(শ্বাসযন্ত্ আৰু বুকুৰ ৰোগসমূহ) পানীলগা বা CORYZA

ইয়াৰ কাৰণ :--
    শ্বাসনলী আৰু মূৰৰ বিভিন্ন sinus ৰ জ্বলন বা বিষৰ ফলত পানীলগা ৰোগ হয়। নাকৰ শ্লিমিক ঝিলি সমূহৰ জ্বলন হলেই এই ৰোগ হৈছে বুলি ধৰিব পৰা যায়। ৰাতি ৰাতি জাগি থকা, পেটত গৰম ভাব, ঠাণ্ডা লগা, অনিয়ম আদিৰ কাৰণেও ই হব পাৰে। কেইবিধমান virus এই ৰোগৰ কাৰণ।

ইয়াৰ লক্ষণ :--
      গা, হাত ভৰিৰ বিষ, শৰীৰত ক্লান্তিবোধ, সঘনাই হামি অহা আৰু মূৰ ঘূৰোৱা বা মূৰৰ বিষ, চকু ৰঙা পৰা, উত্তপ্ত শ্বাস প্ৰশাস, তালুৰ পিৰপিৰুৱা, বাৰে বাৰে সাঁচি অহা, নাকৰ পৰা পানী ওলোৱা আদি নানান ধৰণৰ উপখৰ্গই দেখা দিব পাৰে।
         অলপ পাতলীয়া কৈ ঠাণ্ডা বা জাৰৰ অনুভৱ হয়, নাড়ীৰ গতি অতি খৰ আৰু চঞ্চল হয়, শুকান কাঁহ, মাত ভগা, আভুক, শৰীৰৰ সর্বাংগত বিষ, আদি প্ৰকাশ পোৱা দেখা পোৱা যায়।
         নাকৰ পৰা পানী ওলোৱা আৰু কেতিয়াবা চকুৰ পৰা পানী ওলোৱা এই ৰোগৰ প্ৰধান লক্ষণ। ইয়াৰ পাছৰ পৰ্যায়ত ই ক্ৰমে পকি যায়। তাৰ পাছত ঘন পূঁজৰ দৰে বা হালধীয়া অভাযুক্ত খেকাৰ বাহিৰ হবলৈ ধৰে।
        কেতিয়াবা এই পানী লগা বা চৰ্দি ক্ৰমে মূৰ বুকু আৰু বায়ু নলী আদিত জমা হয় আৰু তাৰ ফলত অন্য লক্ষণ প্ৰকাশ হোৱা দেখা পোৱা যায়।
         সাধাৰণ পানীলগা সিমান মাৰাত্মক ৰোগ নহয় যদিও তাৰ লগত যেতিয়া অন্যান্য ৰোগে আক্ৰমণ কৰে তেতিয়া কিন্তু সি মাৰাত্মক ৰূপ ধাৰণ কৰি লয়। প্ৰায়ে ইয়াৰ লগত পানীলগা জ্বৰ হয়।
     পানীলগা জ্বৰৰ সম্পৰ্কে জ্বৰৰ অধ্যায়ত আগতেই বহলাই উল্লেখ কৰি অহা হৈছে, গতিকে পুনৰ কৰাৰ আৱশ্যক নাই।

ইয়াৰ চিকিৎসা :--

  যি কোনো এজন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা লব পাৰিব।

অনুষঙ্গিক ব্যৱস্থা :--
      ৰাতি শোৱাৰ আগতে ভৰি দুখন গৰম পানীত ধুই ভালকৈ খাটি সৰিয়হৰ তেলেৰে তলুৱা পয্যন্ত মালিচ কৰিলে ভাল ফল পোৱা যায়। মিছিৰিৰ চৰবত, মৰাণ আদা আৰু গুটি জালুক পানীত উতলাই সেই পানী খালেও ভাল ফল পাব পাৰি। তুলসী পাতৰ ৰস আৰু মৌৰ ৰস মিহলাই দিনে দুই তিনিবাৰ কৈ খাব পাৰিলে ভাল।

            ########----#######

Please read it share it and subscribed it.
Visit- www.hengdang.blogspot.com

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms