সন্যাস ৰোগ বা APOPLEXY

ইয়াৰ কাৰণ --
      মস্তিষ্কৰ কোনো বিশেষ স্থানৰ ৰক্ত বাহী নলীৰ ৰোগৰ ফলত, সেই স্থানৰ তেজ সঞ্চালন ক্ৰিয়াৰ বিঘিনি বা বৈষম্যৰ সৃষ্টি হয়, আৰু ইয়েই হল এই ৰোগ উৎপত্তিৰ মূল কাৰণ। অথচ এটি কাৰণতেই আকৌ মস্তিষ্কৰ ক্ৰিয়াৰ বৈষম্য নহয়। ইয়াৰ কাৰণ হল প্ৰধানকৈ তিনিটা। যেনে--

১.   মস্তিষ্কৰ কোনো এক স্থানৰ এডাল তেজ পৰিবাহী নলীৰ সূক্ষ্ম ধমনী বা হিৰা capillary চিগি যায় বা ৰক্ত ক্ষৰণ হয়। cerebral haemorrhage . যি সকল ব্যক্তি উচ্চ ৰক্তচাপ বা hypertension ৰোগত ভোগে সেই সকলৰ ক্ষেত্ৰত ইয়াক বেছি দেখা যায়।

২.    কোনো এডাল সূক্ষ্ম হিৰা বা ধমনীৰ মাজত তেজ জমা হৈ তেজ চলাচল বন্ধ হলে। তাক কোৱা হয় cereberl thrombosis.

৩.    প্ৰবাহমান তেজৰ মাজত কোনো জমি থকা তেজৰ টুকুৰা বা শৰীৰৰ অন্য কোনো সূক্ষ্ম অংশ কিবা প্ৰকাৰে ৰক্তপ্ৰবাহৰ দ্বাৰা আমাৰ মগজু বা brain ত গৈ তাৰ সুক্ষ্ম হিৰা বা ধমনীৰ তেজ চলা চল বন্ধ কৰে, তাকে আমি cerebral embolism বুলি কওঁ। হৃদপিণ্ডৰ বা heart ৰ ৰোগীৰ ক্ষেত্ৰত ইয়াক বেছি হোৱা দেখা পোৱা যায়।

ইয়াৰ লক্ষণ --

       কেতিয়াবা ধীৰে ধীৰে আৰু কেতিয়াবা হঠাতে ইয়াৰ লক্ষণ প্ৰকাশ পোৱা দেখা যায়। ৰোগী হঠাতে পৰি যায় আৰু ৰোগীৰ ইন্দ্ৰিয় জ্ঞান বা ইন্দ্ৰিয় সঞ্চালন আংশিক ভাবে বা সম্পূৰ্ণ ভাবে লোপ পাব পাৰে। ৰোগীৰ শ্বাস প্ৰশাস বা তেজ চলাচল কিন্তু বন্ধ নহয়। নাড়ীৰ গতি খৰ কিন্তু ক্ষীণ আৰু মৃদু হয়। উশাহ নিশাহত প্ৰায় ঘড় ঘৰনি শব্দ শুনিবলৈ পোৱা যায়। চকু বহল হৈ যায়। ৰোগীৰ সর্বাংগত বা অৰ্ধ অঙ্গত cramp বা হিৰামুৰী ধৰিব পাৰে।
            কেতিয়াবা কেতিয়াবা ৰোগী অজ্ঞান হোৱাৰ আগতে বমি বা বমিৰ ইচ্ছা, মূৰৰ বিষ, মূৰ্চ্চা ভাব, মূৰৰ ভিতৰত গৰম অনুভৱ, অকস্মাৎ শৌচ কৰিম যেন লগা ইত্যাদি হব পাৰে। প্ৰেছাব কম হয়। চিত্ত চাঞ্চল্য বা অস্থিৰ দেখা যায়।
           সাধাৰণতে এই ৰোগত ৰোগীৰ শৰীৰৰ অৰ্ধাংত পক্ষাঘাত হয়। মূৰ গধুৰ আৰু নাকেৰে তেজ ওলাব পাৰে। তন্দ্ৰাচন্ন ভাব, কাণৰ ভিতৰত বিশেষ এক ধৰণৰ গুমগুমনিৰ শব্দৰ অনুভৱ, নাড়ী পূৰ্ণ আৰু অতি খৰ, শৰীৰ অৱশ, চলিবলৈ ভৰিত শক্তি নোহোৱা ইত্যাদি লক্ষণ দেখা পোৱা যায়।

চিকিৎসা বা Treatment ----
         এই ৰোগ অতি আশংকাজনক। সেয়েহে লগে লগে তাৎক্ষণিক ভাৱে হু চিকিৎসাৰ ব্যবস্থা কৰিব লাগে। এই ৰোগৰ কোনো specific Treatment নাই।
          প্ৰথম অৱস্থাতেই যাতে ৰোগীৰ মৃত্যু নহয়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰোগীৰ ৰক্তচাপ সম্পৰ্কে নিশ্চিত হোৱাৰ পিছত চিকিৎসকে সেইমতে ঔষধ প্ৰয়োগ কৰিব।
          ৰোগীৰ নিদ্ৰিত বা অজ্ঞান অৱস্থা লাহে লাহে আঁতৰি গলে বুজিব লাগিব যে ৰোগী বছাৰ বা প্ৰানৰ আশা আছে। যেতিয়া ৰোগ অতি প্ৰবল হয় তেতিয়া অচেতন অৱস্থাতে ৰোগীৰ মৃত্যু হয়।

অনুষঙ্গিক ব্যৱস্থা---
          ৰোগী অজ্ঞান হৈ পৰি থাকিলে ৰোগীৰ যাতে শয্যাক্ষত বা bedsores নহয় তাৰ প্ৰতি বিশেষ ভাবে চকু ৰখা উচিত।

                  ######--######
          

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms