ভাল উপকাৰ পোৱা যায়। যদিহে গাখীৰ পোৱা নাযায় তেন্তে পকা মিঠা ফল পিটিকি অলপ অলপকৈ খুৱাই থাকিব লাগে। ফল যেনে অমিতা, কল, বেল ইত্যাদি। কোমল ভাত আৰু শিঙি মাছৰ জোল আদি দিব পাৰিলে ভাল।

     এই ভাবে খোৱাটো ক্ৰমে বঢ়াই নিব লাগে। গাখীৰ বা ফলৰ পৰিবৰ্তে hydroprotin বা protinex বা মাংসৰ ৰস বা জোল দিব পৰা যায়।

---------------------##-------------------

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms