কাঁহ বা Cough
ইয়াৰ কাৰণ :--
কাঁহ বা cough প্ৰকৃত্বতে নিজে কোনো ৰোগ নহয়। ই এটা লক্ষণ হে মাত্ৰ। মুখ গহ্বৰৰ পৰা হাওঁফাওঁৰ লৈকে শ্বাস নলী আৰু হাওঁফাওঁৰ যিকোনো ৰোগতেই এই কাঁহ হব পাৰে।
কাঁহ সাধাৰণতে দুই প্ৰকাৰৰ, যেনে-
১. পাতল কাঁহ বা simple cough
২. শুকান কাঁহ বা Dry cough
যক্ষ্মা ৰোগত জ্বৰ আৰু বুকুৰ মাজত বিষৰ সৈতে কাঁহ হয় আৰু কফৰ সৈতে তেজও ওলাব পাৰে। হাঁপানী ৰোগত যি কাঁহ হয়, সেই কাঁহ দিনতকৈ ৰাতি বেছি হোৱা দেখা যায়। আৰু তাৰ লগে লগে শ্বাস কষ্ট থাকে।
Pneumonia ৰোগটো পাতল কাঁহ মাজে মাজে হয়। যক্ষ্মা ৰোগৰ কাঁহত কেতিয়াবা উজ্জ্বল কেঁচা তেজ ওলাব পাৰে। পানীলগা জ্বৰ, সৰু আই আদিতো শুকান কাঁহ হব পাৰে। ইয়াৰোপৰি স্বৰ যন্ত্ৰৰ সক্ৰমিত হলে, ডিঙিৰ অলজিভা বৃদ্ধি পালে, হৃদ পিণ্ডৰ অক্ষমতাৰ কাৰণে, হাওঁফাওঁত বেছি তেজ জমা হোৱা ইত্যাদি ইত্যাদি কাৰণত কাঁহ হয় বা হব পাৰে।
কাঁহ যদিওবা অন্য ৰোগৰ উপসৰ্গ, তথাপি বহুদিন ধৰি কাঁহত ভুগিলে তলত উল্লেখ কৰা ঔষধ ব্যৱহাৰ কৰা স্বত্তেও যদি কাঁহ নাযায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ উপযুক্ত চিকিৎসা কৰোৱাটো বাঞ্ছনীয়।
ইয়াৰ লক্ষণ :--
কাঁহ শুকান বা কঠিন হলে তাৰ লগে লগেই অস্থিৰতা মূৰ ঘূৰোৱা, মুখ মণ্ডল ৰঙা পৰা, অত্যন্ত পিয়াহ লগা, ডিঙি শুকাই যোৱা, ডিঙিৰ বিষ আৰু জ্বলন হোৱা, কোষ্ঠ কাঠিন্য, ঘন ঘন প্ৰেছাব আদি লক্ষণ সমূহ প্ৰকাশ পায়। ওপৰলৈ মূৰ কৰি চিট হৈ শুলে কাঁহ বৃদ্ধি পায়। পানী খালে বা ধূমপান কৰিলেও কাঁহ বৃদ্ধি পায়। প্ৰায়ে কাঁহুতে কাঁহুতে বুকু তথা উপৰ পেটৰ বিষ হব পাৰে। প্ৰায়েই পানীলগা হাঁচিৰ লগত কাঁহ হয়।
চিকিৎসা বা Treatment
যি কোনো cough syrup বা cough expectorant সাময়িক ভাৱে ব্যৱহাৰ কৰিব পাৰে। কিন্তু কি কাৰণত কাঁহ হৈছে এই বিষয়ে এজন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা diagnosis কৰাই, তেখেতৰ পৰামৰ্শ অনুযায়ী চিকিৎসা গ্ৰহণ কৰা উচিত।
আনুসংগিক ব্যৱস্থা :--
বন্ধ কোঠাত, জেকা ঠাইত, জনসমাগম হোৱা ঠাই পৰাপক্ষত এৰাই চলিব পাৰিলে ভাল। ধূম্ৰপান, টেঙা জাতীয় খাদ্যৰ পৰাও আঁতৰি থকা উচিত। পোৱা মুক্ত বতাহত ভ্ৰমণ বেচ উপকাৰী।
######---######
Comments
Post a Comment