Epilepsy বা মূৰ্চ্চা যোৱা ৰোগ

ইয়াৰ কাৰণ --
        মৃগী বা মূৰ্চ্চা বা epilepsy হল, স্নায়ু মণ্ডলীৰ এটি বিকাৰ বা ব্যাধি। এই ৰোগত ভোগা ব্যক্তি বা ৰোগীৰ সহজে মৃত্যু নহয় যদিও মাজে মাজে হঠাতে অজ্ঞান হৈ পৰে। বংশগত ভাৱেও এই ৰোগ হব পাৰে। পিতৃ বা মাতৃৰ যদি এই ৰোগ থাকে তেন্তে সন্তানৰ এই ৰোগ হোৱাৰ সম্ভাৱনা প্ৰবল হয়। ইয়াৰোপৰি আঘাট লগা, নানা সংক্ৰামক ৰোগ, বেছি পৰিমাণে নিচা জাতীয় দ্ৰব্য ব্যৱহাৰ বা বেছিকৈ মদ আদি খোৱা, শাৰীৰিক আৰু মানসিক অৱসন্নতা এই ৰোগৰ সৃষ্টিৰ মূল কাৰণ বুলি কব পাৰি।

ইয়াৰ লক্ষণ সমূহ ----
         ৰোগী হঠাতে বা অকস্মাৎ অচেতন হৈ মাটিত বাগৰি পৰে। ৰোগৰ লক্ষণ প্ৰকাশ হোৱাৰ আগতে মূৰ ঘূৰাই, চকুৰ দৃষ্টি অস্পষ্ট হয়, কাণত ভূ ভূ শব্দ কৰে, গাৰ বিষ কঁপনি, মুৰ ৰিমজিম কৰা  আদি লক্ষণ দেখা দিয়ে। প্ৰায়ে ৰোগী কঁপি কঁপি পৰি যায়। সম্পূৰ্ণ শৰীৰত কম্পন দৃষ্টি গোচৰ হয়। হাতৰ আঙুলি কোঁচ খায় যায়, জিভা জঠৰ হৈ পৰে,  মুখ মণ্ডল প্ৰথমে হালধীয়া হৈ পাছত ৰঙা পৰি যায়, প্ৰায়ে মুখেৰে ফেন বাহিৰ হয়। হাত ভৰি আদিয়েদি ঠাণ্ডা আৰু আঠা আঠা ঘাম বাহিৰ হয়। ৰোগীৰ অজ্ঞানে শৌচ বা প্ৰেছাব হব পাৰে। কেতিয়াবা ৰোগীৰ দুয়ো পাৰি দাঁতৰ মাজত জিভা পৰি কামোৰ খাব পাৰে।
        সাধাৰণতে প্ৰায় ১৫/৩০ মিনিটৰ ভিতৰত উপখৰ্গ সমূহ কমি আহে, তেতিয়া ৰোগীৰ টোপনি আহে। মাজে মাজে এনে হয়। ইয়াৰ ফলত ৰোগীৰ উদ্দমাদ ৰোগ বা পক্ষাঘাত ৰোগ হব পাৰে।

হিষ্টিৰীয়া, মৃগী আৰু সন্যাস ৰোগৰ পাৰ্থক্য--

                  যুৱতী নাৰী বা মহিলাৰ হিষ্টিৰীয়া ৰোগ বেছি হয় আৰু এই ৰোগত আক্রান্ত ৰোগী সম্পূৰ্ণ চেতনা শূণ্য নহয়। সন্যাস ৰোগত মৃগী ৰোগৰ দৰে কম্পন আদি নাথাকে, মৃগী ৰোগত কম্পন বেছি হয় আৰু সন্যাস ৰোগত ৰক্ত চাপ বীৰ্দ্ধি হয়।

চিকিৎসা বা Treatment--

     অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰাইহে চিকিৎসা কৰাব।

অনুষঙ্গিক ব্যৱস্থাৰ ভিতৰত এনে ৰোগত ভোগা ব্যক্তিযে গাড়ী, চাইকেল, মতৰচাইকেল আদি চলোৱাৰ পৰা আঁতৰি থকা উচিত। ফুৰিবলৈ বা বেছি দূৰলৈ অকলশৰীয়াকৈ যোৱা অনুচিত।

            #########---#########

Comments

  1. কেনেকুৱা doctor সহায় লোৱাটো প্ৰয়োজন জনাবচোন please ম‌ই নিজে ভুগি আছো ।

    ReplyDelete

Post a Comment

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms