Giardiasis
ইয়াৰ কাৰণ :--
এক বিশেষ জাতীয় বীজাণুৰ পৰা এই ৰোগৰ উৎপত্তি হয়। এই বীজাণুৰ আক্ৰমণৰ নাম giardiasis infection, এই বীজাণু, ক্ষুদ্ৰান্ত, বৃহৎ অন্ত্ৰ, Cecum আৰু Colon ৰ মাজত সোমাই বাস কৰে।
গ্ৰীষ্ম প্ৰধান অঞ্চলত ই বেছি হয়। (tropical region). কম সময়ৰ শিশু সকল এই ৰোগত বেছি আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৰ বেছি। এইবুলি বয়ষ্ক সকলো ইয়াৰ পৰা হাত সাৰি নাযায়। এই জাতীয় বীজাণুবোৰ কেঁচা ফলমূল, দূষিত শাক পাচলিৰ জৰিয়তে পেটত প্ৰবেশ কৰে। ই আমাৰ পাকস্থলী, অন্ত্ৰ, লিভাৰ আৰু পিত্ত কোষত বাস কৰি বংশ বৃদ্ধি কৰে। ই পিত্ত কোষৰ ৰসৰ মাজত জীৱন নিৰ্বাহ কৰে।
ইয়াৰ লক্ষণ :--
এই ৰোগৰ আক্ৰমণ বেছি হলেই পেত উসহা বা উডৰামই, লগতে দিনে কমেও ৬/৭ বাৰকৈ হালধীয়া বৰণৰ পাতল পাইখানা হয়। ই নিজে নিজে কমি যায় যদিও পুনৰ দুই চাৰি দিনৰ মূৰে মূৰে হৈয়ে থাকে। ইয়াৰ মাজৰ সময়ছোৱাত শৌচ প্ৰায়ে সাধাৰণ অৱস্থাত থাকে। তথাপিও শৌচৰ লগত বিজলুৱা পদাৰ্থ বাহিৰ হৈ থকা দেখা পোৱা যায়। পৰিপাক যন্ত্ৰৰ গোলমালৰ বাবে ৰোগীৰ শৰীৰ ক্ৰমে ক্ষীণ আৰু অতি দুৰ্বল হৈ পৰে। টেঙা টেঙা গোন্ধ যুক্ত শৌচ হয় আৰু শৌচ পৰীক্ষা ( stool test) কৰিলে cyst পোৱা যায়।
অন্য লক্ষণ সমূহৰ মাজত আভুক, অধিক দুৰ্বলতা, প্ৰায়ে বমি বমি ভাব, পেট বিষ আদি দেখা পোৱা যায়। ৰোগ যদিহে কম পৰিমাণে থাকে তেনে অৱস্থাত সামান্য ভাৱেহে পেটৰ অসুখ থাকিব পাৰে।ৰোগ নিৰ্ণয়ৰ প্ৰধান উপায় হল, শৌচ পৰীক্ষা বা stool test ৰ দ্বাৰা giardia cyst ধৰা পেলোৱা।
ইয়াৰ চিকিৎসা বা Treatment :--
এজন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা আগবঢ়াব। বিশেষ চিন্তাৰ কাৰণ নাই যদিহে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ পাতি ব্যৱহাৰ কৰে।
অনুষঙ্গিক ব্যৱস্থা:--
বিশেষ কোনো বাধ্য বাধকটা নাই যদিও খোৱা লোৱাৰ ক্ষেত্ৰত অলপ চকু ৰখা দৰকাৰ। বিশেষকৈ খোৱা পানীৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত।
#####-------####
Please read it and give your valuable comments and subscribed it.
Visit- www.hengdang.blogspot.com
Comments
Post a Comment