Stomatitis বা মুখগহ্বৰ জ্বলন ৰোগ।
ইয়াৰ কাৰণ:--
পাকস্থলীৰ ক্ৰিয়াৰ গোলমালৰ কাৰণে এই ৰোগ হোৱা দেখা যায়। ইয়াৰোপৰি সৰুআই, বা জ্বৰ আদিৰ কাৰণেও ই হব পাৰে। দাঁত আৰু মুখ পৰিস্কাৰ কৈ নৰখা, বেছি পৰিমাণে পান, তামোল পান, চূণ আদি খোৱা, পুষ্টিকৰ খাদ্য বা vitamin ৰ অভাৱ। কিছু কিছু ক্ষেত্ৰত বীজাণুৰ আক্ৰমণৰ বাবেও এই ৰোগ হোৱা পৰিলক্ষিত হয়।
ইয়াৰ লক্ষণ সমূহ :--
১. মুখৰ ভিতৰৰ আৱৰণ ফুলি উঠে। ৰক্তক্ষৰণ, বিষ বেদনাৰ লগতে ঘাঁ ও হব পাৰে।
২. কেতিয়াবা কেতিয়াবা এনে ঘাঁত পূঁজ হয় আৰু মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হয়।
৩. জিভা, দাঁতৰ আলু আদি ফুলি উঠে আৰু ঘাঁ হয়।
৪. শ্বাস প্ৰশ্বাসত দুৰ্গন্ধ বাহিৰ হয়।
চিকিৎসা বা Treatment :--
এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব। চিকিৎসকৰ ওচৰলৈ যোৱাৰ পূৰ্বে যদিহে বেছি অসুবিধা হয় তেন্তে, boric acid গৰম পানীত মিহলাই মুখ কুলকুলি কৰিলে উপকাৰ পোৱা যায়।
যি ঠাইত বা অংশত ঘাঁ হয় সেই ঠাইত boro glysarine 2% বা cortola 20% ইত্যাদিৰ যি কোনো এটা লগাব পৰা যায়।
আনুকসংগিক ব্যৱস্থা :--
প্ৰত্যেক দিনেই দাঁত চাফ ৰখা আৰু মুখ ধোৱা অতি আৱশ্যক। মুক্ত বতাহত ভ্ৰমণ কৰা ভাল। কুষ্ঠৱদ্ধতা হলে তৎকালে তাৰ প্ৰতিকাৰ কৰা দৰকাৰ। vitamin C জাতীয় যেনে নেমু আদি খাব পাৰে।
---------------##----------------
আগলৈ ক্ৰমশঃ
Please visit and subscribed my blog and get regular upgraded information about prevention of disease, awareness about health and diseases.
www.hengdang.blogspot.in
Comments
Post a Comment