FEMALE DISEASES বা স্ত্ৰী-ৰোগ
নাৰীৰ জৰায়ু , ডিম্ব কোষ, গৰ্ভাৱস্থা আৰু ঋতু অৱস্থাৰ নানান ৰোগ বা বিসংগতি স্ত্রীৰোগত অন্তৰ্ভুক্ত। সেয়েহে স্ত্রী ৰোগ সম্পৰ্কে বিতংকৈ উল্লেখ কৰা হৈছে।
প্ৰথম ঋতু বিলম্ব বা Delayed Menstruations
ইয়াৰ কাৰণ :--
আমাৰ দেশত সাধাৰণতে ১৪ ৰ পৰা ১৫ বছৰ বয়সত প্ৰথম ঋতু মতি বা ঋতুশ্ৰাৱ হয়। কিন্তু কেতিয়াবা কোনো ছোৱালী বা নাৰীৰ ক্ষেত্ৰত ই পলম হোৱা দেখা যায়। শৰীৰৰ নানান গ্ৰন্থিৰ কৰ্ম ক্ষমতাৰ অভাৱ, দুৰ্বলতা, দীৰ্ঘদিন ধৰি কিবা অন্য ৰোগত আক্ৰান্ত হৈ থকা এনেবিলাক কাৰণতে ই পলম হোৱা দেখা যায়। ডিম্ব কোষৰ পৰা নাৰীৰ যি যৌন হৰমুন ( sex hormone ) নিঃসৰণ হয় তাৰ জৰিয়তে নাৰীৰ প্ৰথম ঋতু আৰম্ভ হয়। এই হৰমুনৰ ঠিক মতে নিঃসৰণ নহলেও নাৰীৰ এই ৰোগ হব পাৰে। প্ৰায়ে স্নায়ুবিক দুৰ্বলতাৰ কাৰণেই এনে হোৱা দেখা পোৱা যায়।
ইয়াৰ লক্ষণ :--
ৰোগীৰ অনবৰতে মূৰ গধুৰ গধুৰ লাগে, মূৰৰ বিষ হব পাৰে, অলপতে বুকু ধৰফৰাব পাৰে, মাজে সময়ে শ্বাস প্ৰশাসত কষ্ট অনুভৱ হয়, ভৰিৰ কৰঙন ভাগ গধুৰ লাগে আৰু বিষ অনুভৱ হব পাৰে।
কেতিয়াবা কেতিয়াবা পেট বুকু আৰু স্তনত বিষ অনুভৱ হয়। উপযুক্ত বয়স হোৱাৰ পাছতো ঋতু বা মাহেকীয়া নহয়।
ইয়াৰ চিকিৎসা--
এজন অভিজ্ঞ স্ত্ৰী ৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱাই চিকিৎসা কৰাতো উচিত।
অনুষঙ্গিক ব্যৱস্থা--
বেছি ঠাণ্ডা লগোৱা, ঠাণ্ডা পানীত স্নান, অনিদ্ৰা বা টোপনি খটি কৰা গৰম মছলা আৰু উত্তেজক খাদ্য এৰাই চলা উচিত।
-----------$$-----------
ৰজহঃ ৰোধ বা Amenorrhea
ইয়াৰ কাৰণ--
ঋতু বা menstruation আৰম্ভ হোৱাৰ পাছত কেতিয়াবা কেতিয়াবা ইয়াৰ সময়ৰ খেলি মেলি বা বন্ধ হৈ যায়। ৰক্তহীনতা বা anaemia, যক্ষ্মা ৰোগ, thyrotoxicosis, বেচিকৈ সাঁতোৰা, বেছি খং, শোক, মানসিক দুখঃ চিন্তা, ভয় সোমোৱা, আদি নানান কাৰণত এনে হব পাৰে। কিন্তু মনত ৰাখিব লগীয়া স্বাভাৱিক কাৰণটো হল গৰ্ভধাৰণ বা pregnancy.
ইয়াৰ লক্ষণ ---
প্ৰথম ঋতু পলম হোৱাৰ কাৰণে যিবোৰ লক্ষনে দেখা দিয়ে ইয়াতো প্ৰায় সেই বোৰ লক্ষণ এই প্ৰকাশ পায়। ইয়াৰোপৰি কুষ্ঠ কাঠিন্য, পেট বিষ, বমি বমি ভাব বা বমি হোৱা আদি লক্ষণ দেখা পোৱা যায়।
চিকিৎসা বা Treatment ----
এজন অভিজ্ঞ স্ত্ৰী ৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱাই সেই মতে ব্যৱস্থা গ্ৰহণ কৰিব।
----------------$$$----------------
অনিয়মিত ঋতু বা Irregular Menstruations
ইয়াৰ কাৰণ ---
সাধাৰণতে নাৰীৰ মাহেকীয়া ঋতু শ্ৰাৱ পাঁচৰ পৰা সাত দিন পয্যন্ত থাকে। সেই সময়ত মুঠ ২০০ ৰ পৰা ৩০০ ML তেজ বা শ্ৰাৱ নিৰ্গত হয়। প্ৰায় ২৮ দিনৰ অন্তৰে অন্তৰে নাৰীৰ এই ঋতু চলি থাকে। কিন্তু যদিহে বেছিকৈ ঠাণ্ডা লগা, ৰক্তহীনতা আদি থাকে তেন্তে ই নিৰ্ধাৰিত সময়ত নহবও পাৰে। কেতিয়াবা ৩০/৩৫ দিনলৈকে আৰু কেতিয়াবা আকৌ ৪০/৫০ দিন বা তাটোতকৈও বেছি দেৰি হৈ যোৱা দেখা পোৱা যায়। অন্যহাতে কেতিয়াবা আকৌ ১০/১৫ দিনৰ পাছতেই পুনৰ আৰম্ভ হয়। এনে অৱস্থাত কেতিয়াবা অত্যাধিক শ্ৰাৱ হোৱাৰ বাবে ৰোগী অতি দুৰ্বল হৈ পৰে। ডিম্ব কোষৰ ডিম্ব নিঃসৰণৰ অনিয়ম বা খেলিমেলিৰ বাবেই এনে হয়।
ইয়াৰ লক্ষণ ---
ৰক্ত শ্ৰাৱ হঠাতে বন্ধ হৈ যায়, ৫০/৬০ দিন পয্যন্ত পুনৰ নহবও পাৰে। হঠাৎ পুনৰ আৰম্ভ হৈ শ্ৰাৱ ২/৩ টুপালকৈ ১৫/২০ দিনলৈকে চলি থাকে। পুনৰ আকৌ ৩০/৪০ দিনত আৰম্ভ হয়।
চিকিৎসা--
যথা সম্ভৱ এজন স্ত্ৰী ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লব।
. -----------$$------------
ঋতু শ্ৰাৱ বেছি হোৱা বা অতি ৰজঃ বা MENORRHAGIA
ইয়াৰ কাৰণ ---
Menorrhagia ৰ কাৰণ সমূহৰ ভিতৰত তলত উল্লেখ কৰা কাৰণ সমূহেই অন্যতম বা উল্লেখযোগ্য--
১. জৰায়ু বা যোনি পথত ফোঁহা tumor ৰৰ উৎপত্তি।
২. জৰায়ু গহ্বৰত cerivx cancer.
৩. ডিম্ব কোষ বা ডিম্ববাহী নলীত সংক্ৰমণ বা জ্বলন।
৪. জৰায়ুৰ স্থানচ্যুত বা স্থান সলনি।
৫. কিছু কিছু ক্ষেত্ৰত প্ৰথম ঋতু শ্ৰাৱ পলমকৈ হোৱাৰ কাৰণে বিভিন্ন গন্থী সমূহৰ secretion বা অন্তৰস নিঃসৰণৰ খেলিমেলি বা পলমৰ বা বিলম্বৰ কাৰণে যি উপস্থিত হয় সেই সকলো কাৰণ। ইয়াৰোপৰি অতিৰিক্ত সম্ভোগ, উৎকট মানসিক চিন্তা, বাৰে বাৰে বা সঘনে গৰ্ভধাৰণ এই ৰোগৰ প্ৰধান কাৰণ।
ইয়াৰ লক্ষণ ---
১. নাৰীৰ মাহেকীয়া বা ঋতুৰ আগমনৰ সময়ত বেছি পৰিমাণে ৰক্ত নিঃসৰণ হলে অথবা -
২. ঋতু শ্ৰাৱ নিৰ্দিষ্ট দিনতকৈ বেছি দিন ষ্টায়ী হলে বা-
৩. তিনি চাৰি সপ্তাহৰ ভিতৰত দুই বা তাতকৈ বেছি ঋতুস্ৰাৱ হলে তাকেই menorrhagia বুলি গণ্য কৰা হয়। সেয়েহে নিয়মিত সময়ৰ আগত বা পাছত কম বা বেছি দিন স্থায়ী হব পাৰে। নাৰীৰ ৰক্তনিবৃত্তি বা Menopause ৰ সময়ত কোনো কোনো নাৰীৰ এনে হোৱা দেখা যায়।
চিকিৎসা বা Treatment ---
বিশেষকৈ জৰায়ুৰ দুৰ্বলতাৰ কাৰণেই এনে ৰোগ হয়। সেয়েহে দেৰি নকৰি এজন অভিজ্ঞ Gynaecologist ৰ পৰামৰ্শ লোৱা উচিত।
আনুষঙ্গিক ব্যৱস্থা--
ৰোগীক যথাসম্ভৱ মানসিক আৰু শাৰীৰিক ভাবে আৰামত ৰাখিব লাগে।
#####---#####
বাধক বেদনা বা Dysmenorrhea
ইয়াৰ কাৰণ --
ৰক্তশ্ৰাৱ বা ঋতুশ্ৰাৱৰ খেলিমেলি বা গোলমালৰ কাৰণে তলপেট বা কঁকালত ভীষণ ভাবে বিষ হয়। ইয়াকে dysmenorrhea বুলি কোৱা হয়। সাধাৰণতে দুটা প্ৰধান কাৰণত এই dysmenorrhea হোৱা দেখা যায়। যেনে--
১. নাৰীৰ প্ৰজনন স্থলীৰ গন্থী সমূহ সক্ৰমিত হৈ তাত ৰক্তচাপ বীৰ্দ্ধি হোৱাৰ ফলত।
২. জৰায়ুৰ ভিতৰত পেখি সমূহৰ অস্বাভাৱিক আৰু প্ৰবল সংকোচন হোৱাৰ বাবে।
ইয়াৰ ভিতৰত দ্বিতীয়টো কাৰণতে বেছি হোৱা দেখা পোৱা যায়।
লক্ষণ---
মাহেকীয়া ঋতুশ্ৰাৱ খুব কম পৰিমাণে হয়। অলপ অলপ ঋতু শ্ৰাৱ হয় আৰু তাৰ লগতে জৰায়ু আৰু তলপেটত বিষ হয়। দুৰ্বলতা, মূৰৰ বিষ, মূৰ ঘূৰোৱা, আলস্য ভাব, বমি ভাব বা বমি আদিৰ লক্ষণ দেখা পোৱা যায়।
চিকিৎসা বা Treatment--
সাধাৰণতে এই ৰোগ যদি জন্মগত হয় তেন্তে উপযুক্ত চিকিৎসা কৰিলে বা কৰালেও ই সিমান সহজে আৰোগ্য নহয়। যদিহে ই জন্মগত নহয় তেন্তে অলপ ভাল চিকিৎসা কৰিলেই ই সম্পূৰ্ণৰূপে আৰোগ্য হয়। অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব।
########--########
ডিম্বকোষৰ প্ৰদাহ বা Oophoritis
ইয়াৰ কাৰণ --
নাৰীৰ ডিম্বকোষত নানান বীজাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। এই বীজাণু সমূহ যোনি পথেৰে ডিম্ব বাহী নলী হৈ ডিম্বকোষত প্ৰবেশ কৰে আৰু ইয়াত সংক্ৰমণ বা ৰোগৰ সৃষ্টি হয়।
কিবা প্ৰকাৰে ডিম্ব কোষত আঘাত লগা বা বীজাণুৰ সংক্ৰমণ এই দুটাৰ যি কোনো এটা কাৰণত ই হব পাৰে।
ইয়াৰ লক্ষণ --
যোনিৰ ওপৰ ভাগত বা তলপেটত বিষ, নাভি আৰু কঁকালৰ কতকটনি, লৰচৰ কৰিলে বিষ বীৰ্দ্ধি হোৱা, লগতে জ্বৰ, বমি বা বমি ভাব আদিয়ে প্ৰধান।
চিকিৎসা বা Treatment---
এই ৰোগত আক্রান্ত ৰোগীৰ ভয় কৰিব লগীয়া তেনে একো নাই। মাত্ৰ এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসা গ্ৰহণ কৰিব।
########----#########
গৰ্ভপাত বা Abortion
ইয়াৰ কাৰণ ---
স্বাভাৱিক ভাবে গৰ্ভপাত দুটা প্ৰধান কাৰণত হব পাৰে। কেতিয়াবা হঠাতে ভয় খাই বা মানসিক আঘাত লাগি, অন্যহাতে অত্যাধিক দৈহিক শ্ৰম কৰাৰ বাবে। যাক কোৱা হয় Threatened . আনহাতে কিছু কিছু নাৰীৰ গৰ্ভ সম্পূৰ্ণ দহ দিন দহ মাহ ( তথাকথিত) বা ২৮০ দিন পেটত নাথাকে, দুই তিনি মাহ বা তাৰ আগতেই নিজে নিজেই গৰ্ভপাত হৈ যায়। যাক আমি habitual abortion বুলিও কওঁ।
চিকিৎসা--
এজন অভিজ্ঞ স্ত্ৰী আৰু প্ৰখুটি ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।
#######---######
বগাস্ৰাৱ বা Leucorrhea
ইয়াৰ কাৰণ --
নাৰীসকলৰ ক্ষেত্ৰত ই এটা অতি আমনি দায়ক ৰোগ। সাধাৰণতে বীজাণুৰ আক্ৰমণ বা infection ৰ বাবে এই ৰোগ হয়। কেতিয়াবা কোনো নিৰ্দিষ্ট বীজাণুৰ পৰাও ই হয়। তেতিয়া ইয়াক non specific বুলি গণ্য কৰা হয়। candida, trichomonas আদি নানান ধৰণৰ fungus ৰ পৰা এই ৰোগ হব পাৰে। অন্য হাতে gonococcal ৰ পৰাও ই হব পাৰে।
ইয়াৰ লক্ষণ --
নিৰ্ধাৰিত সময়ত ঋতুস্ৰাৱ বন্ধ হোৱাৰ পাছতো, ঘন ঘন বগা বৰণৰ শ্ৰাৱ জৰায়ুৰ পৰা বাহিৰ হৈ থাকে। ইয়াৰ লগতে মূৰ ঘুৰণি, মূৰৰ বিষ, দুৰ্বলতা, যৌনাঙ্গত খজুৱতি আদি নানা লক্ষণ দেখা পোৱা যায়।
চিকিৎসা---
চিকিৎসকৰ পৰামৰ্শ অনুযায়ী পৰীক্ষা নিৰীক্ষা কৰাব আৰু চিকিৎসা ললে উপকাৰ পাব।
অনুষঙ্গিক ব্যৱস্থাৰ ভিতৰত স্বাস্থ্য বিধি আৰু পৰিস্কাৰ পৰিচন্নতাই প্ৰধান।
#######--#######
দুই ঋতুৰ মাজৰ সময়ত ৰক্ত শ্ৰাৱ বা metrorrhagia
আমি সকলোৱে সাধাৰণতে জানো যে মহিলাৰ প্ৰতি ২৮ বা ৩০ দিনৰ মূৰে মূৰে ঋতু বা মাহেকীয়া হয়। যদি ইয়াৰ মধ্যৱৰ্তী সময়ত অৰ্থাৎ এবাৰ ঋতু শেষ হোৱাৰ ১০/১২ দিনৰ পিছত পুনৰ ঋতু হয়। ইয়াৰ পিছত নিৰ্দিষ্ট সময়ৰ মূৰত আকৌ হয়। ইয়াকে বোলা হয় metrorrhagia. হৰমুনৰ গোলমাল বা বিসংগতি, জৰায়ুৰ দুৰ্বলতা, যৌনাঙ্গত বীজাণুৰ প্ৰদূষণ ইত্যাদি নানান কাৰণত ই হব পাৰে।
লক্ষণ---
মাহেকত দুবাৰ দুবাৰ ৰক্ত শ্ৰাৱ, কেতিয়াবা কম আৰু কেতিয়াবা বেছি হয়। কেতিয়াবা এই শ্ৰাৱ কলা ৰঙৰ হয় আৰু তল পেটৰ বিষ হব পাৰে। শৰীৰ ক্ৰমে দুৰ্বল হৈ পৰে, মুৰ ঘূৰাই, লগতে anaemia হব পাৰে।
ইয়াৰ চিকিৎসা বা Treatment----
১. বীজাণুৰ প্ৰদূষণ থাকিলে তাৰ বাবে চিকিৎসা কৰাব।
২. যদিহে জৰায়ু দুৰ্বল হয় তেন্তে তাৰ চিকিৎসা কৰাব।
৩. জৰায়ু বহি গলে Restroversion আৰু নামি গলে prolapse, তাৰ চিকিৎসা কৰাব।
৪. হৰমুনৰ বিসংগতিৰ কাৰনে যদি হয় তেনেহলে তাৰ বাবে চিকিৎসা কৰাব।
########--#######
গৰ্ভ নিৰ্ণয় বা Diagnosis of pregnancy
1. Mench বা মাহেকীয়া ঋতু বন্ধ, যি নাৰীৰ স্বাভাৱিক ভাবে menstruetion হৈছিল সি হঠাতে বন্ধ হৈ যায়।
2. Morning sickness, বা ৰাতিপুৱা শুই উঠাৰ পাছতেই অলপ পানী বমি হব পাৰে। দুই তিনি মাহৰ পাছত ই কমি যায়।
3. পেট গধুৰ গধুৰ লাগে আৰু স্তন ভাৰী অনুভৱ হয়।
4. ঘন ঘন প্ৰসাৱ হয়, পিছলৈ ই কমি আহে।
5. কোষ্ঠ কাঠিন্য, অনিদ্ৰা, কোনো কোনোৰ ক্ষেত্ৰত বিশেষ কিবা বস্তু বা কেতিয়াবা অখাদ্য খাবলৈ প্ৰবল ইচ্ছা হব পাৰে।
6. স্তনৰ ৰং বেঙুনীয়া হয়, হাতেৰে টিপি চালে বিষ অনুভৱ হয়, পাছলৈ স্তনৰ আগভাগত টিপিলে পনিয়া ৰস বাহিৰ হয়।
7. তিনি চাৰি মাহৰ পাছত গৰ্ভৱতী মহিলাৰ পেট প্ৰায় দৃষ্টিত পৰা হয়। পেটৰ ভিতৰত সন্তানৰ movement বা লৰ চৰ অনুভৱ কৰিব পাৰি। মাতৃৰ স্তনযোগল আৰু পুষ্ট হৈ উঠে।
8. পেটত হাত দিলে বৰ্ধিত জৰায়ুৰ সহজে উমান পোৱা যায়, ইয়াৰোপৰি ভ্ৰনৰ উপস্থিতি গম পোৱা যায়।
9. জৰায়ু মাজে মাজে কেতিয়াবা সংকুচিত হয় আৰু তেতিয়া পেট টান হৈ পৰে।
10. গৰ্ভৱতী মহিলাৰ পেটত ষ্টেটস্কপৰ দ্বাৰা পৰীক্ষা কৰিলে গৰ্ভজ্জাত সন্তানৰ বা ভ্ৰনৰ heart sound শুনিবলৈ পোৱা যায়।
11. যোনি প্ৰায় নিলাভ বৰণৰ হয় আৰু অত্যন্ত কোমল হৈ পৰে।
12. প্ৰথমাৱস্থাতেই প্ৰসাৱ পৰীক্ষা কৰিলে বিশেষ ভাবে গৰ্ভ ধাৰণ নিশ্চিত হব পাৰি। pregnancy test kit আজিকালি সহজে উপলব্ধ।
13. গৰ্ভৱতী মহিলাৰ পেটৰ X-ray বা ultrasound sonography কৰিলে গৰ্ভস্থ ভ্ৰনৰ বা সন্তানৰ স্থিতি আৰু আকাৰ ভালকৈ ধৰিব পাৰি। কিন্তু বিশেষ আৱশ্যক নহলে X-ray আদি নকৰুৱাই ভাল। মুঠ গৰ্ভ কাল ২৮০ দিন বা ৯মাহ ৭ দিন বুলি ধৰি লব পাৰি।
#########----########
লিখনি টি পঢ়ি কেনে পালে comment box ত আপোনালোকৰ বহুমূলীয়া উপদেশ পালে নথৈ ধন্য হম। সমূহ লিখনি সমূহ পঢ়িবৰ বাবে চাওক www.hengdang.blogspot.com আৰু ইয়াক subscribed কৰক।
বহুতো নজনা কথা জানিলোঁ আৰু জানিবৰ বাবে পঢ়িলোঁ মানে মই কিছুমান সমস্যাত ভুগিছো গতিকে কাৰণ বোৰ কি পঢ়ি জানি পালোঁ
ReplyDelete