ব্ৰংকাইটিছ BRONCHITIS
ইয়াৰ কাৰণ :--
শিশু আৰু বৃদ্ধ সকলক এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। শ্বাস নলী আৰু তাৰ শাখা প্রশাখাৰ ক্ষুদ্ৰ ঝিলি mucous membrane আক্ৰান্ত হোৱাৰ বাবেই এই ৰোগ হয়।
বেছি সময় তিতা কাপোৰৰ মাজত থকা, ঠাণ্ডা লগা, বৰষুণত তিতা, হঠাত ঘাম বন্ধ হোৱা আদি কাৰণত এই ৰোগ হয়। যিবোৰ বীজাণু এই ৰোগৰ কাৰণ তাৰ ভিতৰত staphylococci এই হল প্ৰধান।
ইয়াৰ লক্ষণ :--
প্ৰথমে মুৰ ঘূৰাই, শৰীৰ অৱশ বোধ কৰা, জ্বৰ জ্বৰ ভাব, বুকুৰ মাজত বিষ অনুভৱ, শ্বাস কষ্ট আদি লক্ষণ প্ৰকাশ পায়। ইয়াৰ পাছৰ পৰ্যায়ত দুটি অৱস্থাত ই আত্মপ্ৰকাশ কৰে।
১. প্ৰথম অৱস্থা -
শুকান কাঁহ, উশাহ লওঁতে শ্বাস নলীত কষ্ট অনুভৱ, প্ৰথমে পাতলীয়া শ্লেমা বা খেকাৰ, পিছলৈ গড়া বা ডাঠ হালধীয়া খেকাৰ বাহিৰ হয়। জিভা ধেলঢেলিয়া বগা, লগতে জ্বৰ ও থাকে।
২. দ্বিতীয় অৱস্থা -
অতিমাত্ৰা শ্বাস কষ্ট, ডিঙিৰ ঘৰঘৰণি শব্দ, জ্বৰ ১০০ ৰ পৰা ১০৩ ডিগ্ৰী পয্যন্ত উঠিব পাৰে। গাৰপৰা আঠাৰ দৰে ঘাম ওলোৱা, চকু ৰঙা পৰি যোৱা, শুকান জিভা, হাত ভৰি ঠাণ্ডা পৰি যোৱা প্ৰেছাবৰ পৰিমাণ কমি যোৱা। যদিহে এনে লক্ষণ বিলাক দেখা পোৱা যায় তেন্তে ই Bronchitis বা ব্ৰংক- নিউমুনিয়া হব পাৰে।শিশু আৰু বৃদ্ধ লোকৰ ক্ষেত্ৰত ই মাৰাত্মক হয় আৰু ইয়াত মৃত্যুৰ হাৰ বৰ বেছি দেখা পোৱা যায়।
এই ৰোগ প্ৰায়ে chronic বা পুৰণি হয়। প্ৰায়ে কাঁহ, ব্ৰংকাছৰ জ্বলন, উশাহ নিশাহত কষ্ট, বুকুৰ ধৰফৰণী আদি হয়। মাজে মাজে ভীষণ ভাবে কাঁহ আৰু উশাহ নিখা লোৱা কষ্ট আৰম্ভ হয়। শেষৰ ফাললৈ ই হাঁপানী বেমাৰলৈ ৰুপান্ততি হয়।
চিকিৎসা বা Treatment :--
Sulpha আৰু penicillin ঔষধৰ আবিষ্কাৰৰ আগলৈকে ইয়াক এটা মাৰাত্মক ৰোগ বুলি গণ্য কৰা হৈছিল। কিন্তু বৰ্তমান আধুনিক চিকিৎসাৰ বাবে ইয়াক সিমান মাৰাত্মক বা ভয় কৰিব লগা কোনো কাৰণ নাই। মাত্র যথা চিৰ্ঘে এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব আৰু চিকিৎসা কৰাব।
অনুষঙ্গিক--
কণ কণ শিশু সকলৰ যেতিয়া এই ৰোগ হয়, তেওঁ লোকে অভিভাৱক সকলক একো বুজাই দিব নোৱাৰে, সেই ক্ষেত্ৰত এজন অভিজ্ঞ child specialist (pediatrician) ৰ কাষ চপা উচিত।
#######------######
Please read it subscribed it and put your valuable comments
Visit- www.hengdang.blogspot.com
Comments
Post a Comment